ক’ভিডৰ নতুন ভেৰিয়েন্টৰ তথ্য

সমগ্ৰ বিশ্বতে আতংক সৃষ্টি কৰা ক’ভিডৰ ডেল্টা আৰু অ’মিক্ৰন ভেৰিয়েণ্টৰ পিছতেই BA.2 নামৰ এটা নতুন ভেৰিয়েণ্ট পোহৰলৈ আহিছে। মধ্য প্ৰদেশৰ ইন্দোৰত অ’মিক্ৰনৰ চাব-ভেৰিয়েণ্ট বিএ-2 পোহৰলৈ আহিছে। ইতিমধ্যে মধ্য প্ৰদেশত BA- 2 ভেৰিয়েণ্টত ১৬ জন লোকক দেহত সংক্ৰমিত হৈছে। ইয়াৰে ৬ জন শিশুৰ দেহতো সংক্ৰমিত হৈছে BA. 2 ভেৰিয়েণ্ট। ইতিমধ্যে সমগ্ৰ দেশৰ পৰা ৫৩০টা নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। উল্লেখ্য, অষ্ট্ৰেলিয়া, ব্ৰিটেইন আৰু ডেনমাৰ্কতো BA. 2 ভেৰিয়েণ্টত সংক্ৰমণ হৈছে। কভিড পৰীক্ষাৰ কিটতো ধৰা পৰা নাই এই ভেৰিয়েণ্ট।

#omicron#thecrosscurretcovidindia
Comments (0)
Add Comment