জঘন্য নাৰী নিৰ্যাতন কাণ্ডৰ ৪৮ ঘণ্টাৰ পাছতো আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই অভিযুক্তক?

ব্যৰ্থ ডিব্ৰুগড় আৰক্ষী! জঘন্য নাৰী নিৰ্যাতনৰ ঘটনাৰ ৪৮ ঘণ্টাৰ পাছতো ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ষ্টেটবেংক কাণ্ডৰ অভিযুক্তক। ৰাজ্যৰ বিশেষ আৰক্ষী অধীক্ষক জি পি সিঙৰ নিৰ্দেশৰ পিছতো ডিব্ৰুগড় আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই অভিযুক্তক। নাৰী নিৰ্যাতন কাণ্ডৰ ভিডিঅ ছছিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে ৰাজ্যত সৃষ্টি হৈছিল বিৰূপ প্ৰতিক্ৰিয়াৰ। কিন্তু প্ৰশ্ন হয় – ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰিবনে নাৰী নিৰ্যাতন কাণ্ডৰ অভিযুক্তক? সম্পূৰ্ণ ভিডিঅ থকাৰ পিছতো ৰাজ্যৰ স্মাৰ্ট পুলিচে কিয় বিচাৰি উলিয়াব পৰা নাই অভিযুক্তক?

assamdibrugrah_policethecrosscurrent
Comments (0)
Add Comment