বাছৰ ভাৰা বৃদ্ধি কৰিলে বাতিল হ’ব বাহনৰ অনুজ্ঞা-পত্ৰ

কঠোৰ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ। এতিয়াৰ পৰা যাত্ৰীবাহী বাছে নিজ ইচ্ছা অনুসৰি বৃদ্ধি কৰিব নোৱাৰিব বাছৰ ভাৰা। বাছৰ ভাৰা বৃদ্ধি কৰিলেই বাতিল হ’ব অনুজ্ঞা-পত্ৰ । এই সম্পৰ্কে পৰিবহণ বিভাগক অনুসন্ধান চলাবলৈ নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। কোনো বাহনে ভাৰা বৃদ্ধি কৰাৰ প্ৰমাণ লাভ কৰিলে তাৎক্ষণিক ভাৱে ব্যৱস্থা লব চৰকাৰে আৰু উক্ত বাহনৰ গৰাকী আৰু চালকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা ল’ব ৰাজ্যৰ পৰিবহণ বিভাগে।

assamthecrosscurrent
Comments (0)
Add Comment