হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰাৰ আগত কি ঘটিছিল ?

২৮ আগষ্ট ২০১৫ ৷এই দিনটোতে কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷
  • অৰূপ কলিতা

২৮ আগষ্ট ২০১৫ ৷ ৬ বছৰ আগৰ আজিৰ দিনটোৰ কথা ৷ এই দিনটোতে কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ কংগ্ৰেছ দলত সুদীৰ্ঘ কাল কটোৱাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিত যোগদানে অসমৰ ৰাজনীতিৰ বতাহো সলনি কৰি দিছিল ৷ বিজেপিত যোগদানৰ ছবছৰৰ ভিতৰতে তেওক অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ’ল ৷ কংগ্ৰেছত দুটা দশক কটোৱাৰ পাছতো কিন্তু তেও মুখ্যমন্ত্ৰীত্বৰ বাবে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল ৷ শেষত সেই সপোন আধৰুৱা হৈ ৰোৱাত হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰিবলগীয়া হ’ল ৷ অথচ কংগ্ৰেছৰ মূল নেতা ৰাহুল গান্ধী আছিল হিমন্ত বিশ্ব শৰ্মাৰ সমসাময়িক ৷ কিয় ৰাহুল হিমন্তৰ বাবে পথৰ হেঙাৰ হৈ পৰিল , কি পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিবলগীয়া হ’ল , কংগ্ৰেছ এৰাৰ আগত ছোনিয়া গান্ধীয়ে কি কৈছিল হিমন্ত বিশ্ব শৰ্মাক – এই সকলোবোৰ কথাৰে ‘দ্য ক্ৰছকাৰেন্ট’ৰ এই বিশেষ প্ৰতিবেদন ৷

স্কুল

ড: হিমন্ত বিশ্ব শৰ্মা আৰু ৰাহুল গান্ধী – বয়সৰ জোখত দুয়োজন সমসাময়িক ৷ৰাহুল গান্ধীতকৈ হিমন্ত বিশ্ব শৰ্মা  মাত্ৰ ১৬ মাহৰ জ্যেষ্ঠ ৷ ড: শৰ্মাৰ জন্ম ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত৷ ৰাহুল গান্ধীৰ ১৯৭০ চনৰ ১৯ জুনত ৷ দুয়োজন ৰাজনীতিকেই কেৰিয়াৰৰ পাতনি মেলিছে কংগ্ৰেছ দলৰ মজিয়াত ৷ একেটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰা দুয়োজন নেতাৰ মাজত থাকিব লাগিছিল গভীৰ আন্তৰিক সম্পৰ্ক ৷একেটা প্ৰজন্মৰ নেতা হোৱাৰ সূত্ৰে তেওলোক হ’ব লাগিছিল অভিন্ন হৃদয়ৰ বন্ধু ৷ আনন্দ বা দুৰ্যোগৰ মুহূৰ্তত  ইজন সিজনৰ বাবে সহায়ৰ হাত হ’ব লাগিছিল ৷ কিন্তু নহ’ল ৷বৰং এনে এটা সময় আহিল , যেতিয়া ৰাহুল গান্ধীয়ে অপমান কৰাৰ অভিযোগ তুলি ড: হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হ’ল ৷

বয়স অনুসৰি দুয়োজন ৰাজনীতিক যদিও একে সময়ৰ , একে বয়সৰ  তেওলোকৰ গতিপথ  কিন্তু সম্পূৰ্ণ ভিন্ন ৷ কাহিনী আৰম্ভ কৰা যাওক স্কুলৰ পৰাই ৷ ১৯৮৪ চনত হিমন্ত বিশ্ব শৰ্মা আছিল কামৰূপ একেডেমীৰ দশম শ্ৰেণীৰ ছাত্ৰ ৷ সেইবছৰ তেও বিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় ৷ একেটা বছৰত ৰাহুল গান্ধীক নিৰাপত্তাজনিত কাৰণত বোৰ্ডিঙ স্কুলৰ পৰা আনি নামভৰ্তি কৰোৱা হয় দিল্লীৰ সম্ভ্ৰান্ত চেইন্ট কোলুম্বা স্কুলত ৷ ১৯৮৪ ৰ অক্টোবৰ মাহৰ শেষৰ দিনটোত ৰাহুল বিদ্যালয়ত থাকোতেই দেহৰক্ষীয়ে ঘৰতে গুলীয়াই হত্যা কৰে নিজৰ আইতাক ইন্দিৰা গান্ধীক ৷ তাৰ পাছতেই ৰাহুলৰ স্কুলীয়া আনুষ্ঠানিক শিক্ষাৰ সামৰণি পৰিল ৷ ৰাহুল আৰু  প্ৰিয়ংকাক ঘৰতে ব্যক্তিগত শিক্ষকৰ দ্বাৰা পাঠদান কৰোৱাৰ ব্যৱস্থা কৰোৱা হয় ৷ অৰ্থাৎ যিটো বছৰত হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজহুৱা জীৱনৰ পাতনি মেলে সেই  একেটা বছৰত ৰাহুল গান্ধীৰ গৃহবন্দিত্ব আৰম্ভ হয় ৷ তাৰ পৰৱৰ্তী বছৰত হিমন্ত আহি কটন কলেজৰ ছাত্ৰ হয় আৰু ছাত্ৰ ৰাজনীতিত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰে ৷ৰাহুল গান্ধীৰ শিক্ষা জীৱন তেতিয়াও ঘৰৰ চাৰিবেৰৰ মাজৰ পৰাই চলি থাকে ৷

কলেজ

দুয়োজনৰ জীৱনত ১৯৮৯ চনটোৰ আছে বিশেষ গুৰুত্ব ৷ ১৯৮৮- ৮৯ বৰ্ষত  হিমন্ত বিশ্ব কটন কলেজৰ সাধাৰণ সম্পাদক হিচাপে বিজয়ী হয় ৷ একেটা বছৰত ৰাহুলৰ নামভৰ্তি হয় দিল্লীৰ চেইন্ট ষ্টিফেন্স কলেজত ৷বন্দুকধাৰী জোৱানৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত তেও কলেজীয়া জীৱন আৰম্ভ কৰে ৷  কিন্তু স্পোৰ্টছ কোটাত ৰাহুল গান্ধীৰ নামভৰ্তিৰ বিষয়টোক ৰাজনৈতিক ইছ্যুৰ ৰূপত তুলি ধৰে বিৰোধী দল বিজেপিয়ে ৷ তুমুল বিতৰ্ক হ’ল ৰাহুলৰ এডমিছনক লৈ ৷ অৱশেষত ১৯৯০ চনত তেও দিল্লী এৰি আমেৰিকাৰ ৰোলিন্স কলেজত নামভৰ্তি কৰেগৈ ৷ হিমন্তই ৰাজনীতিৰ ডাঙৰ ডাঙৰ সপোনবোৰ দেখিবলৈ লোৱা সময়ছোৱাত আমেৰিকাৰ ফ্লোৰিডাত ৰাহুলে কটাবলৈ লয় একাকীত্বৰ জীৱন ৷

ৰাজনীতি

১৯৯১ – ৯২ চনত তৃতীয়বাৰৰ বাবে কটন কলেজৰ সাধাৰণ সম্পাদক হিচাপে বিজয়ী হৈ হিমন্ত নতুন অভিলেখৰ গৰাকী হয় ৷ তেতিয়াই তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ তত্বাবধানত  ৰাজনীতিৰ আদিপাঠ শিকিবলৈ লয় ৷ এই সময়ছোৱাতে , ১৯৯১ চনৰ ২১ মে’ত ৰাহুল গান্ধীলৈ ভাৰতৰ পৰা এটা জৰুৰী খবৰ যায় – তেওঁৰ পিতৃ ৰাজীৱ গান্ধী নিহত হৈছে ৷তামিলনাডুৰ এখন ভিতৰুৱা গাঁৱত ,এল টি টি ইৰ এক ভয়াবহ আক্ৰমণত ৷ আইতাকৰ পাছত পিতৃৰ নৃশংস হত্যাকাণ্ডই ৰাহুল গান্ধীক আকৌ এবাৰ জোকাৰি গ’ল ৷ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ ময়দানত আনুষ্ঠানিক আত্মপ্ৰকাশৰ প্ৰস্তুতি চলাই থকা সময়ত ৰাহুল গান্ধীয়ে নিৰাপত্তাৰ খাতিৰত নিজৰ পৰিচয় লুকুৱাবলগীয়া হ’ল ৷অসমত কংগ্ৰেছৰ সম্ভাৱনাপূৰ্ণ নেতা হিচাপে হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক অনুশীলন আৰম্ভ কৰে আৰু বিদেশত ৰাহুল গান্ধীয়ে  নিজৰ পৰিচয় লুকুৱাই অধ্যয়ন চলাই নিয়ে ৷ ২০০১ চনত হিমন্ত বিশ্ব শৰ্মা জালুকবাৰীৰ বিধায়ক হিচাপে প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হয় ৷ তাৰ তিনিবছৰ পাছত , ২০০৪ত আমেথিৰ সাংসদ হিচাপে বিজয়ী হৈ ৰাহুল গান্ধীয়ে ৰাজনৈতিক জীৱনৰ পাতনি মেলে ৷ গন্তব্য একে হ’লেও দুটা পৃথক গতিপথেৰে অব্যাহত থাকে দুজন সমসাময়িক নেতাৰ ৰাজনৈতিক যাত্ৰা ৷

হিমন্তই নিজৰ শৈলীৰে ৰাজনীতিৰ কঠিন বাটত অগ্ৰসৰ হ’ল , ৰাহুলে পাৰিবাৰিক পৰিচয় সূত্ৰে  দলত যথাযোগ্য স্থান লাভ কৰিলে  ৷ এসময়ত ৰাজনীতিত দুয়ো পৰিণত বয়সত উপনীত হ’ল ৷ দলৰ মজিয়াত  নিজৰ নিজৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময় আহি পৰিল ৷ ২০১১ চনত অভিলেখসংখ্যক আসনেৰে অসমত কংগ্ৰেছ আকৌ শাসনলৈ আহিল ৷ এই বিজয়ে অধিক আত্মবিশ্বাসী কৰি তুলিলে হিমন্ত বিশ্ব শৰ্মাক ৷ ইফালে , ২০১২ চনৰ উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ অৱতীৰ্ণ হৈছিল ৰাহুল গান্ধীৰ নেতৃত্বত ৷ ফলাফল হ’ল অতি শোচনীয় ৷ ৰাহুল গান্ধীৰ যোগ্যতাক লৈ ব্যাপক প্ৰশ্নৰ অৱতাৰণা কৰা হ’ল ৷ ইপিনে , ধাৰাবাহিক তৃতীয়টো নিৰ্বাচনত বিজয়ে হিমন্ত বিশ্ব  শৰ্মাক অধিক উচ্চাকাংক্ষী কৰি তুলিলে ৷

বিসম্বাদ

২০১২ চনটোৰো বিশেষ গুৰুত্ব আছে ৷ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা  হ’ল ৬ মাৰ্চত ৷ কংগ্ৰেছে দেশৰ সৰ্ববৃহৎ ৰাজ্যখনত লাভ কৰিলে মাত্ৰ ২৮ খন আসন ৷ ২০০৯ ৰ লোকসভা নিৰ্বাচনতকৈ প্ৰায় ৭ শতাংশ ভোট কমিল ৷ সেইবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত বহিল অখিলেশ যাদৱ ৷ সমাজবাদী পাৰ্টীৰ এইগৰাকী নেতাৰ জন্ম ১৯৭৩ চনত ৷ হিমন্ত বিশ্ব শৰ্মাতকৈ ৩ বছৰ আৰু ৰাহুল গান্ধীতকৈ ৪ বছৰ সৰু ৷ ইফালে , অসমত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ দূৰত্ব ক্ৰমাৎ বাঢ়ি আহিবলৈ ধৰিলে ৷২০১২ ৰ এপ্ৰিলৰ শেষৰফালে এই দূৰত্বই সংঘাতৰ ৰূপ ল’লে ৷ ১ মে’ত হিমন্ত বিশ্ব শৰ্মাই দিল্লীত ছোনিয়া গান্ধীক সাক্ষাৎ কৰি আমেৰিকালৈ ৰাওণা হ’ল ৷   তৰুণ গগৈয়ে ইয়াৰ ভূ- ভাই নাপালে৷ খবৰ ওলাল – গগৈক উপ- ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰাৰ প্ৰস্তাৱ দি হিমন্ত নিজে মুখ্যমন্ত্ৰী হ’ব বিচাৰিছে ৷ তেও আমেৰিকাৰ পৰা ঘূৰি অহালৈ অসম কংগ্ৰেছ দুটা মেৰুত বিভক্ত হৈ পৰিল ৷ গগৈ শিবিৰ আৰু হিমন্ত শিবিৰ ৷ যুঁজ- বাগৰ , বিসম্বাদ চলি থাকিল ৷ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰিত্ব এৰিলে , আকৌ মন্ত্ৰীসভালৈ উভতি আহিল ৷ তেতিয়াও বিবাদৰ কোনো সমাধানসূত্ৰ নোলাল , বৰং মিমাংসাৰ কথাবোৰ দীৰ্ঘসূত্ৰী হৈ গৈ থাকিল ৷

সংঘাত

২০১৪ চন ৷ দেশৰ ৰাজনীতিত বছৰটো যিমানেই ঘটনাবহুল ,ৰাহুল গান্ধী- হিমন্ত বিশ্ব শৰ্মাৰ জীৱনতো এইছোৱা সময়ৰ  সিমানেই তাৎপৰ্য আছে ৷ এহাতে নৰেন্দ্ৰ মোদীৰ দিল্লীত সবল আত্মপ্ৰকাশ ,আনহাতে ৰাহুল গান্ধীৰ ক্ৰমাগত পৰাজয়ে  দেশৰ ৰাজনীতি সলনিৰ শক্তিশালী ইংগিত বহন কৰিছিল ৷ তেনেসময়তে ৰাহুল গান্ধী ছুটী কটাবলৈ বিদেশীলৈ গ’ল ৷ হিমন্ত গ’ল দিল্লীলৈ ৷ ছোনিয়া গান্ধী , আহমদ পেটেলক মুখামুখিকৈ ক’লে – “অসমত যদি পৰৱৰ্তী নিৰ্বাচন জিকিব খোজে তেনেহ’লে নেতৃত্বৰ প্ৰজন্ম সলনি কৰিবই লাগিব ৷” কংগ্ৰেছ হাইকামাণ্ড পতিয়ন গ’ল আৰু মল্লিকাৰ্জুন খৰ্গেক অসম ভ্ৰমণ কৰি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিলে ৷ খৰ্গে অসমলৈ আহিল ৷ ব্ৰক্ষ্মপুত্ৰ অশোকাত হাইভল্টেজ বৈঠক ৷ ৫৫ গৰাকী কংগ্ৰেছ বিধায়কে হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত স্বাক্ষৰ কৰিলে ৷ মুখ্যমন্ত্ৰী সলনিৰ কুচকাৱাজ পূৰ্ণগতিত আৰম্ভ হ’ল ৷ খৰ্গে দিল্লী পোৱালৈ ৰাহুল গান্ধীও বিদেশৰ পৰা আহি পালে ৷ আহিয়েই হিমন্তৰ বাটৰ হেঙাৰ হৈ থিয় দিলে ৷ তৰুণ গগৈক সলনি কৰাৰ মুঠেও পক্ষপাতী নহয় ৰাহুল ৷ স্পষ্টকৈ জনাই দিলে শীৰ্ষ নেতৃত্বক ৷ অসমৰ ৰাজনীতিলৈ আকৌ স্থবিৰতা আহি পৰিল ৷ কিন্তু বিদ্ৰোহৰ জুইকুৰা তেতিয়াও উমি উমি জ্বলি থাকিল ৷

২০১৫ চন ৷ তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা দুয়োটা শিবিৰৰ সঘন আহ – যাহ চলি আছে দিল্লীলৈ ৷ দুয়োপক্ষৰ সংঘাতৰ শেষ নিষ্পত্তিৰ বাবে ৰাহুল গান্ধীৰ বাসভবনত বৈঠকৰ আহ্বান কৰা হ’ল ৷ তেতিয়াৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অঞ্জন দত্ত , হিমন্ত বিশ্ব শৰ্মা নিৰ্দিষ্ট সময়ত যথাস্থানত উপস্থিত হ’ল ৷ হিমন্ত বিশ্ব শৰ্মাই ক’বলৈ আৰম্ভ কৰিছিলহে  মাত্ৰ ,৫ মিনিট শুনাৰ পাছত খঙত  গুজৰি উঠিল ৰাহুল – “চাওক আপুনি কি বিচাৰে তাক লৈ মই চিন্তিত নহও ৷ বাকী কথা চি পি যোশীৰ লগত পাতিব ৷ তেও আপোনাৰ সমস্যা সমাধান কৰি দিব ৷ মোৰ ওচৰলৈ দুনাই নাহিব ৷” সেইদিনাই হিমন্তৰ প্লেটৰ বিস্কুট নিজৰ কুকুৰক খাবলৈ দিছিল ৰাহুল গান্ধীয়ে ৷ চৰম অপমান বোধ কৰি  দিল্লীৰ পৰা উভতি আহিল হিমন্ত বিশ্ব শৰ্মা ৷

সিদ্ধান্ত

তেতিয়াও  সকলো শেষ হৈ যোৱা নাছিল ৷ইয়াৰ পাছৰ ঘটনাখিনি হিমন্ত বিশ্ব শৰ্মাই খুলি কৈছিল সাংবাদিক ৰাজদ্বীপ সৰদেশাইৰ আগত ৷ সৰদেশায়ে “২০১৯ :হাও মোদী ৱন ইন্ডিয়া “ গ্ৰন্থখনত উল্লেখ কৰা মতে , হিমন্ত বিশ্ব শৰ্মাৰ মনত তেতিয়াও এটা আশা আছিল যে  সভানেত্ৰী ছোনিয়া গান্ধীয়ে নিশ্চয় এটা উচিত সিদ্ধান্ত ল’ব ৷ ছোনিয়া গান্ধীৰ পৰা তেও সাক্ষাতৰ অনুমতি বিচাৰিলে ৷ এসময়ত নিমন্ত্ৰণ আহিল ৷ কিন্তু কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে সিদিনা তেওৰ বাসভবন ১০ , জনপথৰ পিছদুৱাৰেদিহে হিমন্তক প্ৰবেশ কৰিবলৈ ক’লে ৷ ইয়াৰ কাৰণ সোধোতে উত্তৰ আহিল – “চোৱা হিমন্ত , তুমিও এজন পিতৃ আৰু অভিভাৱক ৷ এগৰাকী মাতৃ হিচাপে মই মোৰ সন্তানৰ ইচ্ছাৰ বিৰুদ্ধে যাব নোৱাৰো ৷ তুমি পাৰিবা জানো?”

হিমন্ত বিশ্ব শৰ্মাৰ আৰু বুজিবলৈ একো বাকী নাথাকিল ৷ ২০১৫ চনৰ জুলাই মাহত তেও কংগ্ৰেছ ত্যাগ কৰিলে আৰু ২৮ আগষ্টত আনুষ্ঠানিকভাবে বিজেপিত যোগদান কৰে ৷ তাৰ পাছৰখিনি সকলোৰে চকুৰ আগত ঘটি গ’ল ৷

বিজেপিত যোগদানৰ পাছত হিমন্ত বিশ্ব শৰ্মাই উভতি চাবলগীয়া হোৱা নাই ৷ ছটা বছৰ অপেক্ষাৰ পাছত তেও আজি অসমৰ মুখ্যমন্ত্ৰীৰ আসনত ৷

 

 

 

 

BJPCONGRESShimantabiswasarmarahulgandhisoniagandhithecrosscurrent
Comments (0)
Add Comment