নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট চিৰিজৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা কৰা হৈছে ৷ প্ৰথমখন টেষ্টত ভাৰতৰ অধিনায়ক হ’ব অজিংক ৰাহানে ৷ অৱশ্যে দ্বিতীয় টেষ্টত ফিল্ডত নামিব বিৰাট কোহলি আৰু তেৱেই দ্বিতীয় টেষ্টত দলটোক নেতৃত্ব দিব ৷ ২৫ নৱেম্বৰত কানপুৰত আৰম্ভ হ’বলগীয়া টেষ্টৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত আছে –অজিংক ৰাহানে , চেতেশ্বৰ পূজাৰা , কে এল ৰাহুল , মায়ংক আগৰৱালা , শুভমন গীল , শ্ৰেয়ছ আয়াৰ , ঋদ্ধিমান সাহা , শ্ৰীকৰ ভাৰত , ৰবীন্দ্ৰ জাদেজা , ৰবিচন্দ্ৰন অশ্বিন , জয়ন্ত যাদৱ , ইশান্ত শৰ্মা , উমেশ যাদৱ , মহম্মদ চিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণ ৷
৩ ডিচেম্বৰৰ পৰা মুম্বাইত অনুষ্ঠিত হ’ব দ্বিতীয় টেষ্ট ৷ এই টেষ্টৰ নেতৃত্ব দিব বিৰাট কোহলিয়ে