দেশৰ এজন সচেতন নাগৰিক হিচাপে MSPৰ কথা আপুনি নিশ্বয়কৈ শুনিছে। শেহতীয়াকৈ নৰেন্দ্ৰ মোদী চৰকাৰে বাতিল কৰা তিনিখনকৈ বিতৰ্কিত কৃষি আইনৰ লগত বিশেষ ভাৱে জড়িত এই MSP। উল্লেখ্য যে বৰ্তমানো চলি থকা দেশৰ কৃষক আন্দোলনৰ এটা মূল চালিকা শক্তি হৈছে MSP। কিন্তু কি এই MSP? কোনে নিৰ্ধাৰণ কৰে MSP? ভাৰতত কেনেকৈ আৰম্ভ হৈছিল MSPৰ ধাৰণা? সাধাৰণ অৰ্থত MSP মানে হৈছে Minimum Support Price অৰ্থাৎ নূন্যতম সমৰ্থন মূল্য। এই নূন্যতম মূল্যই কৃষক সকলে নিৰ্দিষ্ট শস্য বিক্ৰী কৰাৰ সময়ত Safety Guard বা বীমা হিচাপে কাম কৰে। এই শস্যবোৰ চৰকাৰী সংস্থাসমূহে কৃষক সকলৰ পৰা প্ৰতিশ্ৰুতি দিয়া মূল্যত ক্ৰয় কৰে আৰু কোনো পৰিস্থিতিতে এই ক্ৰয় কৰা মূল্য অৰ্থাৎ নূন্যতম সমৰ্থন মূল্য সলনি কৰিব নোৱাৰি। সেয়েহে MSPৰ ধাৰণাটোৱে দেশৰ কৃষকসকলক এনে বিপদ সংকুল পৰিস্থিতিত সুৰক্ষা দিয়ে যেতিয়া শস্যৰ মূল্য যথেষ্ট হ্ৰাস পায়। দেশৰ কৃষকসকলৰ পৰা চৰকাৰে নূন্যতম সমৰ্থন মূল্যৰ বিনময়ত ক্ৰয় কৰা শস্যবোৰৰ ভিতৰত শীৰ্ষত আছে ঘেঁহু আৰু চাউল। MSPৰ অধীনত মুঠ ২২ৰ পৰা ২৩ বিধ শস্য ক্ৰয় কৰা হয়। MSP নিৰ্ধাৰণ কৰে মূলত কেন্দ্ৰীয় চৰকাৰে। Commission for Agricultural Cost and prices চমুকৈ CACPৰ পৰামৰ্শৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয় MSP। CACPক MSP নিৰ্ধাৰণ কৰাৰ দায়িত্ব দিয়া হৈছে। কৃষকৰ সমস্যা সমাধানৰ বাবে চৰকাৰে গঠন কৰা স্বামীনাথন কমিটিৰ ফৰ্মূলাৰ আধাৰত নিৰ্ধাৰণ কৰা হয় MSP অৰ্থাৎ নূন্যতম সমৰ্থন মূল্য। এমএচপি কেনেকৈ অস্তিত্বত আহিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছে প্ৰৱৰ্তন কৰা ৰেচন প্ৰণালীৰ মাধ্যমেৰে ভাৰতলৈ আহিছিল MSPৰ ধাৰণা। ১৯৪২ চনত দেশত এটা খাদ্য বিভাগ সৃষ্টি কৰা হৈছিল । স্বাধীনতাৰ পিছত এই বিভাগটোক খাদ্য মন্ত্ৰালয়লৈ উন্নীত কৰা হয়। সেই সময়ত দেশ তীব্ৰ খাদ্যৰ সংকটৰ সন্মুখীন হৈছিল। যেতিয়া ষাঠীৰ দশকত সেউজ বিপ্লৱ আৰম্ভ হৈছিল তেতিয়া ভাৰতে সক্ৰিয়ভাৱে খাদ্য ভাণ্ডাৰ বৃদ্ধি কৰিবলৈ আৰু খাদ্য সংকট প্ৰতিহত কৰিবলৈ উঠি পৰি লাগিছিল। অৱশেষত ১৯৬৬-৬৭ চনত ঘেঁহুৰ বাবে MSP আৰম্ভ কৰা হৈছিল আৰু অন্যান্য অত্যাৱশ্যকীয় খাদ্য শস্য অন্তৰ্ভুক্ত কৰিবলৈ ইয়াক আৰু অধিক সম্প্ৰসাৰিত কৰা হৈছিল। তেতিয়া ৰাজহুৱা বিতৰণ প্ৰণালীৰ অধীনত ৰাজসাহায্যযুক্ত হাৰত দৰিদ্ৰলোকক এই খাদ্য শস্য বোৰ বিক্ৰী কৰা হৈছিল। MSP অৰ্থাৎ নিম্নতম সমৰ্থন মূল্যৰ ধাৰণা কেইবা দশক ধৰি চলি আহিছে আৰু কৃষকৰ উপাৰ্জন বৃদ্ধিৰ বাবে MSP এটা গুৰুত্বপূৰ্ণ ধাৰণা হোৱা সত্ত্বেও দেশৰ কোনো আইনত MSPৰ কোনো উল্লেখ পোৱা নাযায়। চৰকাৰে বছৰত দুবাৰকৈ MSP অৰ্থাৎ নূন্যতম সমৰ্থন মূল্য ঘোষণা কৰে যদিও MSP বাধ্যতামূলক কৰা কোনো আইন দেশত নাই। ইয়াৰ অৰ্থ হৈছে যে চৰকাৰে যদিও কৃষকসকলৰ পৰা MSP অৰ্থাৎ নূন্যতম সমৰ্থন মূল্যত খাদ্য শস্য ক্ৰয় কৰে তথাপিও কিন্তু আইনৰ দ্বাৰা এনে কৰিবলৈ চৰকাৰ বাধ্য নহয়। দৰাচলতে এনে কোনো আইন নাই য’ত কোৱা হৈছে যে ব্যক্তিগত ব্যৱসায়ীসকলৰ ওপৰতো MSP আৰোপ কৰিব পাৰি। Commission for Agricultural Cost and prices-এ আগতে কৃষকসকলৰ বাবে এক কঠোৰ MSP আইন প্ৰস্তুত কৰিবলৈ আইন প্ৰণয়ন কৰিবলৈ কৈছিল কিন্তু কেন্দ্ৰই এই পৰামৰ্শ গ্ৰহণ কৰা নাছিল। তিনি খনকৈ কৃষি আইনত MSP অৰ্থাৎ নূন্যতম সমৰ্থন মূল্যৰ কোনো কথা উল্লেখ নথকাটো দেশৰ কৃষক সমাজে কৃষি আইনক লৈ অসন্তুষ্টি ব্যক্ত কৰাৰ এটা মূল কাৰণ। যদিও নৰেন্দ্ৰ মোদীৰ চৰকাৰে কৃষকসকলক মৌখিকভাৱে প্ৰতিশ্ৰুতি দিছিল যে MSPৰ ব্যৱস্থা অব্যাহত থাকিব তথাপিও কিন্তু কৃষকসকলে চৰকাৰী পক্ষক বিশ্বাস কৰিব পৰা নাই। অৱশ্যে চৰকাৰে এতিয়া বাতিল কৰা তিনিখন কৃষি আইনৰ সৈতে MSPৰ কোনো সম্পৰ্ক নাই। উল্লেখযোগ্য যে কৃষকৰ নূন্যতম সমৰ্থন মূল্য সুৰক্ষিত কৰাৰ বাবে দেশত কোনো আইন নাই। যদিও কৃষকসকলক ব্যক্তিগত প্ৰতিষ্ঠানকে ধৰি যিকোনো সংস্থাক নিজৰ খাদ্য শস্য বিক্ৰী কৰিবলৈ অনুমতি দিয়া হৈছে তথাপিও কিন্তু কৃষক সকলে চৰকাৰৰ পৰা MSPক লৈ লিখিত প্ৰতিশ্ৰুতি দাবী কৰিছে কিয়নো কৃষক সকলে ভয় কৰে যে নূন্যতম সমৰ্থন মূল্য অবিহনে কৰ্পোৰেট গোষ্ঠীবোৰে কৃষক সমাজক শোষণ কৰিবলৈ আৰম্ভ কৰিব। কৃষক গোটবোৰে কি কয় | সংবাদ মাধ্যমৰ আগত কেইবাটাও কৃষক সংগঠনে ব্যাখ্যা কৰিছে যে নতুন আইন অনুসৰি ব্যক্তিগত পক্ষবোৰক বিক্ৰী কৰা শস্যৰ মূল্য MSPৰ সৈতে সংযুক্ত কৰাৰ কোনো প্ৰয়োজন নাই । মাণ্ডি নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। এই সুৰক্ষা ব্যৱস্থা অবিহনে ক্ষুদ্ৰ কৃষকসকল কৰ্পোৰেট গোষ্ঠীৰ দ্বাৰা শোষণৰ বলি হোৱাৰ সম্ভাৱনা আছে। মন কৰিব লগীয়া যে দেশৰ ৮৬ শতাংশ কৃষকৰ মাটিৰ পৰিমাণ ৮৬ শতাংশতকৈ কম। কিন্তু কৃষক সকলৰ এনে যুক্তিৰ বিপৰীতে এই ধাৰণাটো এতিয়া সমালোচনাৰো সন্মুখীন হৈছে। বিগত বছৰবোৰত MSP অৰ্থাৎ নূন্যতম সমৰ্থন মূল্যক কেন্দ্ৰ কৰি চলা ৰাজনীতি হৈছে ভাৰতৰ কৃষকসকলে কৃষি ক্ষেত্ৰ খনত সংস্কাৰ বিচৰাৰ এটা অন্যতম কাৰণ। ২০১৫ চনৰ শান্তা কুমাৰ সমিতিৰ প্ৰতিবেদন অনুসৰি যদিও দেশৰ কৃষক সকলে বৰ্তমান চলি থকা ব্যৱস্থাৰ জৰিয়তে এক প্ৰকাৰৰ Safety Guard লাভ কৰে তথাপিও কিন্তু ভাৰতৰ মাত্ৰ ৬ শতাংশ কৃষকেহে প্ৰকৃততে নিজৰ শস্য MSP অৰ্থাৎ নূন্যতম সমৰ্থন মূল্যত বিক্ৰী কৰিবলৈ সক্ষম হয়। কৃষি আইনৰ সমালোচকসকলে কয় যে চলি থকা মাণ্ডি ব্যৱস্থাৰ ফলত ইতিমধ্যে মধ্যস্থতাকাৰীৰ দ্বাৰা কৃষকসকলক শোষণ কৰা হৈছে। এতিয়া যদি আকৌ দেশৰ কৃষক সমাজক বৃহৎ মধ্যস্থতাকাৰী গোষ্ঠীৰ সৈতে পৰিচয় কৰাই দিয়া হয় তেন্তে ই কৃষক সকলৰ আৰু অধিক ক্ষতি কৰিব পাৰে। দেশত স্বাধীনতাৰ পিছৰে পৰাই MSPৰ নামত ৰাজনীতি চলি আহিছে। দেশৰ সৰহ সংখ্যক কৃষকে MSP ব্যৱস্থাৰ পৰা লাভান্বিত হোৱা নাই। বিগত কেইবা দশক ধৰি দেশৰ কৃষক সমাজ MSP অৰ্থাৎ নূন্যতম সমৰ্থন মূল্য সুৰক্ষিত কৰিব পৰা এখন আইনৰ অভাৱত ভুগি আছে। কৃষক সমাজে বিচাৰে যে কৃষক সকলে ব্যক্তিগত কৰ্পোৰেট গোষ্ঠী বোৰৰ সৈতে লেনদেন আৰম্ভ কৰাৰ আগতে চৰকাৰে MSP অৰ্থাৎ নূন্যতম সমৰ্থন মূল্যৰ গেৰান্তি দিব লাগে। এনেদৰেই এতিয়া নূন্যতম সমৰ্থন মূল্যক লৈ দেশত চলিছে বৃহৎ চৰ্চা। অধিকাৰৰ দাবীত কৃষক সকলে কৰি গৈছে নিৰবিচ্ছিন্ন আন্দোলন। কিন্তু কৃষকৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে দেশৰ কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়াহে হব লক্ষণীয়।