ৰাজ্যত সংঘটিত হ’ব পাৰে ভয়ংকৰ কূটাঘাতঃ DGP ভাস্কৰজ্যোতি মহন্ত

সমাগত দুৰ্গা পূজা। পূজাৰ প্ৰাকক্ষণত ৰাজ্যত এতিয়া ভয়ংকৰ কূটাঘাতৰ আশংকা কৰিছে অসম আৰক্ষীয়ে। এই ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। চোৰাং চোৱাই অসম আৰক্ষীক দিয়া তথ্য অনুসৰি বহি: দেশৰ পৰা কূটাঘাতৰ আশংকা অধিক। ৰাজ্যবাসীক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাই সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে প্ৰত্যেকটো পূজা মণ্ডপৰ সৈতে আৰক্ষী যোগাযোগত থাকিব আৰু নিৰাপত্তাৰ ফালৰ পৰা কটকটীয়া কৰি তোলা হব পূজা মণ্ডপ সমূহ।

#assam_policethecrosscurrent
Comments (0)
Add Comment