নিমাতীঘাটত সংঘটিত ভয়ংকৰ আৰু শোকাৱহ ফেৰী দুর্ঘটনাৰ পাছত শেহতীয়াকৈ চর্চালৈ অহা নামটোৱেই হৈছে পানীৰাম কলিতা৷ এইজন পানীৰাম কলিতাই হৈছে নিমাতীঘাটৰ ফেৰী ছিণ্ডিকেটৰ চর্দাৰ তথা একছত্ৰী সম্ৰাট৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া-কর্মচাৰীৰ আশিসধন্য হৈ পানীৰাম কলিতাই বছৰ বছৰ ধৰি নিমাতীঘাট আৰু কমলাবাৰীত চলাই আহিছে ব্যক্তিগত ফেৰীৰ অবৈধ ছিণ্ডিকেট৷ যোৱা বুধবাৰে দুর্ঘটনাত পতিত হোৱা মা কমলা নামৰ ব্যক্তিগত ফেৰীখনৰ মালিক আছিল এই পানীৰাম কলিতা৷ মাত্ৰ তিনিখন ব্যক্তিগত ফেৰীৰ নিমাতীঘাট আৰু কমলাবাৰী ঘাটৰ মাজত চলায়েই দুয়োটা ফেৰীঘাটৰ অঘোষিত হর্তাকর্তা হৈ পৰিছিল পানীৰাম কলিতা৷ আনকি দুয়োটা ফেৰীঘাটতে কোনখন ফেৰী কেতিয়া চলাচল কৰিব সেয়াও নির্ধাৰণ কৰে ছিণ্ডিকেটৰ এই চর্দাৰজনে৷ আভ্যন্তৰীণ জল পৰিবহণ নিগমৰ বিষয়া-কর্মচাৰীৰ সৈতে থকা সু-সম্পৰ্কৰ বাবেই ম্যাদ উকলা ব্যক্তিগত ফেৰীৰে দীর্ঘদিন ধৰি যাত্রী কঢ়িয়াই অনা-নিয়া কৰিছিল পানীৰাম কলিতাই৷ অকল নিজৰ ফেৰীয়েই নহয় এই ছিণ্ডিকেট চক্রৰ অধীনত আন ব্যক্তিগত ফেৰীৰ মালিকসকলেও ম্যাদ উকলা ফেৰী চলাচলৰ সুবিধা লাভ কৰিছিল পানীৰাম কলিতাৰ ছত্রছায়াত৷ অকল এয়াই নহয় পানীৰাম কলিতাৰ মাজুলী আৰু যোৰহাটত আছে দুটাকৈ পেট্র’ল ডিপো৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ নিমাতীঘাট আৰু কমলাবাৰীৰ মাজত চলা ফেৰীসমূহৰ ইন্ধন যোগান ধৰে এই ডিপো দুটাৰ পৰাই৷ তেল যোগানৰ নামতো পানীৰামে আভ্যন্তৰীণ জল পৰিবহণ নিগমৰ বিষয়া-কর্মচাৰীৰ সৈতে অবৈধ মিতিৰালিৰে বৃহৎ কেলেংকাৰি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ এই পর্যন্ত পানীৰামৰ ডিপোত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে তেলৰ বাবদ প্রায় ৮০ লাখ টকা দিবলৈ বাকী আছে বুলি জানিব পৰা গৈছে৷ ফেৰী ছিণ্ডিকেটৰ কাণ্ডাৰী হোৱা বাবেই পানীৰামে একাংশ অনভিজ্ঞ চালক আৰু গুৰিয়ালৰে অব্যাহত ৰাখিছিল নিমাতী আৰু মাজুলীৰ মাজৰ ফেৰী সেৱা৷ আনকি ফেৰীত ব্যৱহাৰৰ বাবে থকা লাইফ জেকেটসমূহো পেলাই ৰাখিছিল নিমাতীৰ ফেৰীঘাটৰ কার্যালয়ত৷ এই পানীৰামৰ জৰিয়তেই নিমাতী-কমলাবাৰী, নিমাতী-ফলামুখ ঘাটত চলি থকা ব্যক্তিগত পাঁচখনকৈ ফেৰী আভ্যন্তৰীণ জল পৰিবহণৰ বিষয়া-কর্মচাৰীয়ে আত্মীয়ৰ নামত চলাই ৰাখিছে৷ উল্লেখ্য যে নিমাতীঘাটৰ পৰা সম্প্রতি চলি থকা ৩০খন ব্যক্তিগত ফেৰীৰ আটাইকেইখনৰে অৱস্থা অতি শোচনীয় আৰু ম্যাদ উকলা৷ কিন্তু পানীৰামৰ দৰে ছিণ্ডিকেট কাণ্ডাৰীৰ ছত্রছায়াতেই এই ব্যক্তিগত ফেৰীসমূহ চলাচল কৰাটো সম্ভৱ হৈ উঠিছে বুলি অভিযোগ উত্থাপন হৈছে৷ ব্রিটিছ চৰকাৰৰ সময়তে স্থাপন হোৱা নিমাতীৰ এই জাহাজ ঘাটটোৰ কৰ্মচাৰী সকল এতিয়া কমিছনৰ অংকত পানীৰামৰ দৰে ছিণ্ডিকেট কাণ্ডাৰী আৰু একাংশ ব্যক্তিগত ফেৰীৰ মালিকৰ হাতোৰাত বন্দী৷ ফলস্বৰূপে নিমাতীঘাট আৰু মাজুলীৰ মাজত এক বিপদসংকুল যাত্রাক দৈনন্দিন পৰিক্রমা হিচাপে গ্রহণ কৰিব লগা হৈছে যাত্রীসকলে৷
উল্লেখ্য যে ২০১৯ চনত উত্তৰ গুৱাহাটীৰ পৰা অহা এটা মেচিনযুক্ত নাও দুর্ঘটনাত পতিত হোৱাৰ পাছত সমগ্র ৰাজ্যতে এটা ইঞ্জিনযুক্ত নাৱৰ ফিটনেছ প্রমাণ-পত্র দিয়া বন্ধ ৰখা হৈছিল৷ ইয়াৰ পাছত নিমাতীঘাট-মাজুলীৰ মাজত কোনো ধৰণৰ ফিটনেছ নথকা আওপুৰণি ইঞ্জিনযুক্ত নাওসমূহ কিদৰে চলাচল কৰি আছিল সেয়া এক বৃহৎ প্রশ্ন৷ একমাত্র পানীৰামৰ দৰে ছিণ্ডিকেট চর্দাৰৰ বাবেই এই অসম্ভৱো সম্ভৱ হৈ থকাৰ পৰিণতিতে যোৱা বুধবাৰে সংঘটিত হৈছিল ভয়াৱহ ফেৰী দুর্ঘটনা৷ নিমাতী-মাজুলীৰ মাজত চলি থকা ঘনশ্যাম, ভৈৰৱী, মা কমলা, চন্দন, বৈষ্ণৱী, শুভলক্ষ্মী, প্রিটৰাছ, অংগঠ, পঞ্চাননী, ৰাজলক্ষ্মী, জলপৰী আদি ব্যক্তিগত ফেৰীৰ মেৰাইন ইঞ্জিন নথকাৰ উপৰি কোনো ধৰণৰ ফিটনেছেই নাই বুলি অভিযোগ উত্থাপন হৈছে৷ এইক্ষেত্রত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়াসকলে ব্যক্তিগত ফেৰীসমূহৰ ফিটনেছ পৰীক্ষা কৰাটো নিয়ম যদিও তেনে পৰীক্ষা কোনো দিনেই নহ’ল নিমাতী-কমলাবাৰী ফেৰী ঘাটত৷ ইয়াৰ আঁৰৰ ৰহস্য সহজেই অনুমেয়৷ আনহাতে মাজুলীৰ বাসিন্দা পানীৰাম কলিতাৰ দৰে একাংশ ব্যক্তিগত ফেৰীৰ মালিকৰ ছিণ্ডিকেটৰ বাবেই মাজুলী-যোৰহাট ফেৰী সেৱাৰ নির্ধাৰিত ভাৰাতকৈ বহু ওপৰঞ্চি ভাৰা সংগ্রহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ চৰকাৰী নিৰিখ অনুসৰি মাজুলী-নিমাতীৰ মাজৰ যাত্রাৰ বাবে এজন যাত্রীৰ ভাৰা ১৫ টকা, মটৰচাইকেলৰ ভাৰা ৩০ টকা আৰু গাড়ীৰ ভাৰা ৭০০ টকা হ’ব লাগে যদিও এই ফেৰীসমূহে বর্তমানে যাত্রীৰ ভাৰা ৩০ টকা, মটৰচাইকেলৰ ভাৰা ৫০ টকা আৰু গাড়ীৰ ভাৰা ৮০০ টকাকৈ আদায় লৈ আহিছে৷ এইক্ষেত্রত মাজুলী আৰু যোৰহাট জিলা প্রশাসনৰ কোনো কাণসাৰ নাই বুলি অভিযোগ উত্থাপন হৈছে৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগ তথা যোৰহাট আৰু মাজুলী প্রশাসনৰ পৃষ্ঠপোষকতাৰ বাবেই এতিয়া পানীৰামৰ দৰে ফেৰীৰ চর্দাৰে নিয়ন্ত্রণ কৰিছে মাজুলী-নিমাতীঘাটৰ জল পৰিবহণ ব্যৱস্থা৷ এনে অবৈধ ছিণ্ডিকেটৰ বাবেই হয়তো মাজুলীবাসী সাক্ষী হ’ল এটা অভিশপ্ত দিনৰ। গতিকে প্ৰশ্ন হয়-ফেৰীৰ চৰ্দাৰ পানীৰাম কলিতাক গ্ৰেপ্তাৰ কৰিবলৈ সাহস হ’বনে অসম আৰক্ষীৰ?