মানুহৰ দেহত গাহৰিৰ হৃদপিণ্ড সফলতাৰে সংৰোপন

আমেৰিকাৰ এখন চিকিৎসালয়ত এগৰাকী ব্যক্তিৰ দেহত সফলতাৰে সংৰোপন কৰা হয় গাহৰিৰ হৃদপিণ্ড। আমেৰিকাৰ মেৰিলেণ্ড ইউনিভাৰচিটী অৱ মেডিকেল স্কুলত এই কাৰ্য সফলতাৰে সমাপ্ত হৈছে। এগৰাকী ৫৭বছৰীয়া লোকৰ দেহত গাহৰিৰ হৃদযন্ত্ৰ সফলতাৰে সংৰোপন কৰা হয়। সোমবাৰে এই জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰে চিকিৎসক চাৰ্জন বাৰ্টলী পি গ্ৰিফিথে। ডেভিদ বেনেট নামৰ ব্যক্তিগৰাকীৰ দেহত প্ৰথমবাৰৰ বাবে সংৰোপন কৰা হয় গাহৰিৰ হৃদযন্ত্ৰ। মেৰিলেণ্ডৰ বাসিন্দাজনে অস্ত্ৰোপচাৰৰ এদিন আগতে কৈছিল,” এই সংৰোপণ কৰিলে মোৰ মৃত্যু হ’ব নাইবা জীয়াই থাকিম। কিন্তু মই জীয়াই থাকিব বিচাৰোঁ। মই জানো যে এইকণ সময় মোৰ বাবে অন্ধকাৰ সময়, কিন্তু এইটো মোৰ শেষ পছন্দ,”।
অসমৰ চিকিৎসক ডাঃ ধনীৰাম বৰুৱাই বহু আগতেই গাহৰিৰ হৃদপিণ্ড মানৱ দেহত সংৰোপনৰ চেষ্টা চলাইছিল ৷

#implant#pig_heart#thecrosscurret#usman
Comments (0)
Add Comment