পেগাছাছেৰে সমাজকৰ্মীক বিপদত পেলোৱাৰ চক্ৰান্ত ফাদিল

আপোনাৰ মোবাইল ফোনলৈ এটা মেছেজ আহিল ৷ আপুনি সেই মেছেজৰ লিংকত ক্লিক কৰিলে ৷ তাৰ লগে লগে আপোনাৰ ফোনত ইনষ্টল হৈ গ’ল এটা চোৰাংছোৱা ছফটৱেৰ ৷তাৰ পাছত এই ছফটৱেৰৰ সহায়ত কিছুমান দস্তাবেজ আপোনাৰ ফোনত সংস্থাপন কৰা হ’ল ৷ আৰু ইয়াৰ আধাৰত দেশদ্ৰোহিতাৰ গোচৰত আপোনাক গ্ৰেপ্তাৰ কৰি মাহৰ পাছত মাহ কাৰাগাৰত আৱদ্ধ কৰি ৰখা হ’ল ৷ চিনেমাৰ বাহিৰে বাস্তৱ জীৱনত এয়া সম্ভৱ হ’ব পাৰে বুলি আপুনি বিশ্বাস কৰেনে ? বিশ্বাস কৰক বা নকৰক ভাৰতত শেহতীয়াকৈ এনে এটা ঘটনাৰ তথ্য প্ৰমান শেহতীয়াকৈ পোহৰলৈ আহিছে
২০১৮ চনৰ প্ৰথম দিনটোতে মহাৰাষ্ট্ৰৰ ভীমা কুৰেগাৱত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হৈছিল ৷ হিংসাত্মক ঘটনাৰ বাবে অভিযুক্ত কৰা হয় এলগাৰ পৰিষদক ৷তেওলোকৰ বিৰুদ্ধে উত্থাপন হয় উত্তেজনামূলক ভাষণ দিয়াৰ অভিযোগ ৷ এই গোচৰত পৰৱৰ্তী সময়ত আন কেবাজনো সমাজকৰ্মীৰ লগত গ্ৰেপ্তাৰ কৰা হয় ৰোনা উইলছনক ৷ গোচৰটোৰ অন্যতম অভিযুক্ত ষ্টেন স্বামীৰ ইতিমধ্যে কাৰাৰুদ্ধ অৱস্থাতে মৃত্যু ঘটিছে ৷ ৰোনা উইলছন এগৰাকী সমাজকৰ্মী ৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা এম ফিল ডিগ্ৰী লাভ কৰাৰ পাছত তেও ইংলেণ্ডৰ এখন বিশ্ববিদ্যালয়ত গৱেষনা কৰাৰ প্ৰস্তুতি চলাই আছিল ৷ তেও ৰাজনৈতিক বন্দীসকলৰ মুক্তিৰ বাবে গঠিত এখন সমিতিৰ প্ৰচাৰ সম্পাদকৰ দায়িত্বও পালন কৰি আছিল ৷ কিন্তু পি এইচ ডি আৰম্ভ নকৰোতেই এলগাৰ পৰিষদৰ গোচৰত গ্ৰেপ্তাৰ হয় ৰোনা উইলছন ৷ তেতিয়াৰ পৰাই তেও কাৰাগাৰত আছে ৷ এইগৰাকী ৰোনা উইলছনৰ মোবাইল ফোনত ধৰা পৰিছে পেগাছাছ ছফটৱেৰৰ উপস্থিতি ৷ পেগাছাছ ছফটৱেৰ এবাৰ কোনো ব্যক্তিৰ মোবাইলত সংস্থাপন কৰাৰ পাছত ফোন বন্ধ হৈ থকিলেও তেওৰ সকলো চাল চলন প্ৰত্যক্ষ কৰি থাকিব পাৰি ৷ কেৱল সেয়াই নহয় , পেগাছাছৰ সহায়ত মোবাইল ফোনত বা ই মেইলত আপত্তিজনক নথি পত্ৰও সংস্থাপন কৰিব পাৰি ৷ ৰোনা উইলছনৰ মোবাইলত পেগাছাছ সংস্থাপন কৰাটো নিশ্চিত কৰিছে ডিজিটেল ফৰেনছিক কোম্পেনী আৰ্ছানল কনছালটেন্সীয়ে ৷এই প্ৰতিষ্ঠানটোৰ ফৰেনছিক পৰীক্ষাত উইলছনৰ মোবাইল হেন্ডছেট এপল ৬ এছত পেগাছাছৰ উপস্থিতি ধৰা পৰিছে ৷
উল্লেখযোগ্য যে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ৰোনা উইলছনে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত উল্লেখ কৰিছিল যে তেওৰ লেপটপৰ ই- মেইলত যি আপত্তিজনক নথি পত্ৰ পোৱা বুলি দাবী কৰা হৈছে , সেই নথি পত্ৰ ষড়যন্ত্ৰমূলকভাৱে সংস্থাপন কৰা হৈছিল ৷ লেপটপৰ ফৰেনছিক পৰীক্ষাত এই কথা নিশ্চিত হৈছে যে ২০১৬ চনৰ ১৩ জুনত ই- মেইলৰ সহায়ত এই নথি পত্ৰসমূহ তেওৰ লেপটপত সংস্থাপন কৰা হৈছিল ৷ ২০১৮ চনৰ ৬ জুনত ৰোনা উইলছনক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তাৰ দুবছৰ আগৰ পৰাই তেওৰ বিৰুদ্ধে আৰম্ভ কৰা হৈছিল ষড়যন্ত্ৰ ৷ ৰোনা উইলছনক গ্ৰেপ্তাৰ সন্দৰ্ভত আৰক্ষীয়ে দাবী কৰিছে যে তেওৰ লেপটপত এনে বহু আপত্তিজনক দস্তাবেজ পোৱা গৈছে য’ত নিৰ্বাচিত চৰকাৰখন ওফৰাই পেলোৱাৰ কথা কোৱা হৈছে ৷ তাৰ ভিত্তিতেই তিনি বছৰ ধৰি কাৰাগাৰত আৱদ্ধ কৰি ৰখা হৈছে ৰোনা উইলছনক ৷ এতিয়া আকৌ এবাৰ আৰ্ছানল কনছালটেন্সীৰ পৰীক্ষাত প্ৰমান হৈছে যে ৰোনা উইলছনৰ লেপটপেই নহয় , তেওৰ মোবাইল ফোনটো পেগাছাছ ছফটৱেৰ পোৱা গৈছে ৷ এই বাতৰি সবিস্তাৰে প্ৰকাশ পাইছে ৱাছিঙটন পোষ্ট কাকতত ৷ইয়াৰ লগে লগে পেগাছাছ ছফটৱেৰৰ সহায়ত ষড়যন্ত্ৰমূলকভাৱে সমাজকৰ্মীক কাৰাগাৰত আৱদ্ধ কৰি ৰখাটো প্ৰায় স্পষ্ট হৈ পৰিছে ৷
শেহতীয়াকৈ বিগত জুলাই মাহত ভাৰতৰ ৪০ গৰাকী সাংবাদিকসহ কেবাগৰাকীও ৰাজনীতিক সমাজকৰ্মীৰ মোবাইলত পেগাছাছ সংস্থাপন কৰাৰ এক বাতৰি পোহৰলৈ আনিছিল দ্য ৱায়াৰসহ বিশ্বৰ ১৬ তা সংবাদগোষ্ঠীয়ে ৷ ইয়াকে লৈ বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত ইজৰাইলৰ কোম্পেনী এন এছ ওয়ে পেগাছাছৰ নিৰ্মান বন্ধ কৰিব বুলি ঘোষণা কৰিছে ৷ সেইবাবেই ৰোনা উইলছনৰ দৰে সমাজকৰ্মীৰ ফোনত পেগাছাছৰ উপস্থিতি ধৰা পৰাটো যথেষ্ট উদ্বিগ্নতাৰ বিষয় হৈ পৰিছে ৷

#thecrosscurretpegasus
Comments (0)
Add Comment