ৰীলছৰ মায়াজালৰ পৰা নিজক কেনেকৈ মুক্ত কৰিব?

২০২৫ত কেনেকৈ নিজৰ মগজু সুস্থ কৰিব?

সুৰাৰ বটলত লিখা থাকে-সুৰাপান স্বাস্থ্যৰ পক্ষে হানিকৰ৷ তাৰপাছতো মানুহে সুৰাপান কৰে৷ চিগাৰেটৰ পেকেটত লিখা থাকে-ধুম্ৰপান কৰ্কটৰ কাৰণ৷ তাৰপাছতো মানুহে ধুম্ৰপান কৰে ৷ মোবাইলৰ স্ক্ৰীণত একো লিখা নাথাকে৷ তাৰপাছতো সময় অপচয় বুলি জানি-শুনিও মানুহে ঘণ্টাৰ পাছত ঘণ্টা ফেচবুক, ইনষ্টাগ্ৰামৰ ৰীল চাই পাৰ কৰে৷ যদি আপুনিও ৰীলছৰ এই মায়াজালত বন্দী হৈছে, তেনেহ’লে আপুনি আক্ৰান্ত হৈছে ‘ব্ৰেইন ৰট’ত৷ ৰীল চাই সময় অপচয়ক ‘ব্ৰেইন ৰট’ বুলি অভিহিত কৰিছে অক্সফ’ৰ্ড অভিধানে৷ এই ‘ব্ৰেইন ৰট’ শব্দটোক অক্সফ’ৰ্ড অভিধানে বছৰটোৰ শব্দ বুলি অভিহিত কৰিছে৷ যাৰ অৰ্থ হ’ল সামাজিক মাধ্যমৰ নিম্ন মানৰ বিষয়ৰ অত্যধিক উপভোগৰ দ্বাৰা হোৱা কোনো মানুহৰ মানসিক বা বৌদ্ধিক স্থিতিৰ অৱনতি৷ ২০২৩ আৰু ২০২৪ৰ ভিতৰত এই শব্দটোৰ ব্যৱহাৰ ২৩০ শতাংশ বৃদ্ধি পাইছে৷ যাৰ বাবে ‘ব্ৰেইন ৰট’ক বছৰটোৰ শব্দ হিচাপে স্বীকৃতি দিয়া হৈছে৷ এই শব্দটোৰ প্ৰথম ব্যৱহাৰ হৈছিল ১৮৫৪ চনত হেনৰি ডেভিদৰ গ্ৰন্থ ‘ৱাল্ডেন’ত৷

বিগত কেইটামান বছৰত স্মাৰ্ট ফোন সহজলভ্য হোৱাৰ পাছত সমগ্ৰ বিশ্বৰ নাগৰিকসকলে মোবাইলৰ স্ক্ৰীণত যিকোনো কাৰণতে দিনটোৰ অধিকাংশ সময় ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ অনলাইন ব্যৱসায়ৰ পৰা অনলাইন শিক্ষালৈ স্মাৰ্ট ফোন দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য সামগ্ৰীত পৰিণত হৈছে৷ সমীক্ষা অনুসৰি, ভাৰতত এজন লোকে দৈনিক গড়ে ৪.৯ ঘণ্টা সময় স্মাৰ্ট ফোনত অতিবাহিত কৰে৷ নিশ্চিতভাৱে ‘জেন জি’ৰ মাজত এই ব্যৱহাৰ আৰু বেছি হ’ব৷ ইয়াৰ মাজত সামাজিক মাধ্যমৰ মাত্ৰাহীন ব্যৱহাৰ পৰিণত হৈছে বিশ্বজোৰা ব্যাধিত৷ বিশেষকৈ ‘জেন জি’ প্ৰজন্ম, যাৰ জন্ম ১৯৯৬ৰ পৰা ২০১০ চনৰ ভিতৰত, তেওঁলোক সামাজিক মাধ্যমৰ মায়াজালত বন্দী হৈ পৰিছে৷ ৰীলছ উপভোগত ব্যয় কৰিছে দৈনিক ঘণ্টাৰ পাছত ঘণ্টা৷ এই ব্যাধিক অক্সফ’ৰ্ড অভিধানে অভিহিত কৰিছে ‘ব্ৰেইন ৰট’ হিচাপে৷

এই ‘ব্ৰেইন ৰট’ এনে এক আসক্তি, যাৰ পৰা সহজে পৰিত্ৰাণ পোৱাটো খুবেই কঠিন৷ মানুহ কেনেকৈ ব্ৰেইন ৰটৰ চিকাৰ হৈছে, তাৰ সুন্দৰ উদাহৰণসহ এক নিবন্ধ প্ৰকাশ পাইছে ‘দ্য গাৰ্ডিয়ান’ কাকতত৷ চিয়ান বয়লে নামৰ সাংবাদিকগৰাকীয়ে লিখিছে, মানুহৰ মানসিক অৱস্থিতিৰ কিমান অৱনতি ঘটিছে, সেয়া জানিবলৈ আপুনি নাক বন্ধ কৰি ইউ টিউবত ‘স্কিবিডি টয়লেট’ টাইপ কৰক৷ তাৰ পাছত দেখিব যে এটা টয়লেটৰ ভিতৰত এনিমেটেড মানুহৰ মুখ এখনে কোনো অৰ্থ নথকা শব্দৰে গান এটা গাই আছে৷ ১১ ছেকেণ্ডৰ এই ভিডিঅ’টোৰ ইউটিউবত ভিউজ হৈছে ২১৬ মিলিয়ন৷ এই সামান্য অৰ্থহীন ক্লিপটোক আন আন সামাজিক মাধ্যম কোটি কোটি বাৰ ব্যৱহাৰ কৰা হৈছে৷ এই অৰ্থহীন ‘স্কিবিডি’ শব্দটো জেন আলফা অৰ্থাৎ ২০১০ৰ পৰা ২০২০ৰ ভিতৰত জন্ম লাভ কৰা কিশোৰ কিশোৰীসকলে শ্লেংগ্ শব্দ হিচাপেও ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে৷ এয়াই ব্ৰেইন ৰট৷ সামাজিক মাধ্যমৰ অৰ্থহীন বিষয়ত নিমজ্জিত হৈ থকা৷

গাৰ্ডিয়ান কাকতৰ একেটা নিবন্ধতে লিখা হৈছে, ২০ বছৰ পূৰ্বে বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছিল যে সেই সময়ৰ বিজ্ঞানৰ নতুন উদ্ভাৱন ‘ই মেইল’ৰ দ্বাৰা লাভ কৰা ধাৰাসাৰ তথ্যই ব্যৱহাৰকাৰীৰ মগজুত ব্যাপক প্ৰভাৱ পেলাব৷ এই আশংকাৰ ফলাফল হিচাপে দেখা গৈছে যে প্ৰণালীবদ্ধ তথ্যৰ অত্যধিক বোজাই মানুহৰ মগজুত গাঞ্জা সেৱনতকৈও নেতিবাচক প্ৰভাৱ পেলাইছে৷ মানুহৰ আই কিউ অৰ্থাৎ বুদ্ধিমত্তা ১০ পইণ্ট অৱনমিত হৈছে৷ এয়া আছিল স্মাৰ্ট ফোন বজাৰলৈ অহাৰ আগৰ ঘটনা৷ কিন্তু স্মাৰ্ট ফোন সহজলভ্য হোৱাৰ পাছত বৃটেইনত একোজন প্ৰাপ্তবয়স্ক মানুহে দৈনিক গড়ে চাৰি ঘণ্টা সময় অনলাইন ব্যয় কৰিবলৈ লৈছে ৷ জেন জিৰ ক্ষেত্ৰত এই গড় সময় হৈছে ৪.৫ ঘণ্টা৷ শেহতীয়া কেইটামান বছৰত হাৰ্ভাৰ্ড মেডিকেল স্কুল, অক্সফ’ৰ্ড বিশ্ববিদ্যালয় আৰু লণ্ডনৰ কিং’ছ কলেজৰ গৱেষণাত প্ৰকাশ পাইছে যে ইণ্টাৰনেটে আমাৰ স্বাভাৱিক বিকাশৰ প্ৰক্ৰিয়াক স্তিমিত কৰি পেলাইছে৷ মনোযোগৰ ক্ষমতা হ্ৰাস কৰি আনিছে, স্মৃতিশক্তি লোপ পাইছে, বুজন প্ৰক্ৰিয়া বাধাগ্ৰস্ত হৈছে৷

 

‘ব্ৰেইন ৰট’ৰ এই ভয়াৱহতাক বিশ্বৰ বহু দেশৰ চৰকাৰে অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে৷ অষ্ট্ৰেলিয়া চৰকাৰে ১৬ বছৰ বয়সৰ তলৰ শিশুৰ বাবে ইতিমধ্যে সামাজিক মাধ্যম নিষিদ্ধ কৰিছে৷ আমাৰ দেশতো সামাজিক মাধ্যমত বয়সৰ প্ৰতিবন্ধকতা আৰোপক লৈ চৰ্চা অব্যাহত আছে৷ কিন্তু তাৰ পূৰ্বে ‘ব্ৰেইন ৰট’ৰ পৰা নিজক সুৰক্ষিত কৰাটো ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে৷ ফ’ৰ্বছ আলোচনীয়ে প্ৰকাশ কৰিছে ২০২৫ চনত নিজক ‘ব্ৰেইন ৰট’ৰ পৰা মুক্ত কৰি সুস্থ মগজু গঢ়াৰ ১০ টা উপায়। ইয়াৰ ভিতৰত আছে–অকলে থকাৰ সলনি সমাজৰ সৈতে সময় কটাওক, প্ৰকৃতিৰ মাজত সময় কটাওক-বন্ধত ফুৰিবলৈ যাওক, পঢ়া-শিকা যেনে পাজল সমাধান কৰা আদি কাম আৰম্ভ কৰক, জাংক ফুড পৰিহাৰ কৰি সুষম আহাৰ খাওক, শাৰীৰিক সক্ৰিয়তাৰে তেজৰ সঞ্চালন বৃদ্ধি কৰক, সুন্দৰ টোপনি যাবলৈ চেষ্টা কৰক৷ নিজক ব্ৰেইন ৰটৰ পৰা মুক্ত কৰা সুস্থ মগজু গঢ়ি তোলাটো হ’ব পাৰে সমাগত নতুন বছৰৰ এক উল্লেখযোগ্য সংকল্প৷

#instagrambrain rootoxford dictionaryreelsSocial Mediathe crosscurrentword 2025
Comments (0)
Add Comment