অৱশেষত গ্ৰেপ্তাৰ হ’ল উচ্ছেদ অভিযানত সন্ত্ৰাস সৃষ্টিকাৰী ফটোগ্ৰাফাৰ বিজয় বনিয়া

অৱশেষত গ্ৰেপ্তাৰ হল দৰং জিলাৰ ঢলপুৰৰ উচ্ছেদ অভিযানত সন্ত্ৰাস সৃষ্টি কৰা ফটোগ্ৰাফাৰ বিজয় বনিয়া । বৰ্তমান CID ৰ জিম্মাত আছে বিজয় বনিয়া । গুলিবিদ্ধ এজন ব্যক্তিৰ ওপৰত বিজই বনিয়াই চলাইছিল অমানুষিক আক্ৰমণ । আক্ৰমণৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তাৎক্ষণিকভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজয় বনিয়াক । আমাৰ হাতত আহি পৰা খবৰ অনুসৰি নিথৰ মানুহ এজনৰ দেহত জঁপিয়াই আসুৰিক তৃপ্তি লোৱা বিজয় বনিয়া প্ৰশাসনৰ কেমেৰা মেন । গৰুখুটিৰ উচ্ছেদ স্থলীৰ ZONE 3 ত ADC পল্লৱী কছাৰীৰ অধীনত ফটো লোৱাৰ দায়িত্বত আছিল বিজয়। এতিয়া বিজয় বনিয়াক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে বহুজনে।

#assam_govtdarrang_evictionthecrosscurrent
Comments (0)
Add Comment