উদুলি মুদুলি শিৱসাগৰ কলেজৰ পদূলি

উদুলি মুদুলি হৈ পৰিছে শিৱসাগৰৰ ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰ।এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ পুখুৰী জয়সাগৰ পুখুৰীৰ পাৰতে অৱস্থিত উজনি অসমৰ উচ্চ শিক্ষাৰ এক অন্যতম প্ৰাণ কেন্দ্ৰ শিৱসাগৰ মহাবিদ্যালয়।এইখন মহাবিদ্যালয়ে সম্পূৰ্ণ কৰিলে মহাৰজত বৰ্ষ।সেইবাবেই বিগত ২০২১ চনৰ ২ নৱেম্বৰৰ পৰা মহাবিদ্যালয়খনত বৰ্ষজুৰি পালন কৰি অহা হৈছে মহাৰজত জয়ন্তী।এই বৰ্ষৰ ৩১ অক্টোবৰ, ১ নৱেম্বৰ আৰু ২ নৱেম্বৰত তিনিদিনীয়া কৈ অনুষ্ঠিত হৈছে শিৱসাগৰ মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান।৭৫ খন পতাকা উত্তোলনেৰে আৰম্ভ হোৱা মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে মুকলি সভা, প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ, ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বিশেষ অনুষ্ঠান চিন্তন, গ্ৰন্থ মেলা, প্ৰদৰ্শনী আদিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে।উল্লেখ্য যে, ফুলনি কবি পদ্মধৰ চলিহা আৰু সেউজ কোঁৱৰ পৰাগ চলিহাৰ লগতে বহু বিদ্যানুৰাগী লোকৰ সবল নেতৃত্বত ১৯৪৭ চনৰ ২ নৱেম্বৰত প্ৰতিষ্ঠা হয় শিৱসাগৰ মহাবিদ্যালয়।প্ৰথম অৱস্থাত শিৱসাগৰ চহৰৰ কালিপ্ৰসাদ মেম’ৰিয়েল হলত পাঠদান আৰম্ভ হৈছিল।১৯৫০ চনৰ নৱেম্বৰ মাহত তেতিয়াৰ বিত্ত মন্ত্ৰী মতিৰাম বৰাই বুৰঞ্জী প্ৰসিদ্ধ জয়সাগৰ পুখুৰী পাৰৰ অটব্য অৰণ্যৰ মাজত শিৱসাগৰ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে আৰু ১৯৫২ চনৰ ছেপ্তেম্বৰ মাহত অসমৰ ভূতপূৰ্ব ৰাজ্যপাল মহামান্য জয়ৰাম দাস দৌলতৰামে শিৱসাগৰ কলেজ চৌহদৰ দুৱাৰ মুকলি কৰে। তেতিয়াৰ পৰাই অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিৱসাগৰ কলেজে গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে।২০২২ বৰ্ষত বিশ্ববিদ্যালয় অনুদান আয়োগে শিৱসাগৰ কলেজক স্বতন্ত্ৰ কলেজৰ মৰ্যদা প্ৰাদান কৰিছে।

Comments (0)
Add Comment