আজি দিল্লীত অখিল গগৈ- ভূপেন বৰা – জিতেন্দ্ৰ সিঙৰ বৈঠকত কি সিদ্ধান্ত হ’ব ?

বৃহস্পতিবাৰে দিল্লীত অসমৰ বিৰোধী ৰাজনৈতিক শিবিৰৰ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱণা আছে ৷ এ আই ইউ ডি এফৰ লগত মিত্ৰতা ভংগ কৰাৰ পাছত আজি প্ৰথমবাৰৰ বাবে দিল্লীত উপস্থিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ তেও এ আই চি চিৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰাৰ কথা ৷ ইপিনৰ , বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰে এক নাতিদীৰ্ঘ আলোচনাত মিলিত হয় ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ ৰাহুল গান্ধীৰ পৰামৰ্শমতেই আজি তেও জিতেন্দ্ৰ সিঙৰ সৈতেও আলোচনাত মিলিত হ’ব ৷ মূলত: উপ – নিৰ্বাচনকেন্দ্ৰিক মিত্ৰতাই হ’ব আলোচনাৰ প্ৰধান বিষয়বস্তু ৷ ডেৰাডুনত থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকী ইতিমধ্যে আহি নতুন দিল্লীত উপস্থিত হৈছে ৷ বিয়লিৰ ভাগত জিতেন্দ্ৰ সিঙে ভূপেন বৰা আৰু অখিল গগৈৰ লগত একেলগে মিত্ৰতা সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱণা আছে ৷

বুধবাৰে অখিল গগৈয়ে ৰাহুল গান্ধীৰ লগত আলোচনাত মিলিত হোৱাৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এটা টেলিভিছন শ্ব’ত ঘোষণা কৰিছিল যে ৰাইজৰ দলৰ লগত উপ- নিৰ্বাচনত মিত্ৰতা অসম্ভৱ হৈ পৰিছে ৷ তাৰ পাছত আজি হাইকামাণ্ডৰ লগত দিল্লীত অনুষ্ঠিত হ’বলগীয়া বৈঠকত মিত্ৰতা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত হোৱাৰ পূৰ্ণ সম্ভাৱণা আছে ৷

 

akhilgogoibhupenboraCONGRESSjitendrasingraijordalthecrosscurrent
Comments (0)
Add Comment