কিয় নালাগে এই ক’লা আইন?

নাগালেণ্ডৰ ঘটনাৰ পিছতেই পুনৰ উত্থাপন হৈছে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ প্ৰসংগ৷প্ৰতি মুহুত্বতে মানৱ অধিকাৰ ভুলুণ্ঠিত কৰি অহা এই আইন বাতিলৰ দাবী উত্থাপন হৈছে সর্বত্ৰ৷কিন্তু এই আইন বাতিলৰ দাবী এইবাৰেই উত্থাপন হোৱা নাই৷দেশৰ উচ্চতম ন্যায়ালয়ৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰসংঘৰ মজিয়ালৈকে উত্থাপন হৈছে এই আইনৰ জৰিয়তে মানব অধিকাৰ উলংঘনৰ৷ জানো আহক এই আইন সন্দর্ভত কোনে কি দাবী আৰু পৰামর্শ আগবঢ়াইছে ভাৰত চৰকাৰক৷
১৯৯১ চনত ৰাষ্ট্ৰ সংঘৰ মজিয়াত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন সন্দর্ভত প্ৰশ্নৰ সন্মুখীন হৈছিল ভাৰত চৰকাৰ৷ৰাষ্ট্ৰসংঘই সুধিছিল এই আইন কিমান দিনলৈ বাহাল থাকিব আৰু বাহাল থকালৈকে ৰাষ্ট্ৰসংঘই International Covenant on Civil and Political Rights ৰ ৪ নং ধাৰাটো কিদৰে বাখ্যা কৰিব৷ৰাষ্ট্ৰসংঘৰ মানব অধিকাৰ আয়ুক্ত নবনিথেম পিল্লাইয়ে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিল কৰিবলৈ ভাৰতক পৰামর্শ জনাই কয়,ভাৰতৰ ঔপনিবেশিককালীন আইনে আন্তৰাষ্ট্ৰীয় মানব অধিকাৰত আঘাত সানিছে৷
২০১২ চনত ৰাষ্ট্ৰসংঘই আফচপাই আন্তৰাষ্ট্ৰীয় মানব অধিকাৰ আইন ভংগৰ অভিযোগ তুলি ভাৰতৰ গণতন্ত্ৰত এনে আইনৰ স্থান নাই বুলি মন্তব্য কৰে৷
চাউথ এচিয়ান হিউমেন ৰাইটচ ডকুমেন্টেচন চেন্টাৰে আফচপা সন্দর্ভত কয়- এই আইনে ভাৰতৰ উত্তৰ পূর্বাঞ্চলক অধিক অশান্ত হোৱাত অৰিহনা যোগাইছে৷এই আইনে উত্তৰ পূর্বাঞ্চলৰ অধিক স্বায়ত্ত শাসনৰ দাবী আৰু মূলভূমিৰ ভাৰতৰ পৰা দিখণ্ডিত হোৱাৰ দাবী বেছিকৈ উত্থাপন হোৱাত ভূমিকা গ্ৰহন কৰিছে৷
২০১৩ চনত মনিপুৰত ৬ জন লোক এনকাউন্টৰত মৃত্যু হোৱাৰ পিছত তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ অবসৰপ্ৰাপ্ত ন্যায়াধীশ এন সন্তোষ হেগৰ নেতৃত্বত গঠন কৰি দিয়া হৈছিল এখন তদন্তকাৰী আয়োগ৷এই আয়োগৰ প্ৰতিবেদনত কোৱা হয় ,যে এনকাউন্টৰত নিহত কোনো এজন ব্যক্তিৰেই নাছিল কোনো অপৰাধমূলক কার্যৰ তথ্য৷আয়োগে প্ৰতিবেদনত কয়,যে আফচপাই অঞ্চলটোৰ শান্তি ৰক্ষাত ব্যাঘাত জন্মাইছে৷আইনৰ অপপ্ৰয়োগ হৈছে নেকি সেই সন্দর্ভত প্ৰতি ছয় মাহৰ মূৰে মূৰে পুনৰীক্ষণৰো পৰামর্শ দিয়ে এই আয়োগে৷আফচপা আইনৰ ৬ নম্বৰ অনুচ্চেদৰ ওপৰতো বিতুষ্টি দর্শাই সন্তোষ হেগ আয়োগে৷
২০০৫ চনৰ মে মাহত আন এখন প্ৰতিবেদন দাখিল কৰে ন্যায়াধীশ জীৱন ৰেড্ডী আয়োগে৷এই আয়োগেও আফচপাক ঘৃনা আৰু নৃশংসতাৰ প্ৰতীক আখ্যাৰে বাতিলৰ অনুমোদন দিয়ে৷
আফচপা বাতিলৰ আন এক অনুমোদন দিয়ে দিতীয় এডমিনিষ্ট্ৰেটিভ ৰির্ফম কমিচনে৷কমিচনৰ পাব্লিক অর্দাৰ শীর্ষক পঞ্চম প্ৰতিবেদনত আফচপা বাতিলৰ অনুমোদন দিয়ে৷
২০১২চনৰ ১৬ ডিচেম্বৰত ৰাজধানী চহৰ নতুন দিল্লীত সংঘটিত লোমহৰ্ষক নিৰ্ভয়া গণ ধৰ্ষণ ঘটনাৰ এসপ্তাহৰ পিছতে কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়লয়ৰ প্রাক্তন ন্যায়ধীশ জগদীশ চৰণ বাৰ্মাৰ নেতৃত্বত দেশত ক্রমাৎ বৃদ্ধি পোৱা যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনা আৰু ভাৰতীয় আইনৰ সন্দৰ্ভত অধ্যয়ন কৰি নিজৰ প্রতিবেদন দাখিল কৰিবলৈ তিনিজনীয়া এখন সমিতি গঠন কৰি দিয়ে।বাৰ্মা সমিতিয়ে কেন্দ্রীয় চৰকাৰক দাখিল কৰা ৬৫৭ পৃষ্ঠাৰ প্রতিবেদনত আইনৰ বিভিন্ন সংশোধনীৰ লগতে উত্তৰ পূৰ্ব্বাঞ্চলৰ পৰা AFSPAখন বাতিল কৰিবলৈও পৰামৰ্শ আগবঢ়ায়।
২০১৩চনৰ ২৩ অক্টোবৰ তাৰিখে ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ কে.জি বালাকৃষ্ণণে মনিপুৰত চৰজমিন তদন্ত কৰি ৰাজহুৱাভাৱে উথ্থাপিত হোৱা ৪৬টা ভূৱা সংঘৰ্ষ ঘটনাৰ ভিতৰত ২০টা ঘটনাৰ বাবে সেনা বাহিনীক পোনপটিয়াকৈ জগৰীয়া কৰে৷এই আয়োগে আক্রান্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ সেনা বাহিনীক নিৰ্দেশ দিয়াৰ উপৰিও ভাৰত চৰকাৰক AFSPA বাতিলৰ বাবে পৰামৰ্শ আগবঢ়ায়।

#assam_raifalnagalandthecrosscurrent
Comments (0)
Add Comment