দেশত জনসংখ্যা বৃদ্ধিৰ সলনি এতিয়া কমিছেহে নেকি?জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে হাতত লোৱা পৰিয়াল পৰিকল্পনা আদিৰ প্ৰয়োজনীয়তা নোহোৱা হৈ আহিছে নেকি?অসম আৰু উত্তৰ প্ৰদেশে জন্মনিয়ন্ত্ৰণৰ বাবে আইন প্ৰণয়নৰ চিন্তা চর্চা কৰিছে৷মুছলমান জনসংখ্যা বৃদ্ধিক লৈও সৰৱ চর্চা চলিছে৷কিন্তু এইবোৰৰো প্ৰয়োজনীয়তা এতিয়া নোহোৱা হৈ আহিছে নেকি?স্বাধীনতাৰ পিছত ১০০ কোটি জনসংখ্যা বৃদ্ধি হল ভাৰতত৷স্বাধীনতাৰ সময়ত ভাৰতৰ মুঠ জনসংখ্যা আছিল ৩৬ কোটি৷২০১১ চনৰ লোকপিয়ল অনুসৰি দেশৰ বর্তমানৰ জনসংখ্যা ১৩৬ কোটি৷শেহতীয়া লোকপিয়ল অনুসৰি,প্ৰতি বছৰে দেশত ২ কোটি ৪০ লাখ শিশুৰ জন্ম হৈছে আৰু ৮৮ লাখ লোকে প্ৰাণ হেৰুৱাই আহিছে৷অর্থাৎ প্ৰতিবছৰে দেশত প্ৰায় ১ কোটি ৫২ লাখকৈ জনসংখ্যা বৃদ্ধি হৈ আহিছে৷তাৰপিছতো ভাৰত চৰকাৰৰ এক তথ্যই উত্থাপন কৰিছে প্ৰশ্ন,দেশত জনসংখ্যা বৃদ্ধিৰ সলনি এতিয়া কমিছেহে নেকি?
শেহতীয়া কৈ প্ৰকাশ পাইছে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ National Family Health Survey ৰ প্ৰতিবেদন৷প্ৰতি ৫ বছৰৰ মূৰে মূৰে চলা এই সমীক্ষাত তথ্য সংগ্ৰহ কৰা হৈছে দেশৰ ৭০৭ খন জিলাৰ ৬ লাখ ৫০ হাজাৰ পৰিয়ালৰ পৰা৷এই প্ৰতিবেদন অনুসৰি দেশত জন্মৰ হাৰ হ্ৰাস পাইছে দুইলৈ৷যদিহে এই ধাৰা অটুট থাকে,তেন্তে ভবিষ্যতে দেশত জনসংখ্যা বৃদ্ধিৰ সলনি কমিবহে৷অর্থাৎ এতিয়া দেশত যিমান জনসংখ্যা আছে ভবিষ্যতে দেশৰ জনসংখ্যাৰ পৰিমান ইয়াতকৈ কম হব৷এই সন্দর্ভত সৱিশেষ বুজিবলৈ আপুনি বুজিব লাগিব টি এফ আৰ অর্থাৎ Total Fertility Rate. ৰ বিষয়ে৷টি এফ আৰ অর্থাৎ জন্মৰ হাৰ হৈছে এগৰাকী মহিলাই জন্ম দিয়া সন্তানৰ এটা গড় সংখ্যা৷জন্মৰ হাৰ নির্নয়ৰ বাবে প্ৰথমে ১৫ বছৰৰ পৰা ৪৯ বছৰৰ মহিলা সকলক বয়সৰ ভিত্তিত ৭ টা স্তৰত ভাগ কৰা হয়৷উদাহৰণ স্বৰুপে ১৫ বছৰৰ পৰা ১৯ বছৰলৈ এটা স্তৰ,অথবা ২০ বছৰলৈ এটা স্তৰ৷ইয়াৰ পিছত প্ৰতিটো স্তৰত থকা সর্বমুঠ মহিলাৰ সংখ্যাৰে তেওলোকে জন্ম দিয়া সর্বমুঠ সন্তানৰ সংখ্যাক হৰণ কৰা হয়৷ইয়াৰ পৰা যিটো সংখ্যা ওলাব সেইটোয়ে হব সেই স্তৰটোৰ মহিলাৰ জন্মৰ হাৰ৷আটাইকেইটা স্তৰৰ জন্মৰ হাৰৰ গড় সংখ্যাটোকেই সার্বজনীন জন্মৰ হাৰ বুলি গন্য কৰা হয়৷শেহতীয়া National Family Health Survey ৰ প্ৰতিবেদন অনুসৰি দেশত বর্তমান জন্মৰ হাৰ দুই৷অর্থাৎ গড় হিচাপত দেশত এতিয়া প্ৰতি গৰাকী মহিলাই জন্ম দিয়ে দুটিকৈ সন্তান৷সেই অনুসৰি চহৰ অঞ্চলত জন্মৰ হাৰ ১.৬ আৰু গ্ৰামাঞ্চলত জন্মৰ হাৰ ২.১৷
এতিয়া জনাব বিচাৰিছো আপোনাক আচল খবৰটো৷ৰাষ্ট্ৰসংঘৰ মতে ফার্টিলিটি ৰেট বিল” ৰিপ্লেচমেন্ট লেভেল হৈছে ২.১৷ইয়াৰ অর্থ হৈছে ৰাষ্ট্ৰসংঘৰ মতে জন্মৰ হাৰ ২.১ হলে জন্ম আৰু মৃত্যুৰ হাৰ সমপর্যায়ৰ হয় আৰু জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ হয়৷অর্থাৎ এখন দেশত জন্মৰ হাৰ ২.১ ৰ তললৈ অহাৰ অর্থ দেশখনত জন্মতকৈ মৃত্যুৰ সংখ্যা বেছি৷ National Family Health Survey ৰ তথ্য অনুসৰি ভাৰতে সেই সীমা স্পর্শ কৰিছে৷অর্থাৎ ভাৰতত যদি,জন্মৰ হাৰ ২ হৈ ৰয়,তেন্তে ভৱিষ্যতে দেশত জনসংখ্যা বৃদ্ধিৰ সলনি কমিহে আহিব৷কিন্তু এই প্ৰক্ৰিয়াটো আৰম্ভ হবলৈও ৩০ বছৰতকৈ অধিক সময়ৰ প্ৰয়োজন হব৷
উল্লেখনীয় যে, National Family Health Survey ৰ প্ৰতিবেদন অনুসৰি ২০০০ চনত দেশত জন্মৰ হাৰ আছিল ৩.২৷২০১৬ চনৰ সমীক্ষা অনুসৰি জন্মৰ হাৰ হ্ৰাস পালে ২.২ লৈ৷আনহাতে জন্মৰ হাৰ সন্দর্ভত মুছলমানৰ প্ৰসংগ উত্থাপন হৈ আহিলেও সেই হাৰো এতিয়া হ্ৰাস পাইছে৷২০১৫ চনত মুছলমানৰ জন্মৰ হাৰ ৪.৪ ৰ বিপৰীতে বর্তমান সেই হাৰ হ্ৰাস পাইছে ২.৬ লৈ৷
National Family Health Survey ৰ তথ্য অনুসৰি প্ৰথম বাৰলৈ দেশত পুৰুষৰ সংখ্যাতকৈ বৃদ্ধি পাইছে মহিলাৰ সংখ্যা৷বর্তমান দেশত ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০২০ গৰাকী৷২০১৫ চনত ১০০০ জন পুৰুষৰ বিপৰীতে আছি ৯৯১ গৰাকী মহিলা৷