ইউক্ৰেইনত ৰাছিয়াই ১৬০ টাতকৈও অধিক মিছাইলেৰে এতিয়ালৈকে আক্ৰমণ চলালে ৷ দুৰ্বল ইউক্ৰেইনৰ একমাত্ৰ আশা – ভৰষা আছিল আমেৰিকা আৰু নৰ্থ আটলান্টিক এছোছিয়েশ্যন অৰ্থাৎ নাটো ৷ কিন্তু বিপদৰ সময়ত সকলোৱে অকলশৰীয়া কৰিলে ইউক্ৰেইনক ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে ইউক্ৰেইনলৈ আমেৰিকান সেনা প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰিছে ৷ নাটোৰ সদস্য দেশসমূহেও ৰাছিয়াক সকীয়ণিৰ বাহিৰে ইউক্ৰেইনক হাতে কামে অকনো সহায় কৰা নাই ৷ অসহায় হৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৈছে ,’সমগ্ৰ বিশ্বই আমাক যুদ্ধ কৰিবলৈ অকলশৰীয়াকৈ এৰি দিলে ৷ ইউক্ৰেইনে এতিয়া নিজৰ শক্তিৰে ৰাছিয়াৰ বিৰুদ্ধে যুঁজিব ৷ আমাৰ সৈতে যুঁজবলৈ কোন সাজু হৈছে ? আমি আমাৰ সৈতে কাকো দেখিবলৈ পোৱা নাই ৷ ইউক্ৰেইনক নাটোৰ সদস্যতা দিবলৈ কোন প্ৰস্তুত আছে ? সকলোৱে ভয় খাইছে ৷’
এনেদৰেই ৰাছিয়াৰ আক্ৰমণৰ সন্মুখত অকলশৰীয়া আৰু অসহায় হৈ পৰিছে ইউক্ৰেইন ৷