সাম্প্ৰদায়িক ভাষণেৰে ধৰ্ম সন্দৰ্ভত ঘৃণা আৰু হিংসা বিয়পোৱা সমাজ-বিৰোধী সকলক বাৰ্তা দিয়াৰ সময় সমাগত ৷ এই মন্তব্য কৰিছে গুৰুগ্ৰামৰ এখন আদালতে ৷ শেহতীয়াকৈ ন্যায়ালয়ৰ বহুকেইটা ৰায়দান তথা মন্তব্যই দেশত ব্যাপক চৰ্চা লাভ কৰিছে ৷ কোভিড পৰিস্থিতিৰ পৰা আৰম্ভ কৰি ইউ এ পি এ আইন ,দেশদ্ৰোহী আইনলৈকে বহুক্ষেত্ৰত ন্যায়ালয়ে অতি স্পষ্ট আৰু কঠোৰ মন্তব্যৰে চৰকাৰক জবাবদিহি কৰিছে ৷ শুক্ৰবাৰৰ দিনটোতো গুৰুগ্ৰামৰ এখন আদালতে সাম্প্ৰদায়িক আচৰণৰ বিৰুদ্ধে যথেষ্ট কঠোৰ স্থিতি গ্ৰহণ কৰা দেখা গ’ল ৷ গুৰুগ্ৰামৰ আদালতত জামিনৰ বাবে আবেদন দাখিল কৰিছিল ৰামভগত গোপাল নামৰ যুৱকজনে ৷ ৰামভগত গ্ৰেপ্তাৰ হৈছিল পাতাউদিত চলি থকা এখন মহাপঞ্চায়তত তীব্ৰ সাম্প্ৰদায়িক ভাষণ দিয়াৰ অভিযোগত ৷ ৰামভগত গোপাল ওৰফে ৰাম ভক্ত গোপাল ইয়াৰ পূৰ্বেও দিল্লীৰ জামিয়া এলেকাত কা-বিৰোধী প্ৰতিবাদকাৰীৰ ওপৰত মুকলি গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত আছিল৷ তাৰ পাছত পুণৰবাৰ সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত তেওক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷এইজন ৰামভগতৰ জামিন আবেদন নাকচ কৰি আদালতে কয় যে, আমি সাধাৰণ মানুহৰ বিশ্বাস পুনৰুদ্ধাৰ কৰিব লাগিব যে দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ এতিয়াও জীয়াই আছে। ন্যায়ালয়ে লগতে উল্লেখ কৰে যে, ধৰ্মৰ ওপৰত ভিত্তি কৰি ঘৃণা বিয়পোৱা এনে অসামাজিক উপাদানবোৰক দেশত আইন-কানুন এতিয়াও আছে বুলি এটা বাৰ্তা দিয়াৰ সময় সমাগত।
অভিযোগ অনুসৰি, ৰামভগতে এটা নিৰ্দিষ্ট ধৰ্মীয় সম্প্ৰদায়ৰ ছোৱালী আৰু ব্যক্তিক অপহৰণ আৰু হত্যাৰ কৰিবলৈ প্ৰৰোচিত কৰি সাম্প্ৰদায়িক ভাষণ দিছিল ৷ এই ভাষণৰ ৰেকৰ্ডিং আদালতেও পৰীক্ষা কৰিছে। ৰামভগতে নিজেই আদালতৰ আগত স্বীকাৰ কৰিছে যে ৰেকৰ্ডিঙটোত ঘৃণা বিয়পোৱা সাম্প্ৰদায়িক ভাষণ দিয়া ব্যক্তিজন তেৱেই হয় ৷
ৰামভগতৰ জামিন নাকচ কৰি আদালতে এইবুলিও কয় যে এনে লোক আৰু তেওঁলোকৰ সাম্প্ৰদায়িক ভাষণবোৰ এক প্ৰকৃত গণতান্ত্ৰিক চেতনাৰ বিকাশত বাধা সৃষ্টি কৰে। ই আমাৰ সমাজধ্বংসৰ দিশেলৈ যায় কিয়নো মানুহে ধৰ্মৰ ওপৰত ভিত্তি কৰি যুঁজিবলৈ উদ্যত হৈছে। ধৰ্মীয় সহিষ্ণুতা হৈছে সময়ৰ প্ৰয়োজনীয়তা । সমাজৰ ভিতৰৰ ব্যক্তিসকল একেলগে থকাটো প্ৰয়োজনীয়, বিশেষকৈ যেতিয়া বিভিন্ন সংস্কৃতি আৰু বিভিন্ন ধৰ্মীয় বিশ্বাস থকা লোকে একেখন সমাজত বাস কৰে।
আদালতৰ বক্তব্য অনুসৰি সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা ঘটনা বৰ্তমান সময়ত অতি সুলভ হৈ পৰিছে। যদি এনে ঘৃণা বিয়পোৱা লোকক মুকলিকৈ ঘূৰি ফুৰিবলৈ দিয়া হয় তেন্তে সাম্প্ৰদায়িক সম্প্ৰীতিৰ অস্তিত্ব বিপদাপন্ন হ’ব। লগতে এয়া এটা শিশুৱে সংঘটিত কৰা সৰু ঘটনা নহয়। শিশু হ’লেও ৰামভগতে ভাষণকালত নিজৰ অতীতত কৰা কাম বোৰৰ বৰ্ণনা এনেকৈ দিছিল যে তেওঁ যেন সাম্প্ৰদায়িক ঘৃণা বিয়পাবলৈ কোনো ভয় নকৰে।
ন্যায়ালয়ৰ এই বক্তব্যক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে ৷ সমাজবিৰোধী শক্তিয়ে ন্যায়ালয়ৰ ৰায়ৰ পৰা নিশ্চয় শিকনি লোৱাৰ সময় সমাগত ৷
এই বাতৰি ভিডিওৰ ৰূপত চাবলৈ ইয়াত ক্লিক কৰক ৷