বিগত নির্বাচনত কোন ৰাজনৈতিক দলে কিমান টকাৰ পুজি সংগ্ৰহ কৰিছিল অথবা কিমান টকা ব্যয় কৰিছিল সেই সন্দর্ভত এক প্ৰতিবেদন মুকলি কৰিছে এডিআৰে৷এডিআৰৰ তথ্য অনুসৰি বিগত বিধানসভা নির্বাচনৰ সময়ত দেশৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দল সমূহে সংগ্ৰহ কৰিছিল সর্বমুঠ ১১১৬ কোটি ৮১ লাখ টকা৷ইয়াৰ ভিতৰত সর্বাধিক পুজি সংগ্ৰহ কৰিছিল বিজেপিয়ে৷বিজেপিয়ে সংগ্ৰহ কৰিছিল সর্বমুঠ ৬১১ কোটি ৬৯ লাখ টকা৷ইয়াৰ ভিতৰত কেন্দ্ৰীয় বিজেপিয়ে সংগ্ৰহ কৰিছিল ৫৩২ কোটি ৩৫ লাখ টকা৷আনহাতে অসম বিজেপিয়ে সংগ্ৰহ কৰিছিল ২৭ কোটি ৬৮ লাখ টকা৷একেদৰে বিজেপিয়ে কেৰালাত সংগ্ৰহ কৰিছিল ৮.৬৫ কোটি টকা.তামিলনাডুত সংগ্ৰহ কৰিছিল ১৬.৩২ কোটি টকা,পশ্চিম বংগত সংগ্ৰহ কৰিছিল ২১.৫৭ কোটি টকা আৰু পুডুচেৰীত সংগ্ৰহ কৰিছিল ৫.০৯ কোটি টকা৷অর্থাৎ নির্বাচন অনুষ্ঠিত হোৱা ৰাজ্যসমূহৰ ভিতৰত বিজেপিয়ে সর্বাধিক পূজি সংগ্ৰহ কৰিছিল অসমতেই৷
আনহাতে কংগ্ৰেছ দলে এই সময়ছোৱাত সংগ্ৰহ কৰিছিল সর্বমুঠ ১৯৩.৭৭ কোটি টকা৷ইয়াৰ ভিতৰত কেন্দ্ৰীয় কার্যালয়ে সংগ্ৰহ কৰিছিল সর্বমুঠ ১৩৪.৩৮৫ কোটি টকা আৰু অসম প্ৰদেশ কংগ্ৰেছে সংগ্ৰহ কৰিছিল ১০.০২৭ কোটি টকা৷
একেদৰে নির্বাচনৰ সময়ত ১.০৪ কোটি টকা সংগ্ৰহ কৰিছিল এ আই ইউ ডি এফে আৰু ৯ লাখ টকা সংগ্ৰহ কৰিছিল অগপই৷
নির্বাচনৰ সময়ত বিশাল পৰিমানৰ পুজি সংগ্ৰহ কৰিলে ৰাজনৈতিক দলসমূহে৷কিন্তু খৰচ কৰিচলে কিমান?
একেই তথ্য অনুসৰি এই নির্বাচনত বিজেপিয়ে ব্যয় কৰিছিল সর্বমুঠ ১৬৩ কোটি ১৬ লাখ টকা৷ইয়াৰ ভিতৰত কেন্দ্ৰীয় বিজেপিয়ে ব্যয় কৰিছিল ৭২ কোটি ৯ লাখ টকা৷আনহাতে অসম ৰাজ্যিক বিজেপিয়ে নিজৰ ফালৰ পৰা ব্যয় কৰিছিল ১৯ কোটি ২১ লাখ টকা৷
একেদৰে এই নির্বাচনত কংগ্ৰেছে আটাইকেইখন ৰাজ্যৰ বাবে ব্যয় কৰিছিল সর্বমুঠ ৫৭ কোটি ২৪ লাখ টকা৷
অসমৰ ক্ষেত্ৰত এ আই ইউ ডি এফে ১ কোটি ২৯ লাখ টকা আৰু অগপই নিজৰ ফালৰ পৰা ব্যয় কৰিছিল মাত্ৰ ৪৬ হাজাৰ টকা৷সেই অনুসৰি এই নির্বাচনত ৰাজনৈতিক দল সমূহে ব্যয় কৰিছিল সর্বমুঠ ৫১৪ কোটি ৩০ লাখ টকা৷