সমাগত ৫ ৰাজ্যৰ বিধানসভা নির্বাচন৷তৎপৰ প্ৰতিটো ৰাজনৈতিক দল৷উত্তৰ প্ৰদেশত ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলৰ তৎপৰতা পৰিলক্ষিত হৈছে৷তাৰ মাজতে পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশলৈ সঘন আহ যাহ৷
বিগত সপ্তাহত কাশী বিশ্বনাথ প্ৰকল্প উদ্বোধনৰ পিছত বৃহস্পতিবাৰে পুনৰ উত্তৰ প্ৰদেশ ভ্ৰমণলৈ নৰেন্দ্ৰ মোদী৷আজি প্ৰধানমন্ত্ৰীগৰাকী কাশীত প্ৰায় আঢ়ৈ ঘণ্টা সময় থাকিব। প্ৰধানমন্ত্ৰী মোডী দিনৰ ১২ বজাত কাশীত উপস্থিত হ’ব। উল্লেখ্য যে বিগত ৯ দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী মোডীৰ এইটো দ্বিতীয় কাশী ভ্ৰমণ। ইয়াৰ পূৰ্বে ১৩ ডিচেম্বৰত তেওঁ কাশী-বিশ্বনাথ কৰিডৰকে ধৰি কেইবাটাও আঁচনি উদ্বোধন কৰিবলৈ কাশী ভ্ৰমণ কৰিছিল।
বৃহস্পতিবাৰে মোডীয়ে তেওঁৰ সংসদীয় সমষ্টি কাশীক প্ৰায় ২১০০ কোটি টকাৰ আঁচনি উপহাৰ দিব। প্ৰধানমন্ত্ৰীয়ে পিন্দ্ৰাৰ কাৰ্খিয়ানভত আমূল গাখীৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে।