চৰকাৰৰ বিৰুদ্ধে দেশক বিশ্বাসঘাতকতা কৰাৰ অভিযোগ কিয় ৰাহুল গান্ধীৰ ?

পুৱাই ভাৰত চৰকাৰক সকীয়ণি দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ টুইট ৷ ভাৰত-চীন সীমান্তত চীনে নিৰ্মান কাৰ্য চলাই থকা সন্দৰ্ভত টুইট কৰি ৰাহুল গান্ধীয়ে কয় যে চীনে ভৱিষ্যতে শত্ৰুতাপূৰ্ণ কাৰ্যৰ বাবে ভেটি নিৰ্মান কৰি আছে ৷ ভাৰত চৰকাৰে বিষয়টোক আওকান কৰি দেশৰ সৈতে বিশ্বাসঘাতকতা কৰিছে ৷
শেহতীয়াকৈ আমেৰিকান সেনাৰ পেচিফিক কামাণ্ডাৰ জেনেৰেল চালৰ্ছ এ ফ্লিনে কৈছিল যে ভাৰত সংলগ্ন সীমাত চীনে যি নিৰ্মানকাৰ্য সম্পন্ন কৰিছে , সেয়া অতিশয় চিন্তনীয় ৷ চীনে যি হাৰত সেনাৰ আহ যাহ বৃদ্ধি কৰিছে , সেয়াও চকু দিবলগীয়া ৷ ৭ জুনত ভাৰত ভ্ৰমণলৈ অহা আমেৰিকান সেনাৰ বিষয়াগৰাকীয়ে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰিছিল ৷
২০২০ চনৰ ৫ মে’ৰ পৰাই পূৱ লাডাখত দুয়োখন দেশৰ সেনাৰ মাজত সংঘাত অব্যাহত আছে ৷ তাৰ সমান্তৰালভাৱে সীমান্ত অঞ্চলত চীনে এটাৰ পাছত আন এটা নিৰ্মানকাৰ্য চলাই গৈছে ৷ বিগত সপ্তাহত প্ৰকাশ পোৱা খবৰ অনুসৰি , পূৱ লাডাখত চীনে দ্বিতীয়খন দলঙ নিৰ্মানৰ কাম আৰম্ভ কৰিছে ৷ বিষয়টো লৈ আমেৰিকান সেনাই চিন্তা ব্যক্ত কৰাৰ পাছতেই ৰাহুল গান্ধীয়ে ভাৰত চৰকাৰক সকীয়ণি দি এই টুইট কৰে ৷

#bjpGovt#chainaCONGRESSrahulgandhithecrosscurrenttweet
Comments (0)
Add Comment