কি আছে The Annual Status of Education Report 2021ত?

অৱশেষত ৰাজহুৱা হ’ল The Annual Status of Education Report চমুকৈ ASER।The Annual Status of Education Report অৰ্থাৎ চমুকৈ এ.এছ.ই.আৰ হৈছে এটা নাগৰিক নেতৃত্বাধীন ঘৰুৱা জৰীপ। এই জৰীপে দেশৰ শিশু সকলৰ স্কুলীয়া শিক্ষাৰ স্থিতি তথা আন্তঃগাঁথনি আৰু গাণিতিক দক্ষতাৰ তথ্য সংগ্ৰহ কৰে। এই
জৰীপটোৰ বাবে তথ্য সংগ্ৰহৰ কাৰণে জৰীপ কৰ্মী সকলে ভাৰতৰ সকলো গ্ৰাম্য জিলাৰ ৩ৰ পৰা ১৬ বছৰ বয়সৰ প্ৰায় সকলো শিশুৰ সৈতে যোগাযোগ স্থাপন কৰে। প্ৰতি বছৰে এই জৰীপ মহাবিদ্যালয়-বিশ্ববিদ্যালয় আৰু শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দৰে অনুষ্ঠানৰ স্বেচ্ছাসেৱক কৰ্মীৰ সহযোগত সম্পাদন কৰা হয়। কভিডৰ কালৰূপৰ বাবে ২০২০ আৰু ২০২১ বৰ্ষত ৰাষ্ট্ৰীয় পৰ্য্যায়ত ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে জৰীপ কৰাটো অসম্ভৱ হৈ পৰিছিল। অৱশ্যে শিশুৰ শিক্ষণ প্ৰক্ৰিয়াত কভিড মহামাৰী আৰু বিদ্যালয় বন্ধৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰাটো জৰুৰী আছিল। সেয়েহে ২০২০ চনৰ The Annual Status of Education Reportক এটা ফোন জৰীপ হিচাপে ডিজাইন কৰা হৈছিল। এই জৰীপে মহামাৰীয়ে শিশুৰ শিক্ষাৰ ওপৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে তথ্য সংগ্ৰহ কৰিছিল। ২০২১ চনতো The Annual Status of Education Reportক এটা ফোন জৰীপ বুলি ঘোষণা কৰা হৈছিল। সমগ্ৰ দেশৰ ৩০০০ ৰো অধিক স্বেচ্ছাসেৱকে অভিভাৱক আৰু শিক্ষক সকলৰ সৈতে কথা পাতিছিল আৰু ৫ৰ পৰা ১৬ বছৰ বয়সৰ শিশুৱে মহামাৰী আৰম্ভ হোৱাৰ পৰা ঘৰত কেনেদৰে অধ্যয়ন কৰিছে সেইয়া বুজিবলৈ চেষ্টা কৰিছিল। ইয়াৰ লগতে বিদ্যালয় আৰু পৰিয়ালবোৰে এতিয়া বিদ্যালয় সমূহ পুনৰ খোলাৰ লগে লগে কি কি প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে সেয়াও এই জৰীপৰ জৰিয়তে জানিবলৈ চেষ্টা কৰা হৈছিল। এই জৰীপে দেশৰ ২৫ খন ৰাজ্য আৰু ৩খন স্বায়ত্বশাসিত প্ৰদেশৰ ৫৮১ খন জিলা সামৰি লৈছে। এই ৫৮১ খন জিলাৰ প্ৰায় ১৭১৮৪ খন গাৱঁৰ সৰ্বমুঠ ৭৬৭০৬ টা পৰিয়ালৰ ৫ৰ পৰা ১৬ বছৰৰ ভিতৰৰ ৭৫২৩৪ টা শিশু আৰু ৭২৯৯ খন বিদ্যালয়ৰ উপৰত এই জৰীপ চলোৱা হৈছিল। এইয়া হৈছে The Annual Status of Education Reportৰ ষষ্ঠটো প্ৰতিবেদন। কিন্তু কি তথ্য ৰাজহুৱা কৰিছে এই প্ৰতিবেদনে? সামগ্ৰিকভাৱে এই প্ৰতিবেদনৰ ভিত্তিত কব পাৰি যে ২০১৮ ৰ পৰা ২০২১ ৰ ভিতৰত চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰা শিশুৰ অনুপাত বৃদ্ধি পাইছে আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰা শিশুৰ অনুপাত হ্ৰাস পাইছে। কিন্তু তথাপিও ভাৰতত ব্যক্তিগত বিদ্যালয়ৰ সংখ্যা তীব্ৰ গতিত বৃদ্ধি পাইছে। তদুপৰি চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰা লৰা আৰু ছোৱালীৰ অনুপাত ২০১৮ চনৰ তুলনাত ২০২১ চনত অৰ্থাৎ কভিদ কালত যথেষ্ট বৃদ্ধি পাইছে। আনকি ইতিবাচক ভাৱে কভিদ মহামাৰী আৰম্ভ হোৱাৰ আগতে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰা ছোৱালীৰ অনুপাত শ্ৰেণী আৰু বয়স নিৰ্বিশেষে লৰাতকৈ বেছি আছিল। উল্লেখযোগ্য যে ২০১৮ৰ পৰা ২০২১ চনৰ ভিতৰত ঝাৰখণ্ডত চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰা শিশুৰ সংখ্যা আটাইতকৈ বৃদ্ধি পাইছিল আৰু পঞ্জাৱত আটাইতকৈ হ্ৰাস পাইছিল। ইয়াৰ লগতে এই প্ৰতিবেদনটোৱে আন এটা উদ্বেগজনক তথ্য ৰাজহুৱা কৰিছে। প্ৰতিবেদনৰ তথ্য অনুসৰি দেশত বৰ্তমান সময়ত ব্যক্তিগত টিউচন লোৱা শিশুৰ সংখ্যা বৃদ্ধি পাইছে। দেশৰ ব্যক্তিগত আৰু চৰকাৰী খণ্ডত অধ্যয়ন কৰি থকা প্ৰতি ১০০ টা শিশুৰ প্ৰায় ৪০ টা শিশুৱে নিজৰ গ্ৰেড আৰু বিদ্যালয়ৰ শোচনীয় অৱস্থাৰ বাবে ব্যক্তিগত টিউছন কৰিবলৈ বাধ্য হৈছে। ২০২১ চনৰ তথ্য অনুসৰি প্ৰতি ১০০টা শিশুৰ ভিতৰত ঘৰত স্মাৰ্ট ফোন থকা শিশুৰ সংখ্যা প্ৰায় ৬৭.৬ টা৷ আনহাতে দেশৰ প্ৰতি ১০০টা বিদ্যালয়ত অধ্যয়ন কৰি থকা শিশুৰ ভিতৰত ৯১ টা শিশুৰে হাতত পাঠ্যক্ৰমৰ কিতাপ মজুত আছে। অসমৰ ক্ষেত্ৰতো এই প্ৰতিবেদনে কিছু বিশেষ তথ্য দাঙি ধৰিছে। সৰ্বভাৰতীয় প্ৰেক্ষাপটত ৬ৰ পৰা ১৪ বছৰ বয়সৰ বিদ্যালয়ত নামপঞ্জীভুক্ত শিশুৰ ক্ষেত্ৰত বেচৰকাৰী বিদ্যালয়ৰ পৰা চৰকাৰী বিদ্যালয়লৈ ধাৱমান হোৱাৰ সংখ্যা বৃদ্ধি হৈছে যিদও অসমেক ধৰি উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ পৰিমাণ হ্ৰাস পাইছে। ২০১৮ চনত অসমত চৰকাৰী বিদ্যালয়ত নামপঞ্জীভুক্ত শিশুৰ হাৰ আিছল ৬৮.৮% আৰু এইবাৰ ২০২১
চনত এই হাৰ হৈছে ৬৪.৪%।
অসমত ঘৰুৱা টিউচনৰ হাৰ বৃদ্ধি পাইেছ। চৰকাৰী অথবা বেচৰকাৰী বিদ্যালয়ৰ প্ৰায় সমান সংখ্যক শিশুক ঘৰুৱাভােৱ টিউশন দিয়া হয়। সৰ্বভাৰতীয় পৰ্য্যায়ত এই হাৰ প্ৰায় ৪০%। অসমত টিউচনৰ হাৰ কম যিদও
২০১৮ৰ তুলনাত ই যথেষ্ট বৃদ্ধি পাইছে। অসমত ২০১৮ চনত ঘৰুৱা টিউছনৰ হাৰ আছিল ২৪.৭% আৰু ২০২১ত এই হাৰ হ’ল ২৯.১%। স্মাৰ্ট ফোনৰ হাৰো প্ৰায় দুগুণ বৃদ্ধি পাইেছ অসমত ।এটা কথা উল্লেখ কৰিব লাগিব যে
অসমত শিশুৰ পঢ়াৰ ক্ষেত্ৰত ঘৰত পৰিয়ালৰ পোৱা সহায়ৰ হাৰ সৰ্বভাৰতীয় পৰ্য্যয়তকৈ অধিক। এনেদৰেই এতিয়া The Annual Status of Education Report ৰাজহুৱা হোৱাৰ পিছতে চৰ্চা আৰম্ভ হৈছে সমগ্ৰ দেশতে। অসমতো হৈছে শৈক্ষিক আলোচনা। সি যিয়েই নহওঁক কিয় The Annual Status of Education Report ২০২১ৰ প্ৰতিবেদনে কোভিদ মহামাৰী আৰু তলাবন্ধৰ পিছত দেশৰ শিক্ষা খণ্ডৰ সংস্কৰণত বিশেষ ভূমিকা পালন কৰিব বুলি আশাবাদী দেশৰ জনতা।

#ASERthecrosscurrent
Comments (0)
Add Comment