নৰেন্দ্ৰ মোদীয়ে প্ৰত্যাহাৰ ঘোষণা কৰা আইন অসমত বলৱৎ হৈছিল ২০০৬ চনতেই
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যাহাৰ ঘোষণা কৰা কৃষি আইন ২০২০ চনতেই প্ৰত্যাহাৰ হৈছিল অসমত৷যি তিনি আইনৰ বিৰোধিতাৰে কৃষক অভূতপূর্ব কৃষক বিদ্ৰোহৰ সূচনা কৰিলে,সেই কৃষি আইন ১৪ বছৰ ধৰি বলৱৎ হৈ আছিল অসমত৷অসমত কেতিয়া কিদৰে বলৱৎ কৰা হৈছিল এই কৃষি আইন?সৱিশেষ-
২০২০ চনত সংসদত গৃহীত হোৱা তিনি বির্তকিত কৃষি আইনৰ এখন আছিল Agricultural Produce Market Committees অথবা APMC এক্ট৷এই আইনখন ২০১৬ চনতেই বলৱৎ হৈছিল অসমত৷ইয়াৰ পূর্বে অসমৰ কৃষি উৎপাদন আৰু বজাৰ সম্পর্কীয় আন এখন আইন বলৱৎ হৈছিল ১৯৭৪ চনত৷এই আইনৰ নাম আছিল APMC act 1974৷এই আইনৰ দ্বাৰা অসমত কৃষক আৰু ব্যবসাৱীৰ পোনপটিয়া সম্পর্ক সীমিত হৈ ৰৈছিল আৰু কৃষি ফচলৰ কিনা বেচাত অসম চৰকাৰ আৰু অসম চৰকাৰৰ নিদিষ্ট সংস্থাৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা হৈছিল৷কিন্তু চৰকাৰী মান্দি ব্যবস্থাৰ দুর্বল আন্তগাঠনিৰ বাবে সেই আইন সংশোধন কৰি ২০০৬ চনত অসম চৰকাৰে APMC act 2006 বলৱৎ কৰে৷এই নতুন আইনৰ দ্বাৰা কৃষকক পোনপটিয়াকৈ ব্যৱসায়ীক ফচল বিক্ৰীৰ অনুমতি প্ৰদান কৰে আৰু ব্যক্তিগত বজাৰৰ অনুমোদন দিয়ে৷APMC act 2006 ত মূলত কনট্ৰেক্ট ফার্মিঙৰ কথা কোৱা হৈছে আৰু কৃষক ব্যবসাৱীৰ চুক্তি অনুসৰি পোনপটিয়াকৈ ফচল বিক্ৰীৰ ব্যবস্থা কৰা হৈছে৷অর্থাৎ,এই আইনৰ জৰিয়তে অসমত ২০০৬ চনতেই কৃষিক্ষেত্ৰত পুজিপতি তথা ব্যক্তিগত প্ৰতিষ্ঠানৰ বাট মুকলি কৰা হৈছিল৷
তদুপৰি এই আইনে কৃষি ফচল পোনপটিয়াকৈ ব্যক্তিগত বজাৰত বিক্ৰীৰ অনুমতি দিছিল আৰু কনট্ৰেক্ট ফার্মিঙৰ জৰিয়তে ব্যবসায়ীয়ে পোনপটিয়াকৈ কৃষি ক্ষেত্ৰৰ পৰা ফচল ক্ৰয় কৰাৰ অনুমোদন দিছিল৷
কিন্তু নতুন কার্যক্ষেত্ৰত বিফল হল অসমত৷উৎপাদনৰ পৰিমাণৰ ফালৰ পৰা অসম পিছপৰা হেতু ব্যক্তিগত প্ৰতিষ্ঠানৰ বিনিয়োগ নঘটিল অসমত৷আনহাতে নিম্নতম সর্মথন মূল্যৰ পৰাও বঞ্চিত হব লগা হল অসমৰ কৃষক৷উদাহৰণ স্বৰুপে ধানৰ নিম্নতম সমর্থন মূল্য ১২ শ টকা নির্ধাৰিত হৈ থকাৰ পিছতো কৃষকে বিক্ৰী কৰি আহিব লগা হল ৬০০ ৰ পৰা ৯০০ টকাত৷অৱশেষত এপিএমচি এক্ট 2006 ৰ ব্যর্থতাৰ বাবেই ২০২০ চনত সেই আইন একপ্ৰকাৰে প্ৰত্যাহাৰ কৰি ২০২০ চনত বলৱৎ কৰা হল দা আচাম এগ্ৰিকালচাৰেল প্ৰর্ডিঅ’চ এণ্ড লাইভষ্ট’ক মার্কেটিঙ বিল 2020৷