সংসদত আইন কিদৰে বাতিল কৰা হয়?

অৱশেষত বাতিল হল তিনি বিতৰ্কিত কৃষি আইন। দেশৰ কৃষক সমাজৰ ১৮ মাহজোৰা প্ৰতিবাদ আৰু প্ৰায় ৭০০ সাধাৰণ লোকৰ জীৱনৰ বিনিময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১৯ নৱেম্বৰত দেশবাসীক সম্বোধন কৰি দিয়া এটা ভাষণত তিনিও খন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ কথা ঘোষণা কৰে। এই আইন তিনি খনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা কৃষক সমাজক আশ্বাস দি NDA চৰকাৰে স্পষ্ট কৰি দিছে যে সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত বাতিলৰ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব। ইফালে তিনি খনকৈ কৃষি আইন বাতিল হোৱাৰ পিছতে অসমৰ কা বিৰোধী শক্তিটোৱেও এক নতুন গতি লাভ কৰিছে। কা আইন বাতিলৰ বাবে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰি নিজৰ অধিকাৰ কাঢ়ি আনিব পৰাকৈ জোৰদাৰ প্ৰতিবাদ অসমীয়াই কৰিব পাৰিব নে নোৱাৰিব সেয়া সময়তহে স্পষ্ট হব। অৱশ্যে কা আইনৰ ক্ষেত্ৰত কেন্দ্ৰই কি স্থিতি গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়াও হব লক্ষণীয়। কিন্তু কেনেদৰে বাতিল কৰা হব তিনি বিতৰ্কিত কৃষি আইন? যদি চৰকাৰে কা আইন বাতিল কৰিব বিচাৰে তেন্তে কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব? আচলতে কেনেকৈ বাতিল কৰা হয় এখন আইন বা ভাৰতীয় সংবিধানৰ নিৰ্দেশনা অনুসৰি এখন আইন বাতিল কৰিবলৈ কি কি প্ৰক্ৰিয়াৰ মাজেৰে যাব লগীয়া হয় আপুনি জানেনে?

ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 245য়ে সংসদক আইন প্ৰস্তুত কৰাৰ ক্ষমতা প্ৰদান কৰে। ঠিক সেইদৰে সেই একেটা অনুচ্ছেদেই সেইবোৰ বাতিল কৰাৰ ক্ষমতা সংসদক প্ৰদান কৰিছে। তদানীন্তন ভাৰত চৰকাৰে বৰ্তমান সময়ত তিনিখনকৈ বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ বাবে যো-জা চলাইছে আৰু হয়তো অতি সোনকালেই কৃষি আইন বাতিলৰ আইনী প্ৰক্ৰিয়া আৰম্ভ হব। চৰকাৰে আইনবোৰ দুটা ধৰণে বাতিল কৰিব পাৰে । এই তিনিখন আইন বাতিল কৰিবলৈ চৰকাৰে এখন বিধেয়ক আনিব পাৰে বা এখন আধ্যাদেশ জাৰী কৰিব পাৰে যাক পৰৱৰ্তী ছয় মাহৰ ভিতৰত এখন বিধেয়কৰ সৈতে সলনি কৰিব লাগিব। প্ৰাক্তন কেন্দ্ৰীয় আইন সচিব পি কে মালহোত্ৰাই পিটিআইক কয় যে সংবিধানৰ অধীনত আইন বাতিল কৰাৰ ক্ষেত্ৰত সংসদৰ ক্ষমতা আইন প্ৰণয়ন কৰাৰ দৰে একেই। পিটিআইৰ এক প্ৰশ্নৰ উত্তৰত লোকসভাৰ প্ৰাক্তন মহাসচিব পি ডি টি আচাৰ্যই কয় যে চৰকাৰে একক বাতিল বিধেয়কৰ জৰিয়তে তিনিখন আইন বাতিল কৰিব পাৰে। সংবিধানৰ ২৪৫ নং অনুচ্ছেদে সংসদক আইন প্ৰস্তুত কৰাৰ ক্ষমতা প্ৰদান কৰে আৰু বাতিল তথা সংশোধনী আইনৰ জৰিয়তে সেইবোৰ বাতিল কৰাৰ ক্ষমতা প্ৰদান কৰে। এই আইনখন প্ৰথমবাৰৰ বাবে ১৯৫০ চনত গৃহীত হৈছিল আৰু ইয়াৰ দ্বাৰা ৭২ খন আইন বাতিল কৰা হৈছিল। ২০১৯ চনত শেষবাৰৰ বাবে বাতিল আৰু সংশোধনী ব্যৱস্থা প্ৰয়োগ কৰা হৈছিল যেতিয়া কেন্দ্ৰীয় চৰকাৰে ৫৮ খন অপ্ৰচলিত আইন বাতিল কৰিবলৈ আৰু আয়কৰ আইন ১৯৬১ আৰু ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আইন ২০১৭ত সামান্য সংশোধন কৰিবলৈ বিচাৰিছিল। সেইবাৰ নৰেন্দ্ৰ মোডী চৰকাৰে নিজে উত্থাপন কৰা আইন ষষ্ঠ বাৰৰ বাবে বাতিল কৰিছিল। নৰেন্দ্ৰ মোডী চৰকাৰে প্ৰথম কাৰ্যকালত ইতিমধ্যে ১৪২৮ খন আইন বাতিল কৰিছে। সাধাৰণতে বিসংগতি আঁতৰাবলৈ বা উদ্দেশ্য পূৰণ হোৱাৰ পিছত আইন বাতিল কৰা হয়। যেতিয়া নতুন আইন প্ৰণয়ন কৰা হয় তেতিয়া নতুন আইনত বাতিল ধাৰা অন্তৰ্ভুক্ত কৰি বিষয়টোৰ ওপৰত পুৰণি আইন বাতিল কৰা হয়। বাতিল আৰু সংশোধনী বিধেয়কখন আন যিকোনো বিধেয়কৰ দৰে একে প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হ’ব লাগে। এইখনো সংসদৰ দুয়োখন সদনৰ দ্বাৰা অনুমোদিত হ’ব লাগিব তথা ৰাষ্ট্ৰপতিয়ে সন্মতি দিব লাগিব। ইয়াতেই উল্লেখনীয় এইয়া এন ডি এ চৰকাৰে দ্বিতীয়বাৰৰ বাবে ইউ-টাৰ্ণ লৈছে। মোদী চৰকাৰে ২০১৫ চনত বিহাৰ নিৰ্বাচনৰ আগে আগে ৰাজ্যসভাত প্ৰস্তাৱিত সংশোধনবোৰ বিৰোধীৰ সৈতে একে হোৱাৰ পিছত ২০১৩ চনৰ ভূমি অধিগ্ৰহণ আইনৰ গুৰুত্বপূৰ্ণ ধাৰাবোৰ বাতিল কৰিবলৈ সন্মত হৈছিল। সি যিয়েই নহওঁক কিয় তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ আইনী প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হয় সেয়া সময়তহে স্পষ্ট হব। তদুপৰি কা আইনৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ সেয়াও হব লক্ষণীয়।

#farm_lows#narendra_modindathecrosscurrent
Comments (0)
Add Comment