যুদ্ধ আৰম্ভ : তেলৰ বজাৰত জ্বলিছে জুই

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত মিছাইল আক্ৰমণ আৰম্ভ কৰাৰ পাছতে তেলৰ বজাৰতো জুই জ্বলিছে ৷ প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ১০০ ডলাৰতকৈও অধিক হৈ পৰিছে ৷ ৰাছিয়া আৰু চৌদী আৰৱেই হ’ল খাৰুৱা তেল সৰ্বাধিক পৰিমানে মজুত থকা দুখন দেশ ৷ ৰাছিয়াৰ পৰাই সমগ্ৰ বিশ্বলৈ প্ৰাকৃতিক গেছো ৰপ্তানি কৰা হয় ৷ যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন দেশে ৰাছিয়াৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷ যাৰ বাবে তেলৰ দাম হো হোৱাই বাঢ়িছে ৷

#petroleumprice#RussiaUkraine#thecrosscurret#ukrainerussia
Comments (0)
Add Comment