গণিত দিৱস উদযাপন নগাঁৱত

নগাঁও গ্ৰন্থমেলাত উদযাপিত হ’ল ৰাষ্ট্ৰীয় গণিত দিৱস।ভাৰতবৰ্ষৰ শীৰ্ষস্থানীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ ২২ ডিচেম্বৰৰ জন্মদিনটো ২০১২ চনৰ পৰাই ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ।এইবেলিও নগাঁৱৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত নগাঁও গ্ৰন্থমেলাৰ হোমেন বৰগোহাঞি ক্ষেত্ৰত বৃহস্পতিবাৰে উদযাপন কৰা হয় গণিতৰ দিন । এই উপলক্ষে ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ সংগীতা বৰুৱা বৰাৰ পৰিচালনাত অনুষ্ঠিত হয় এক মনোগ্ৰাহী অনুষ্ঠান।সহস্ৰাধিক গ্ৰন্থ প্ৰেমীৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অনন্য অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক তথা অসম আৰক্ষীৰ শীৰ্ষ বিষয়া ড৹ নন্দ সিং বৰকলা,জ্যেষ্ঠ সাংবাদিক মণ্টু কুমাৰ শইকীয়া,আমাজনত কৰ্মৰত অংকুশ কোহাৰ,অধ্যক্ষ দিলীপ কুমাৰ বৰা আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি তাত্বিক বক্তব্য প্ৰদান কৰে ।উল্লেখ্য যে ১৮৮৭ চনৰ ২২ ডিচেম্বৰত জন্মগ্ৰহণ কৰা শ্ৰীনিবাস ৰামানুজনে বিভিন্ন উপপাদ্য সৃষ্টিৰে গণিতত সুদূৰপ্ৰসাৰী অৱদান ৰাখি থৈ গৈছিল।যাৰবাবে তেওঁক ট্ৰিনিটি কলেজৰ ফেলো হিচাপেও সন্মানিত কৰা হৈছিল ।

Comments (0)
Add Comment