বীৰছা মুণ্ডাৰ জন্মজয়ন্তীৰ প্ৰস্তুতি

ওদালগুৰি জিলাৰ মাজবাটত ১৪৭ সংখ্যক বীৰ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী পালনৰ প্ৰস্তুতি চলিছে। মাজবাটৰ ১নং খামটোবাৰী গাঁৱৰ খুচুৰাবাৰী চেন্টাৰত বীৰছা মুণ্ডা সংঘ ও পুথিভঁৰালৰ উদ্যোগত মাজবাট আঞ্চলিক আছা, আটছা, বেতিবাৰী চাহ মজদুৰ সংঘৰ সহযোগত ভাৰতৰ স্বাধীনতা সংগ্রামী শ্বহীদ বীৰ বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্মজয়ন্তী অহা ১৫ নৱেম্বৰত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰাৰ প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বি টি আৰৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ বসুমতাৰী।কাৰ্যসূচীত উপস্থিত থাকিব বীৰছা কামাণ্ডো ফৰ্চৰ কামাণ্ডাৰ চীফ বীৰসিং মুণ্ডা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ওদালগুৰি জিলাৰ উপায়ুক্ত চাদনেক সিং আৰু ৭০ নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়ো। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব মাজবাটৰ ৰাজহ চক্র বিষয়া উৎপল কুমাৰ ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক ৰামকৰণ গৌড়, মুণ্ডাৰী সাহিত্য সভাৰ কেন্দ্রীয় সমিতিৰ বীৰছা মুণ্ডা, চাহ জনজাতি ছাত্র সন্থাৰ কেন্দ্রীয় উপ-সভাপতি কৈলাশ গোঁড়।

Comments (0)
Add Comment