চৰকাৰে ভঙা-পতাৰ খেল খেলিছে নলবাৰীত !

ইতিহাস হ’ব শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়।নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে কৰা হ’ব সংলগ্ন।জাঙুৰ খাই উঠিছে দল সংগঠন।২১টাকৈ সংগঠনৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হ’ব নাগৰিক সভা।
বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনৰ ছহিদ নলবৰীয়া ৰাইজৰ গৌৰৱৰ প্ৰতীক মুকুন্দ কাকতিৰ স্মৃতি বিজড়িত নলবাৰী অসামৰিক চিকিৎসালয়ক নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে কৰা হ’ব সংলগ্ন।ইতিমধ্যে এই সন্দৰ্ভত অসম চৰকাৰে জাৰি কৰিছে এক নিৰ্দেশনা।বিগত ৫ মে,২০২২ত জাৰি কৰা অসম চৰকাৰৰ নিৰ্দেশনা পত্ৰখন ৰাজহুৱা হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।জাঙুৰ খাই উঠিছে দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজ।চৰকাৰী জাননী অনুসৰি চৰকাৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মুখ্য প্ৰশাসনিক বিষয়া গৰাকীক নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক হিচাপে কৰিব স্থলাভিষিক্ত।অসামৰিক চিকিৎসালয়খনৰ সকলো পদ হ’ব নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সংলগ্ন পদ।অৱশ্যে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজ আৰম্ভ নোহোৱা পৰ্য্যন্ত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ বিত্তীয় ব্যৱস্থাৰে চলিব দৰমহাৰ কাম-কাজ আৰু অসামৰিক চিকিৎসালয়খনৰ অধীক্ষক গৰাকীক নলবাৰী চিকিৎসা মহাবিদ্যালয় অতিৰিক্ত অধীক্ষক হিচাপে কৰা হ’ব নিয়োজিত।আৰু তাৎক্ষণিকভাৱে বলৱৎ হোৱা এই নিৰ্দেশনা মতে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ সকলো তথ্য আৰু প্ৰতিবেদন নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ তথ্য হিচাপে কৰা হ’ব গণ্য।আনহাতে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ঠাইত এখন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন হ’ব বুলি চৰ্চা চলিছে।পিছে কোনখন কৰ্কট ৰোগৰ চিকিৎসালয় হ’ব স্থাপন?কিছুমাহ পূৰ্বে ডিব্ৰুগড়ৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয় চৌহদত ভাৰ্চুৱেলি শিলান্যাস কৰা কৰ্কট হস্পিতাল খন নে অন্য এখন?চৰকাৰক স্থিতি স্পষ্ট কৰাৰ আহ্বান দল সংগঠনৰ।ইফালে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে দেওবাৰে আছু,যুৱ ছাত্ৰ পৰিষদ,কৰ্মচাৰী পৰিষদ,সাংবাদিক সন্থাকে ধৰি একৈশটাকৈ সংগঠনে চৰকাৰৰ সিদ্ধান্ত কোনো কাৰণতেই মানি নোলোৱাৰ হুংকাৰেৰে আয়োজন কৰিছে নাগৰিক সভাৰ।উল্লেখ্য যে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত ইতিমধ্যে একৈশটাকৈ দল সংগঠনে চৰকাৰৰ সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী তথা সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰিছে স্মাৰক পত্ৰ।

Comments (0)
Add Comment