কোভিডৰ এক নতুন সংস্কৰণ “নিওকোভ”ৰ উপস্থিতি দক্ষিণ আফ্ৰিকাত ধৰা পৰা বুলি সদৰী কৰিছিল চীনৰ এদল বিজ্ঞানীয়ে ৷ তেওলোকৰ মতে বৰ্তমান কেৱল জীৱ- জন্তুৰ মাজত এই ভাইৰাছ সংক্ৰমিত হৈ আছে যদিও অদূৰ ভৱিষ্যতে ই ভয়াৱহ ৰুপ ল’ব পাৰে ৷ চীনৰ বিজ্ঞানীৰ এই সকীয়ণিৰ বিপৰীতে বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে যে নিওকোভৰ বিষয়ে তেওলোক অৱগত যদিও ই কিমান ভয়াৱহ সেয়া নিৰূপণ কৰিবৰ বাবে অধিক অধ্যয়নৰ প্ৰয়োজন হ’ব ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে নিওকোভত বেছিভাগ বনৰীয়া জীৱ জন্তু আক্ৰান্ত হৈছে ৷