হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ৮৭ সংখ্যক জন্মবাৰ্ষিকী

অসমীয়া সাংস্কৃতিক জগতৰ একালৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ আজি ৮৭ সংখ্যক জন্মবাৰ্ষিকী। গোৱালপাৰীয়া লোকগীতক বিশ্ব দৰবাৰলৈ লৈ যোৱা প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্ম হৈছিল দক্ষিণ অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ১৯৩৪ চনৰ ৩ অক্টোবৰত। গোৱালপৰীয়া (কোচ ৰাজবংশী / কামতাপুৰী/ দেশী) লোকগীত হস্তীৰ কন্যা আৰু মোৰ মাহুত(মাউত) বন্ধুৰেৰ বাবে বিখ্যাত ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত প্ৰতিমা বৰুৱা পাণ্ডে আছিল প্ৰকৃতিশ চন্দ্ৰ বৰুৱাৰ (লালজী) কন্যা আৰু দেৱদাস খ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ বৰুৱাৰ ভতিজী। সেয়েহে এতিয়া ৰাজ্যজুৰি উলহমালহেৰে পালন কৰা হৈছে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন।

assamthecrosscurrent
Comments (0)
Add Comment