অসমৰ কৃষকৰ পৰা কোনে লুটি নিলে ৮৫ কোটি টকা?

অসমৰ কৃষকৰ পৰা চৰকাৰে ধান ক্ৰয় নকৰে৷পৰিনতিত অসমৰ কৃষকে ধানৰ উচিত মূল্য লাভ নকৰে৷সেইবাবেই অসমৰ কৃষক দেশৰ অন্য ৰাজ্যৰ কৃষকে লাভ কৰা সুবিধা তথা উচিত মূল্যৰ পৰা বঞ্চিত৷কিন্তু ইমানখিনিৰ পিছতো,নৰেন্দ্ৰ মোদীৰ সহায়ত আম্বানি-আদানীৰ দৰে পুঁজিপতিয়ে অসমৰ খেতিয়কৰ পৰা ৪ বছৰত কেনেকৈ ৮৫ কোটি ৮৮ লাখ টকা লুটি নিলে  আপুনি জানেনে?

২০১৬ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকৰ বাবে মুকলি কৰিছিল এখন বিশেষ আঁচনি।নাম- প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই আঁচনিখনক কৃষকৰ বাবে অভিলাসী আঁচনি বুলি আখ্যা দিছিল,যাৰ জৰিয়তে কৃষকৰ ফচল প্ৰাকৃতিক অথবা অন্য কাৰণত নষ্ট হলে বীমাৰ যোগেদি ক্ষতিপূৰণ লাভ কৰিবকৃষকে।কিন্তু কৃষকৰ উপকাৰৰ নামত মুকলি কৰা এই আঁচনি খন প্ৰকৃততে কৃষকৰ উপকাৰৰ বাবে নাছিল, আছিল দেশৰ কেইজনমান বিশেষ পুঁজিপতিৰ উপকাৰৰ বাবেহে।কাৰণ,ইয়াৰ জৰিয়তে দেশৰ এইসকল পুঁজিপতিয়ে অসমৰ খেতিয়কৰ পৰা ৪ বছৰত লুটি নিলে সৰ্বমুঠ ৮৫ কোটি ৮৮ লাখ টকা।

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা কাৰ্যকৰী কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে নিযুক্তি দিছিল দেশৰ ১০ টা ইঞ্চুৰেঞ্চ কোম্পানীক।এই দহটা কোম্পানীয়ে বিমাৰ নামত প্ৰতিবছৰে প্ৰিমিয়াম সংগ্ৰহ কৰে আৰু ক্ষতিৰ সম্মুখীন হোৱা কৃষকক ক্ষতিপূৰণ প্ৰদান কৰে। এই আঁচনিৰ নীতি অনুসৰি,প্ৰতিজন খেতিয়কৰ বীমাৰ বিপৰীতে প্ৰিমীয়ামৰ এটা অংশ বহন কৰিব  লাগে কৃষকে,এটা অংশ বহন কৰে ৰাজ্য চৰকাৰে আৰু আন এটা অংশ বহন কৰে কেন্দ্ৰীয় চৰকাৰে। সেই অনুসৰি ২০১৬-১৭ বৰ্ষত অসমৰ প্ৰায় ৬০ হাজাৰ কৃষকৰ বীমাৰ বাবে এই তিনিটা পক্ষই কোম্পানীক সৰ্বমুঠ প্ৰিমিয়াম প্ৰদান কৰিছিল ৮ কোটি ৬৪ লাখ  টকা।পৰৱৰ্তী ২০১৭-১৮ বৰ্ষত বীমা কৰা কৃষকৰ সংখ্যা হ্ৰাস পালে।কিন্তু কৃষকৰ সংখ্যা কমিলেও কোম্পানীৰ লাভ নকমিবলৈ মোডী চৰকাৰে প্ৰিমিয়াম বঢ়াই দিলে।২০১৭-১৮ বৰ্ষত বীমা কৰা অসমৰ প্ৰায় ৫৫ হাজাৰ কৃষকৰ বিপৰীতে চৰকাৰে ইঞ্চুৰেঞ্চ কোম্পানীক সৰ্বমুঠ প্ৰিমীয়াম প্ৰদান কৰিলে ১১.৯০ কোটি টকা।ঠিক তেনেকৈ ২০১৮-১৯ বৰ্ষত বীমা কৰা অসমৰ ৭৪ হাজাৰ কৃষকৰ বিপৰীতে চৰকাৰে কোম্পানীক প্ৰিমিয়াম প্ৰদান কৰিলে ১৩ কোটি ২৫ লাখ টকা।আকৌ ২০১৯-২০ বৰ্ষত অসমৰ ৩ লাখ ৮৭ হাজাৰ কৃষকে বীমা কৰিছিল আৰু ইয়াৰ বিপৰীতে চৰকাৰে আচৰিত ধৰণে কোম্পানীক প্ৰিমিয়াম প্ৰদান কৰিছিল  ৫৮ কোটি ৭৩ লাখ টকা।

সেই হিচাপত, ২০১৬ চনৰ পৰা ২০২০ চনলৈ অসমৰ খেতিয়কৰ বীমাৰ নামত এই সমূহ ইঞ্চুৰেঞ্চ কোম্পানীয়ে প্ৰতিজন কৃষক,অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৰা সংগ্ৰহ কৰিছিল সৰ্বমুঠ ৯২ কোটি ৫২ লাখ টকা।

কিন্তু ইমান টকাৰ প্ৰিমিয়াম সংগ্ৰহ কৰা এই কোম্পানী সমূহে অসমৰ কৃষকক কিমান টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিলে আপুনি জানেনে?অসমত প্ৰতিবাৰেই বানপানীয়ে কৃষি নষ্ট কৰে।কিন্তু তাৰপিছতো এই কোম্পানী সমূহে এই চাৰিটা বছৰত অসমৰ কৃষকক ক্ষতিপূৰণ দিলে মাত্ৰ ৬ কোটি ৬৪ লাখ টকা।২০১৬-১৭ বৰ্ষত অসমৰ কৃষকে এই কোম্পানী সমূহৰ পৰা লাভ কৰিছিল ৫ কোটি ৩৭ লাখ টকাৰ ক্ষতিপূৰ৷,২০১৭-১৮  বৰ্ষত লাভ কৰিছিল ১ কোটি ১৮ লাখ টকাৰ ক্ষতিপূৰণ৷২০১৮-১৯  বর্ষত লাভ কৰিছিল ৯ লাখ টকা আৰু ২০১৯-২০ বৰ্ষত ১৪ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি নাপালে  নাপালে ফুটা কড়ি এটাও।

এতিয়া আপুনি চাৰি বছৰত ইঞ্চুৰেঞ্চ কোম্পানী সমূহে সংগ্ৰহ কৰা ৯২ কোটি ৫২ লাখৰ পৰা ৪ বছৰত অসমৰ কৃষকে লাভ কৰা ৬ কোটি ৬৪ লাখ টকা বিয়োগ কৰিলে পাব ৮৫ কোটি ৮৮ লাখ টকা। অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ অভিলাসী আঁচনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত অসমৰ কৃষকৰ পৰা পুঁজিপতি মালিকাধিন ইঞ্চুৰেঞ্চ কোম্পানী সমূহে লুটি নিলে ৮৫ কোটি ৮৮ লাখ টকা।

Comments (0)
Add Comment