ভাৰতত দ্ৰুতগতিত সংক্ৰমিত হৈছে অমিক্ৰণ

ভাৰতত অ’মিক্ৰণ দ্ৰুতগতিত সংক্ৰমিত হৈছে। আজিৰ দিনটোত ভাৰতৰ অ’মিক্ৰনত আক্রান্ত সংখ্যা ১৪৩১ জন, মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৫৪ জন, দিল্লীত ৩৫১ জন, তামিলনাডুত ১১৮ জন, গুজৰাটত ১১৫ জন আৰু কেৰালাত ১০৯ জন । ইফালে দেশখনত যোৱা ২৪ ঘণ্টাত ২২,৭৭৫ জন নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে। আনহাতে মৃত্যু হৈছে ৪০৬ জনৰ লোকৰ । আনহাতে আজিৰে পৰা ভাৰতত কোউইন পৰ্টেলত 15 ৰ পৰা 18 বছৰ বয়সৰ শিশুৰ বাবে কোভিড-19 ভেকছিনৰ বাবে পঞ্জীয়ন মুকলি কৰিছে। “যদি শিশুসকল সুৰক্ষিত হয়, তেন্তে দেশৰ ভৱিষ্যত সুৰক্ষিত। মই পৰিয়ালৰ সদস্যসকলক টিকাকৰণৰ বাবে যোগ্য শিশুসকলক পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছো’’- এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই ৷
মান্দাৱিয়াই ইয়াৰ পূৰ্বে প্ৰকাশ কৰিছিল যে ভাৰতত ১৪৫ কোটি লোকক কোভিড টিকাকৰণৰ দিয়া হৈছে। তেওঁ এক টুইটযোগে কয়, “২০২১ চনৰ প্ৰত্যাহ্বানপূৰ্ণ বৰ্ষত অপৰিসীম দৃঢ়তা, সংকল্প আৰু সংকল্প প্ৰদৰ্শন কৰাৰ বাবে আমাৰ চিকিৎসক, বিজ্ঞানী, স্বাস্থ্যসেৱা আৰু ফ্ৰণ্টলাইন কৰ্মীসকলৰ প্ৰতি মোৰ কৃতজ্ঞতা।”

#omicron#thecrosscurretindia
Comments (0)
Add Comment