কৃষি আইনৰ পাছত বাতিল হ’ব নেকি নতুন শ্ৰম আইন ?

তিনিখন কৃষি আইনৰ পাছত বাতিল হ’ব পাৰে নতুন শ্ৰম আইন ৷ ব্লুমবাৰ্গত প্ৰকাশিত খবৰ অনুসৰি , কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে শ্ৰম আইন বাতিল কৰাৰ বাবেও চিন্তা চৰ্চা কৰি আছে ৷ দেশৰ ১০ টাকৈ ট্ৰেড ইউনিয়নৰ তীব্ৰ বিৰোধিতাৰ বাবেই এই সিদ্ধান্ত লোৱাৰ কথা ভাবিছে শ্ৰম মন্ত্ৰালয়ে ৷ এই আইনখন কাৰ্যকৰী কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে চাৰিবাৰ সময়সীমা বৃদ্ধি কৰিছে ৷ শ্ৰম আইন কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব , সেই সন্দৰ্ভত কোনো স্পষ্ট সময়সীমা এতিয়াও ঘোষণা কৰিব পৰা নাই কেন্দ্ৰই ৷ কাৰণ সন্মুখত আছে ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন ৷ নতুন শ্ৰম আইনত কোনো কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ নিয়ম কোম্পেনীসমূহৰ বাবে অত্যন্ত শিথিল কৰি দিয়া হৈছে ৷ যাৰ বাবে ট্ৰেড ইউনিয়নসমূহে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আছে ৷ এনে পৰিস্থিতিত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিব পাৰে নতুন শ্ৰম আইন ৷

#farm_lows#labor_lows#thecrosscurret
Comments (0)
Add Comment