নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব কৃষক আন্দোলনৰ পৰা জন্ম হোৱা প্ৰথমটো ৰাজনৈতিক দলে।

তিনিখন কৃষি আইনৰ বিৰুদ্ধে এবছৰতকৈও অধিক সময় ধৰি চলি থকা কৃষক আন্দোলনৰ পৰা জন্ম লাভ কৰা প্ৰথম ৰাজনৈতিক দলটো ঘোষণা কৰা হৈছে। কৃষক নেতা গুৰনাম সিং চাধুনিয়ে ১৮ ডিচেম্বৰত চণ্ডিগড়ত দলটো ঘোষণা কৰে। কিষাণ আন্দোলনৰ পৰা উদ্ভৱ হোৱা দলটোৰ নাম হল ইউনাইটেড কিষাণ পাৰ্টি। কৃষক আন্দোলনৰ নেতৃত্ব দিয়া ইউনাইটেড কিষাণ মৰ্চাৰ আৰ্হিত দলটোৰ নাম দিয়া হৈছে।
এই দলটোৱে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব পঞ্জাৱ নিৰ্বাচনত।ইণ্ডিয়া টুডেৰ সতেন্দ্ৰ চৌহানৰ এক প্ৰতিবেদন অনুসৰি, গুৰুনাম সিং চাধুনিয়ে দলটো ঘোষণা কৰিবলৈ ১৮ ডিচেম্বৰত এখন সংবাদমেল আহ্বান কৰিছিল। দলটো ঘোষণা কৰি তেওঁ কয় যে তেওঁৰ দলে পঞ্জাৱ নিৰ্বাচনত পূৰ্ণ গতিত প্ৰতিদ্বন্দিতা কৰিব। তেওঁ লগতে কয় যে দলটোৱে পঞ্জাৱ বিধানসভাৰ সকলো আসনতে প্ৰাৰ্থী প্ৰদান কৰিব।
নিজৰ দলক ধৰ্মনিৰপেক্ষ বুলি অভিহিত কৰি চাধুনিয়ে লগতে কয় যে দেশত পুঁজিবাদী শোষণ নিৰন্তৰ বৃদ্ধি পাই আহিছে আৰু ধনী আৰু দৰিদ্ৰৰ মাজৰ ব্যৱধানও বাঢ়ি আহিছে। নীতি প্ৰস্তুত কৰা প্ৰতিষ্ঠানবোৰ ধনী লোকসকলৰ দ্বাৰা দখল কৰা হৈছে আৰু তেওঁলোকে দৰিদ্ৰসকলৰ বাবে নীতি প্ৰস্তুত কৰি আছে। তেওঁ লগতে কয় যে বেছিভাগ ৰাজনৈতিক দল ধনী লোকৰ দখলত আছে আৰু তেওঁৰ দলত থাকিব গ্ৰাম্য, নগৰীয়া, শ্ৰমিক, কৃষক আৰু পথৰ বিক্ৰেতা। চাধুনিয়ে লগতে কয় যে তেওঁৰ দল হব সকলো ধৰ্ম আৰু জাতিৰ লোকৰ বাবে।
ইয়াৰ পূৰ্বে, গুৰনাম সিং চাধুনিয়ে কৃষক আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ সৈতে কথা পাতিবলৈ ইউনাইটেড কিষাণ মৰ্চাই গঠন কৰা পাঁচ জনীয়া সমিতিৰ অংশ আছিল। তেওঁৰ সৈতে যুধবীৰ সিং, অশোক ৰনলে, বলবীৰ সিং ৰাজেৱাল আৰু শিৱ কুমাৰ কক্কাৰ দৰে জ্যেষ্ঠ নেতাও আছিল।
ইউনাইটেড কিষাণ মৰ্চা পাৰ্টিৰ ঘোষণা এনে এটা সময়ত হৈছে যিসময়ত কেন্দ্ৰীয় চৰকাৰে কৃষক সকলৰ সকলো দাবী মানি লোৱাৰ পিছত তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষক আন্দোলন স্থগিত ৰখা হৈছে।ইউনাইটেড কিষাণ মৰ্চাই ১১ ডিচেম্বৰত আন্দোলন স্থগিত কৰাৰ কথা ঘোষণা কৰিছিল। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ সীমাত বহি থকা প্ৰতিবাদকাৰী কৃষকসকল তাৰ পিছত ঘৰলৈ উভতি আহে।প্ৰতিবাদকাৰীসকল উভতি অহাৰ পিছৰে পৰা, কৃষক আন্দোলনৰ পৰা উদ্ভৱ হব পৰা দলটোৰ নাম শীঘ্ৰেই ঘোষণা কৰা হ’ব বুলি জল্পনা-কল্পনা বৃদ্ধি পায়।
ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত তিনিখন নতুন কৃষি আইন বাতিল কৰাৰ কথা ঘোষণা কৰে,যাৰ পিছত কৃষকসকলে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই প্ৰস্তাৱিত ট্ৰেক্টৰ ৰেলীও বাতিল কৰে। অৱশ্যে, এম.এছ.এছ.পি. আৰু কৃষকসকলে তেওঁলোকৰ অন্যান্য দাবীৰ বাবে দিল্লীৰ সীমাত অৱস্থান কৰি আছিল।
ইফালে, কেন্দ্ৰীয় চৰকাৰে সংসদত কোনো আলোচনা নকৰাকৈ কৃষি আইন বাতিল কৰে আৰু তাৰ পিছত ইউনাইটেড কিষাণ মৰ্চাৰ পাঁচ জনীয়া সমিতিক তেওঁলোকৰ অন্যান্য দাবী পূৰণ কৰাৰ আশ্বাস দিয়ে। যাৰ পিছত কৃষকসকলে আন্দোলন স্থগিত ৰাখে।
ইয়াৰ পূৰ্বে জুলাইমাহতে চাধুনিয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ অভিপ্ৰায় ব্যক্ত কৰিছিল। তেওঁ কৈছিল যে কৃষক দলটোৱে পঞ্জাৱত প্ৰতিদ্বন্দিতা কৰিব লাগে। অৱশ্যে, তেওঁ তেওঁৰ বক্তব্যৰ বাবে কৃষক আন্দোলনৰ পৰা এসপ্তাহৰ বাবে নিলম্বিত হৈছিল। ঐক্যবদ্ধ কিষাণ মৰ্চাৰ নেতাসকলে তেওঁৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সৈতে একমত হোৱা নাছিল। ৰাকেশ টিকাইটৰ পৰা দৰ্শন পাল সিঙলৈকে, তেওঁৰ বক্তব্যক সমালোচনা কৰিছিল আৰু কৈছিল যে কিষাণ আন্দোলনৰ প্ৰথম লক্ষ্য আছিল কৃষি আইন বাতিল কৰা, নিৰ্বাচনৰ কথা কোৱাটোৱে আন্দোলনটোক দুৰ্বল কৰিব।

#farmearprotest#thecrosscurretpanjab
Comments (0)
Add Comment