এইবাৰ নাথুৰাম গডছেৰ প্ৰতিমূৰ্তি নিৰ্মান কৰিব হিন্দু মহাসভাই ৷ ইয়াৰ বাবে হাৰিয়ানাৰ আম্বালা কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা মাটি সংগ্ৰহ কৰিছে সংগঠনটোৱে ৷ এই কাৰাগাৰতে ১৯৪৯ চনত গান্ধী হত্যাকাৰী নাথুৰাম গডছেক ফাঁচী দিয়া হৈছিল ৷সোমবাৰে নাথুৰামৰ মৃত্যু বাৰ্ষিকী পালন কৰি হিন্দু মহাসভাই এই কথা ঘোষণা কৰে ৷উত্তৰ প্ৰদেশৰ মীৰাটত নাথুৰামৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ পাছত প্ৰতিখন ৰাজ্যতেই গডছেৰ প্ৰতিমূৰ্থি স্থাপন কৰা হ’ব বুলি হিন্দু মহাসভাই সদৰী কৰিছে ৷