কথা আছিল পুত্ৰৰ জন্মদিনত ঘৰলৈ অহাৰ৷কথা আছিল পুত্ৰৰ জন্মদিনত একেলগে কেক কটাৰ৷ফোনযোগে কনমানি পুত্ৰক সেই কথা কৈছিল সুমন স্বর্গীয়াৰীয়ে৷কিন্তু আজি সুমন স্বর্গীয়াৰী ঘৰলৈ আহিব নশ্বৰ দেহ হৈ৷
শনিবাৰে মণিপুৰৰ চূড়াচান্দপুৰ জিলাৰ ইণ্ডো-ম্যানমাৰ সীমান্তত পি এল এৰ ভয়ংকৰ এম্বুছত প্ৰাণ হেৰুৱাব লগা হল বীৰ জোৱান সুমন স্বৰ্গীয়াৰীয়ে৷সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ পাছতে এতিয়া বাক্সা জিলাৰ সীমামূৰীয়া টিহুৰ থৈকাৰাকুছি কাহিবাৰীৰ ঘৰখনত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।উল্লেখনীয় যে,২০০৭ চনতে সুমন স্বৰ্গীয়াৰীৰ পিতৃ কনক স্বৰ্গীয়াৰীক নিজৰ বাসভৱনতে উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিছিল। ইয়াৰ পিছত সুমন স্বৰ্গীয়াৰীয়ে ২০১১ চনত আছাম ৰাইফলছত যোগদান কৰিছিল।কৰ্মত যোগদানৰ পাছত মাত্ৰ ৫ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল সুমন স্বৰ্গীয়াৰী৷কিছুদিন পিছতেই পুত্ৰৰ জন্মদিন৷পুত্ৰৰ জন্মদিনতেই ঘৰলৈ অহাৰ কথা আছিল সুমন স্বর্গীয়াৰীৰ৷পুত্ৰক কৈছিল একেলগে জন্মদিনৰ কেক কথাৰ কথা৷
আজি দিনৰ ভাগতে যে শ্বহীদ জোৱানগৰাকীৰ নশ্বৰ দেহ গৃহভূমিলৈ অনা হব৷মৃতদেহ বাসভৱনত উপস্থিত হোৱাৰ পাছত গৃহভূমিতে সামৰিক মৰ্যদাৰে তেওঁৰ শ্ৰদ্ধাঞ্জলি আৰু অন্তোষ্টেক্ৰিয়া সম্পন্ন কৰা হব।