শিক্ষক দিৱসৰ দিনাই কান্দি কান্দি প্ৰতিবাদত বহিল শিক্ষক শিক্ষয়িত্ৰী

মহানগৰীৰ মাজ মজিয়াতে শিক্ষক দিৱসৰ দিনাই প্ৰখৰ ৰদত প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে। প্ৰতিবাদ স্থলীতেই কান্দোনত ভাগি পৰিল শিক্ষক শিক্ষয়িত্ৰী সকল। পদ পাদেশিকীকৰণৰ বাবে দীৰ্ঘ দিন ধৰি চৰকাৰক অনুৰোধ জনাই অহাৰ পাছতো কোনো সুফল লাভ নকৰিলে, শিক্ষকতাৰ দৰে পৱিত্ৰ কৰ্মতো চৰকাৰৰ পৰা সদায় বঞ্চিত হৈ আছো বুলি উচুপি উঠিল শিক্ষক সকল। অৱশেষত শিক্ষক দিৱসৰ দিনাই ৰাজপথত প্ৰতিবাদত বহিবলৈ বাধ্য হল বুলি উল্লেখ কৰে। উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বঞ্চিত সহকাৰী শিক্ষক কল্যাণ সমিতিৰ উদ্যোগতেই হাতত লোৱা হয় এই প্ৰতিবাদী কাৰ্যসূচী।

#assam_govt#teachers_dayguwahatithecrosscurrent
Comments (0)
Add Comment