ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতে জাঙুৰ খাই উঠিছে আমেৰিকা আৰু নাটো ৷ পুটিনৰ নাম নোলোৱাকৈ আমেৰিকাই ইয়াৰ মূল্য ভৰিব লাগিব বুলি সকীয়াই দিছে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইদেনে ৰাছিয়াৰ এই পদক্ষেপক নিন্দা কৰি কয় যে ৰাছিয়াৰ এই কাৰ্যই মানৱতাক বিপৰ্যস্ত কৰিব ৷ বহু মানুহৰ জীৱন বিপদাপন্ন কৰিব ৷ যিমান ধ্বংসৰ সূচনা হয় , যিমান মানুহৰ মৃত্যু হয় , তাৰ বাবে একমাত্ৰ জগৰীয়া হ’ব ৰাছিয়া ৷ আমেৰিকা আৰু সহযোগী ৰাষ্ট্ৰসমূহে ইয়াৰ সমুচিত প্ৰত্যুত্তৰ দিব বুলিও জ’ বাইডেনে সকীয়াই দিয়ে৷