উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকল বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ৷ ইয়াৰ বাবে ইচ্ছুক ছাত্ৰ – ছাত্ৰীসকলে অহা ৯ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত যাবতীয় প্ৰ-পত্ৰ অনলাইনযোগে পূৰণ কৰিব লাগিব ৷ শিক্ষাৰ্থীসকলে নিজৰ নিজৰ শিক্ষানুষ্ঠানত এই বিষয়ে সবিশেষ তথ্য লাভ কৰিব ৷ উল্লেখ্য যে , বিশেষ পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলে নতুন মাৰ্কশ্বীট লাভ কৰিব ৷ বিশেষ মূল্যায়ন পদ্ধতিৰ জড়িয়তে প্ৰদান কৰা মাৰ্কশ্বীটসমূহ তেওলোকে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক জমা দিব লাগিব ৷