গীত লিখি অভিলেখ সীমান্তৰ

গীত বহুতেই লিখে কিন্তু এনেকুৱা গীত লিখাটো সহজ নহয়।এনেকুৱা এক কঠিন গীত লিখিয়েই বিশ্ব জয় কৰিলে বিশ্বনাথৰ সীমান্তই।ইণ্ডিয়া বুক অব ৰেকৰ্ডছত স্থান লাভ কৰিছে বিশ্বনাথৰ এজন ব্যক্তিৰ।৪২ খন অসমীয়া চলচ্চিত্ৰৰ নামৰে লিখিছিল এটা গীত৷ আদৰ্শ গীত হিচাপে স্বীকৃতি লাভ কৰিছে গীতটোৱে।বিশ্বনাথৰ ফলফলি নিবাসী সীমান্ত ডেকা। পেছাত এজন বাদ্যযন্ত্ৰী, জীৱিকাৰ বাবে বিশ্বনাথ জিলা ন্যায়ালয়ত বেচৰকাৰী এজন সাধাৰণ টাইপিষ্ট হিচাপে কৰ্মৰত তেওঁ। বিয়লি ৪বজাৰ পৰা পদপথত এখন ফাষ্টফুডৰ দোকানেৰে পৰিয়াল চলাই থকা এজন ব্যক্তি। এই ব্যক্তিজনেই ২০১৯ চনত ৪২খন অসমীয়া চলচ্চিত্ৰৰ নাম সন্নিবিষ্ট কৰি অৰ্থবহুল এটি গীত সৃষ্টি কৰিছিল। গীতটোৰ সংগীত দিছিল নিজেই। আনকি কণ্ঠও আছিল নিজৰ। শিল্পী জনৰ হাবিয়াস আছিল যে বৰ্তমান সময়ত পাহৰণিৰ গৰ্ভত হেৰাই যাব ধৰা কালজয়ী অসমীয়া বোলছবি সমূহৰ নাম যাতে প্ৰতিজন অসমীয়াই অনায়াসে মনত ৰাখিব পাৰে। এই চিন্তাৰে লিখি উলিওৱা গীতটোৰ বাবে সীমান্তই এই বৰ্ষৰ যোৱা ছেপ্টেম্বৰ মাহত ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত আবেদন কৰে যে এনে ধৰণৰ আদৰ্শ গীতৰ কথা এতিয়ালৈ ভাৰত বৰ্ষৰ কোনো এখন ৰাজ্যৰ কোনোটো ভাষাৰে সৃষ্টি কৰা হোৱা নাই। লগে লগে উপযুক্ত তদন্ত আৰম্ভ কৰে সংশ্লিষ্ট প্ৰাধিকাৰীয়ে। তদন্তৰ অন্তত সীমান্তক উপযুক্ত স্থানত সন্মানিত কৰি India Book of Records ত তেখেতৰ নাম অন্তৰ্ভূক্ত কৰে। ই বিশ্বনাথৰ লগতে ৰাজ্য খনৰ বাবেই এক সুখবৰ। যোৱা অক্টোবৰ মাহত সীমান্ত ডেকাক পুৰস্কাৰ লবলৈ ইণ্ডিয়া বুক অব ৰেকৰ্ডছ কতৃপক্ষই মাতিছিল যদিও অৰ্থৰ অভাবত যাব নোৱাৰাত কতৃপক্ষই সীমান্তলৈ উপহাৰটো ডাকযোগে ঘৰলৈ পঠিয়াই দিছে।ইফালে India Book of Records ত খিতাপ অৰ্জন কৰাৰ পিছতেই World Records University, United States ৰ পৰা আমন্ত্ৰণ জনাইছে। কিন্তু আৱেদন জনোৱাৰ সময়ত যি অৰ্থ জমা দিব লাগে সিমান ধন সীমান্তৰ হাতত নাই ।যাৰ বাবে এতিয়া থমকি ৰৈছে সীমান্ত। চৰকাৰ খনে যদি আৰ্থিক সহায় সহযোগ আগবঢ়াই তেন্তে নিশ্চয় আৰু এবাৰ অসমৰ বাবে সুনাম কঢ়িয়াই আনিব পাৰিব সীমান্তই।

Comments (0)
Add Comment