৪ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ত্ৰয়োদশ সংখ্যক জাগৰণ ফিল্ম ফেষ্টিভেল (Jagran Film Festival)। বৃহস্পতিবাৰে নতুন দিল্লীৰ চিৰি ফ’ৰ্টৰ পৰা আৰম্ভ হ’বলগীয়া এই ফিল্ম ফেষ্টিভেলৰ প্ৰদৰ্শনী পৰ্যায়ক্ৰমে দেশৰ ১৪ খন চহৰত আয়োজন হ’ব। ১৬ নবেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব জাগৰণ ফিল্ম ফেষ্টিভেলৰ সামৰণি অনুষ্ঠান। জাগৰণ ফিল্ম ফেষ্টিভেলৰ এইবাৰৰ মেণ্টৰ হিচাপে থাকিব যশস্বী পৰিচালক সুভাষ ঘই, খুচবু সুন্দৰ, আদিল হুছেইন আৰু এ. শ্ৰীকৰ প্ৰসাদ। ইয়াৰ উপৰিও জাগৰণ ফিল্ম ফেষ্টিভেলত উপস্থিত থাকিব শ্ৰীনিবাস সন্থানম, অনুপমা বসু, প্ৰমেন্দ্ৰ মজুমদাৰ, শ্বাবানা আজমী, আৰ বাল্কী, মনোজ বাজপেয়ী, জয়দীপ আহ্লাৱত, জিম শ্বৰ্ব, শ্ৰুতি মহাজন প্ৰভৃতি চিনেমা জগতৰ সৈতে জড়িত বহু কেইগৰাকী প্ৰসিদ্ধ ব্যক্তি। জানিব পৰা মতে চিৰি ফৰ্টৰ প্ৰেক্ষাগৃহত হ’বলগীয়া প্ৰদৰ্শনী অনুষ্ঠানৰ সকলো টিকট ইতিমধ্যে বিক্ৰী হৈ গৈছে। ৪ ছেপ্তেম্বৰৰ প্ৰদৰ্শনী হাউচফুল।
এনে এটা সম্ভ্ৰান্ত অনুষ্ঠানত প্ৰদৰ্শিত হ’ব অসমীয়া গ্ৰাম্য জীৱনৰ আধাৰত নিৰ্মিত অসমীয়া ভাষাৰ এখন চুটি ছবি। চিৰঞ্জীৱ বুঢ়াগোহাঁইৰ পৰিচালিত চুটি ছবি ‘মিছা – The False’ জাগৰণ ফিল্ম ফেষ্টিভেললৈ মনোনীত হৈছে। উৰাবাতৰিয়ে কেনেকৈ কাৰোবাৰ জীৱন পৰ্যন্ত বিপৰ্যস্ত কৰি তুলিব পাৰে, সেয়া ছবিখনত কলাত্মকভাৱে উপস্থাপন কৰা হৈছে।
উল্লেখ্য যে এই চুটি ছবিখনেই চিৰঞ্জীৱ বুঢ়াগোহাঁইৰ প্ৰথম পৰিচালিত ছবি। প্ৰযোজক হিচাপেও প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰিছে স্কুলীয়া দিনৰে পৰা অভিনয়ৰ সৈতে জড়িত ৰণ্টু ভূঞাই। তদুপৰি ছবিখনৰ সৈতে জড়িত বহু শিল্পী আৰু কলা-কুশলীয়েও মিছাৰ যোগেদিয়েই চিনেমা জগতত প্ৰথমটো খোজ পেলাইছে। প্ৰথম প্ৰচেষ্টাতেই জাগৰণ ফিল্ম ফেষ্টিভেলৰ দৰে এটা সম্ভ্ৰান্ত অনুষ্ঠানলৈ মনোনীত হোৱাত উত্সাহী হৈ পৰিছে দলটো।
জাগৰণ ফিল্ম ফেষ্টিভেললৈ মনোনীত হোৱাৰ উপৰিও GIFFI অৰ্থাত্ Global Independent film festival of India 2025 আৰু West Bengal International Film Festival 2025 লৈ মনোনীত হৈছে। ছবিখনে ইতিমধ্যে Dehradun International Film Awards 2025ত Best Debut Director, Best Story আৰু Best Cinematographerৰ শিতানত Miseentage Indian Film Awards 2025ত Best Directorৰ শিতানত আৰু Sittannavasal International Film Festival 2025ত Best Short Script Screen Play আৰু Best Indian Short Filmৰ শিতানত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে।
চুটি ছবি মিছাৰ শিল্পী আৰু কলা-কুশলীসকল –
অন্যান্য কলা-কুশলীসকল
সহ-প্ৰযোজক – আলোক হাতীবৰুৱা, সৌৰভ দাস, কৃষ্ণ বৰা
কাহিনী, নাটক আৰু সংলাপ – চিৰঞ্জীৱ বুঢ়াগোহাঁই
শব্দ সম্পাদনা, সংলাপ সম্পাদনা, সংগীত ব্যৱস্থাপনা- নয়নমণি বৰুৱা
পোহৰ – দেৱ বৰদলৈ
অতিৰিক্ত অভিনেতা-অভিনেত্ৰীসকল – বিদ্যুত শইকীয়া, দেব বৰদলৈ, বেদান্ত হাজৰিকা, অংকুৰ জ্যোতি ভূঞা, দিগন্ত দত্ত, ভাৰ্গৱ বৰা, হৰেণ ভৰালী, তৰুণ বুঢ়াগোহাঁই, লক্ষী শইকীয়া, ৰুচি বুঢ়াগোহাঁই, ৰণ্টু ভৰালী, প্ৰদীপ বুঢ়াগোহাঁই, সুজিত বুঢ়াগোহাঁই, মুকুট বুঢ়াগোহাঁই, খগেন বুঢ়াগোহাঁই, প্ৰণনাথ বুঢ়াগোহাঁই, বেণীমাধব বুঢ়াগোহাঁই, দেবেন গগৈ, প্ৰণৱ বৰা, জয়া বুঢ়াগোহাঁই, নিৰু বুঢ়াগোহাঁই, পাৰ্থ প্ৰতীম পাঠক, ধ্ৰুৱজ্যোতি শইকীয়া