বিছিন্নতাবাদী নেতাৰ মৃত্যু

বিছিন্নতাবাদী নেতাৰ মৃত্যু

তিহাৰ জে’লৰ কাৰাবন্দী আলতাফ শ্বাহৰ মৃত্যু৷ কাশ্মীৰৰ বিছিন্নতাবাদী নেতা আছিল আলতাফ ৷ প্ৰয়াত হুৰিয়ট নেতা ছৈয়দ আলী শ্বাহ গিলানীৰ জোঁৱায়েক আছিল আলতাফ শ্বাহ৷ হুৰিয়ট নেতা আলতাফ শ্বাহক ২০১৭ চনৰ ২৫ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ শ্ৰীনগৰৰ চৌৰা অঞ্চলৰ বাসিন্দা আলতাফক তেওঁৰ সহযোগী আন ৬ জনৰ লগত একেলগে গ্ৰেপ্তাৰ কৰা হৈছিল৷ সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰাৰ অপৰাধত তেওঁৰ লগতে আনকেইজনক ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থাই গ্ৰেপ্তাৰ কৰিছিল৷ তেওঁ তিহাৰ জেলত বন্দী হৈ থকাৰ সময়তে অসুস্থ হৈ পৰিছিল৷ বিগত ১ অক্টোবৰত তেওঁক দিল্লী উচ্চ ন্যায়ালয়ে চিকিৎসাৰ বাবে নতুন দিল্লীৰ আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানলৈ যোৱাৰ অনুমতি দিয়ে৷ কৰ্কট ৰোগত আক্ৰান্ত আলতাফ শ্বাহৰ অৱস্থা বিগত দিনকেইটাত গুৰুতৰ হৈ পৰে আৰু মঙলবাৰে পুৱা মৃত্যুক সাৱটি লয়৷

Comments (0)
Add Comment