স্বাধীনতাৰ পিছত দেশৰ শৈক্ষিক দিশটোক এটা নতুন গতি প্ৰদান কৰাৰ উদ্দেশ্যে ১৯৬৮ চনত তদানীন্তন প্ৰধামন্ত্ৰী ইন্দিৰা গান্ধীৰ তত্বাৱধানত ভাৰত চৰকাৰে প্ৰথম খন ৰাষ্ট্ৰীয় শিক্ষা নীতিত অনুমোদন জনাইছিল।ইয়াৰ পিছতে ১৯৮৬ চনত প্ৰধামন্ত্ৰী ৰাজীৱ গান্ধীৰ অনুমোদন ক্ৰমে দেশত দ্বিতীয়খন শিক্ষা নীতি বলৱৎ কৰা হৈছিল আৰু শেহতীয়াকৈ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত কেন্দ্ৰীয় কেবিনেটে ২০২০ চনৰ জুলাই মাহত নতুন শিক্ষা নীতিত অনুমোদন জনাইছে। কিন্তু কি আছে এই নতুন শিক্ষা নীতিত? দেশৰ সাক্ষৰতাৰ হাৰ সলনি কৰিব পাৰিব নে নতুন শিক্ষা নীতিয়ে? কেনেকৈ সফল ভাবে ৰূপায়িত হব নতুন শিক্ষা নীতি ২০২০?
সহজ অৰ্থত এই নতুন শিক্ষা নীতি ২০২০ৰ প্ৰাৰম্ভিক উদ্দেশ্য হৈছে প্ৰাক-বিদ্যালয়ৰ পৰা মাধ্যমিক পৰ্যায়লৈ শিক্ষাৰ সাৰ্বজনীনকৰণ অৰ্থাৎ সকলোকে শিক্ষা লাভৰ সহজ সুবিধা প্ৰদান কৰা। এই নতুন শিক্ষা নীতি খনে দেশৰ উচ্চ শিক্ষাৰ পৰিকাঠামো নিৰ্মাণৰ বাবে প্ৰাথমিক স্তৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব। জাতি, ধৰ্ম,বৰ্ণ নিৰ্বিশষে সকলো শিশুকে শিক্ষা লাভৰ অধিকাৰ প্ৰদান কৰাৰ বাবে এই শিক্ষা নীতিয়ে কাম কৰিব। ২০৩০ চনৰ ভিতৰত দেশৰ ১০০% শিশুৱে যাতে বিদ্যালয়ত নামভৰ্তি কৰিব পাৰে তাৰ নতুন শিক্ষা নীতি ২০২০ত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যোৱা কেইবা বছৰত কৰা বহুকেইটা চৰকাৰী আৰু বেচৰকাৰী জৰীপে ভাৰতত শিক্ষাৰ সংকটৰ ভয়াবহ ইংগিত প্ৰদান কৰিছিল। অৱশ্যে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অৰ্থাৎ এনচিইআৰটিয়ে ৰাষ্ট্ৰীয় প্ৰাপ্তি জৰীপ অৰ্থাৎ এনএএছ কাৰ্যসূচী হাতত লোৱাৰ পিছত প্ৰকৃত ছবিখন পোহৰলৈ আহিছিল। জৰীপটোৰ উদ্দেশ্য আছিল দেশত বিদ্যালয় ব্যৱস্থাই কিমান কাৰ্যকৰীভাৱে কাম কৰি আছে সেয়া ৰাজহুৱা কৰা। এইটো আছিল এতিয়ালৈকে দেশৰ সৰ্ববৃহৎ মূল্যায়ন জৰীপ। জৰীপৰ ফলাফলত কোৱা হৈছিল যে ১২ খন ৰাজ্যৰ শিক্ষাৰ্থীয়ে গণিতত ৰাষ্ট্ৰীয় গড়তকৈ যথেষ্ট কম নম্বৰ লাভ কৰিছিল। এই জৰীপে শিক্ষণ প্ৰক্ৰিয়াক ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এটা ডাঙৰ প্ৰত্যাহ্বান হিচাপে চিনাক্ত কৰিছিল। এই ক্ষেত্ৰত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে কৈছিল যে নতুন শিক্ষা নীতি ২০২০ৰ মৌলিক উদ্দেশ্য হৈছে তৃতীয় শ্ৰেণীৰ ভিতৰত সকলো শিক্ষাৰ্থীৰ সাক্ষৰতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া আৰু চৰকাৰে ২০২৫ চনৰ ভিতৰত এইয়া কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। নতুন শিক্ষা নীতিৰ এই বিশেষ দৃষ্টিভংগী অনুবাদ কৰিবলৈ আত্মনিৰভৰ ভাৰত কাৰ্যসূচীৰ অধীনত ৰাষ্ট্ৰীয় দক্ষতা কাৰ্যসূচী শীঘ্ৰেই আৰম্ভ কৰা হ’ব। এই অভিযানে ৩ ৰ পৰা ১১ বছৰ বয়সৰ প্ৰায় পাঁচ কোটি শিশুৰ শৈক্ষিক প্ৰয়োজনীয়তা পূৰণ কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় শিক্ষা ব্যৱস্থাৰ মুখ্য প্ৰত্যাহ্বানটো হ’ল দেশৰ সকলো অঞ্চল আৰু স্তৰতে নতুন শিক্ষা নীতি ২০২০ কাৰ্যকৰী কৰা। এই শিক্ষা নীতিৰ অধীনত বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ১০+১২ গাঁথনিৰ পৰিবৰ্তে ক্ৰমান্বয়ে ৩ৰ পৰা ৮ বছৰ, ৮ৰ পৰা ১১ বছৰ, ১১ৰ পৰা ১৪ বছৰলৈ আৰু ১৪ৰ পৰা ১৮ বছৰ বয়সৰ সৈতে সম্পৰ্কিত ৫+৩+৩+৪ পাঠ্যক্ৰমৰ গাঁথনি স্থাপন কৰা হব। নতুন প্ৰণালীটোত তিনি বছৰৰ অংগনৱাড়ী বা প্ৰাক-বিদ্যালয়ৰ সৈতে ১২ বছৰৰ স্কুলীয়া শিক্ষা থাকিব। তদুপৰি পাৰ্য্যমানে পঞ্চম শ্ৰেণী পৰ্য্যন্ত শিশু সকলক মাতৃ ভাষাত শিক্ষা প্ৰদান কৰাৰো পৰামৰ্শ দিয়ে আৰু নতুন শিক্ষা নীতিখনে। এই শিক্ষা নীতিৰ আন এটা মুখ্য লক্ষ্য হৈছে শিক্ষণ আৰু শিক্ষণ প্ৰক্ৰিয়াৰ সৈতে প্ৰযুক্তিৰ মিশ্ৰণ। উন্নত ফলাফলৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ নেচনেল এডুকেশ্যনেল এলায়েন্স ফৰ টেকন’লজী শীৰ্ষক এটা গোট গঠন কৰা হ’ব। কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰাত এই শিক্ষা নীতিয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিব। আনকি এই শিক্ষা নীতিয়ে শৈক্ষিক অভিজ্ঞতাৰ বাবে এডটেক কোম্পানীবোৰৰ সৈতে মিত্ৰতা কৰাৰো প্ৰস্তাৱ দিছে। কিন্তু ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশ এখনৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান হ’ল শক্তিশালী ডিজিটেল আন্তঃগাঁথনি স্থাপন কৰা। যিয়ে দূৰৱৰ্তী পিছপৰা অঞ্চলসমূহটো সেৱা আগবঢ়াব পাৰিব। মূল্যায়নৰ বাবে এই শিক্ষা নীতিয়ে এটা ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ দিছে। পৰশ শীৰ্ষক গোটেটোৱে মূল্যায়ন ব্যৱস্থাটোৰ ওপৰত নজৰ দিব। দক্ষতাৰ ভিত্তিত নম্বৰৰ পৰামৰ্শ দিছে নতুন শিক্ষা নীতি ২০২০-য়ে। শিক্ষকৰ প্ৰশিক্ষণ আৰু উপলব্ধতাৰ বাবে ডিজিটেল শিক্ষণ প্ৰক্ৰিয়াৰ সৈতে অভিযোজন কৰিবলৈ শিক্ষকসকলক ডিজিটেল ভাৱে প্ৰশিক্ষণ দিয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব এই শিক্ষা নীতি খনে। কিন্তু কেনেকৈ সফলতাৰে ৰূপায়িত হব নতুন শিক্ষা নীতি ২০২০? নতুন শিক্ষা সফলতাৰে ৰূপায়ণ কৰিবলৈ চৰকাৰে সকলো স্তৰতে কাম কৰিব লাগিব। বিশেষকৈ নিৰ্ভৰযোগ্য তথ্য ভঁৰাল নিৰ্মাণ কৰিব লাগিব। তদুপৰি স্বচ্ছ পদক্ষেপ আৰু সকলো অংশীদাৰৰ অংশগ্ৰহণৰ জৰিয়তে বিশ্বাসযোগ্যতাৰ বিকাশৰ দ্বাৰাহে এই নতুন শিক্ষা নীতি সফল হোৱাৰ সম্ভৱনা আছে। নতুন শিক্ষা নীতি কাৰ্যকৰী হলে দেশৰ শৈক্ষিক পৰিকাঠামোটোৱে নিশ্চয়কৈ এটা নতুন গতি লাভ কৰিব।