মুখ্য সচিবক মাৰপিটৰ গোচৰত আদালতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ,উপ-মুখ্যমন্ত্ৰী মণীষ চিছোদিয়া আৰু অন্য ন জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছে ৷অৱশ্যে আদালতে বিধায়ক আমানুতুল্লা খান আৰু প্ৰকাশ জাৰৱালৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰদান কৰিছে ৷ উল্লেখ্য যে ২০১৮ চনৰ ১৯ আৰু ২০ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আবাসত এখন বৈঠকৰ বাবে তদানীন্তন মুখ্য সচিব অংশু প্ৰকাশক নিমন্ত্ৰণ জনাইছিল ৷এই বৈঠকৰ পাছতে মুখ্য সচিবগৰাকীয়ে কেজৰিৱাল আৰু আন কেবাগৰাকীও ব্যক্তিৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ তুলি গোচৰ তৰিছিল ৷