দীপৰ বিলত ৰে’ল বিভাগে পুতিলে ২৫ হাজাৰ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটা

প্ৰকৃতিপ্ৰেমীৰ প্ৰতিবাদক ওফৰাই দীপৰ বিলত ৰে’ল বিভাগে পুতিলে ২৫ হাজাৰ ভ’ল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ খুটা ৷ দীপৰ বিলৰ ৰে’লৱে কিলোমিটাৰ ১৬৪ ৰ পৰা ১৬৮ৰ ভিতৰত মঙলবাৰে বিদ্যুৎপৰিবাহী তাঁৰৰ খুটা পোতাৰ কাম  সম্পন্ন কৰে বিভাগটোৱে ৷ দীপৰ বিলত ৰে’ল লাইন স্থাপনৰ পাছৰে পৰা চলন্ত ৰে’লৰ খুন্দাত ১৫ টা হাতীৰ মৃত্যু হৈছে ৷ যাৰ বাবে বিলৰ মাজত বিদ্যুৎ পৰিবাহী লাইনৰ খুটা পোতাৰ তীব্ৰ বিৰোধিতা কৰি আহিছিল প্ৰকৃতিপ্ৰেমী সংস্থাসমূহে ৷ কিন্তু সকলো প্ৰতিবাদ নেওচি ৰে’ল বিভাগে নিৰাপত্তাৰক্ষীৰ সহযোগত বিদ্যুৎ পৰিবাহী লাইনৰ খুটা পোতাৰ কাম সম্পন্ন কৰে ৷ ইফালে , বিষয়টো সন্দৰ্ভত অসমৰ বন বিভাগে থানাত এখন এজাহাৰ দাখিল কৰিয়েই দায়িত্ব সামৰে ৷

deepar beelnerailwayrailwaythecrossscurrent
Comments (0)
Add Comment