সাধু- সন্তৰ দাবীত এইবাৰ কি আইন বাতিল কৰিলে বিজেপি চৰকাৰে ?

দেশৰ কৃষক সমাজৰ বছৰজোৰা আন্দোলনৰ পাছত কেন্দ্ৰৰ মোদী চৰকাৰে প্ৰত্যাহাৰ কৰিলে তিনিখিন বিতৰ্কিত কৃষি আইন ৷ ইয়াৰ পাছত চৰকাৰে প্ৰত্যাহাৰ কৰিছে আন এখন আইন ৷ উত্তৰাখণ্ড চৰকাৰে দেৱস্থানম বোৰ্ড এক্ট বাতিল কৰাৰ সিদ্ধান্ত লৈছে ৷ আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিঙ ধামীয়ে এক টুইটযোগে এই কথা জানিবলৈ দিয়ে ৷ তেও ঘোষণা কৰে যে জনতাৰ চেন্টিমেন্টলৈ লক্ষ্য ৰাখি আৰু সাধু সন্তসকলৰ প্ৰতি সন্মান জনাই উত্তৰাখণ্ড চৰকাৰে দেৱস্থানম বোৰ্ড এক্ট প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ৷
কিন্তু কি এই দেৱস্থানম বোৰ্ড এক্ট , সেয়া প্ৰথমতে জানি লও আহক ৷ দেৱস্থানম বোৰ্ড এক্ট উত্তৰাখণ্ড বিধানসভাত প্ৰথমতে গৃহীত হৈছিল ২০১৯ চনত ৷ তাৰ পাছত ২০২০ চনৰ ১৫ জানুৱাৰীত গঠন কৰা হয় দেৱস্থানম বোৰ্ড ৷ এই আইন অনুসৰি উত্তৰাখণ্ডৰ তিনি প্ৰধান তীৰ্থস্থান বদ্ৰীনাথ , কেডাৰনাথ , গংগোত্ৰী আৰু যমুনাত্ৰীসহ ৪৯ টা মন্দিৰক দৱস্থানম বোৰ্ডৰ আওতালৈ অনা হৈছিল ৷ চৰকাৰে বোৰ্ড গঠন কৰি এইদৰে আওপকীয়াকৈ মঠ – মন্দিৰসমূহ নিজৰ অধীনলৈ আনিছিল ৷ কিন্তু ইয়াকে লৈ সাধু সন্তসকলে প্ৰবল প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে ৷ ফেব্ৰুৱাৰী মাহৰ পৰা সাধু সন্তসকলৰ এই প্ৰতিবাদ অব্যাহত থাকে ৷ অৱশেষত ২০২১ চনৰ ১৫ আগষ্টত এই আইন তথা দেৱস্থাম বোৰ্ডক লৈ উত্তৰাখণ্ড চৰকাৰে এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়ে ৷ ২৮ নৱেম্বৰত এই সমিতিয়ে মুখ্যমন্ত্ৰীক নিজৰ প্ৰতিবেদন দাখিল কৰে ৷ তাৰ পাছতে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিঙ ধামীয়ে এই আইনখন বাতিল কৰাৰ লগতে দেৱস্থানম বোৰ্ড ভংগ কৰি দিয়ে ৷
এতিয়া প্ৰশ্ন হ’ব পাৰে যে কিয় দেৱস্থানম বোৰ্ডৰ বিৰুদ্ধে প্তিবাদমুখৰ হৈ পৰিছিল সাধু সন্তসকল ? ইয়াৰ আঁৰৰ মূল কাৰণটো হ’ল – মঠ মন্দিৰত থকা সাধু সন্তসকল শংকিত হৈ পৰিছিল যে দেৱস্থানম বোৰ্ডৰ জড়িয়তে তীৰ্থস্থানসমূহ আম্বানিৰ হাতত গতাই দিব বিচৰা হৈছে ৷ কিয়নো দেৱস্থানম বোৰ্ড গঠনৰ পাছতে ২০২০ চনৰ অক্টোবৰ মাহত মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে দেৱস্থানম বোৰ্ডলৈ ৫ কৌটি টকাৰ অনুদান আগবঢ়াইছিল ৷ তাৰ পূৰ্বেও আম্বানী পৰিয়ালে এই বোৰ্ডক দিছিল ২ কৌটি টকাৰ অনুদান ৷ কেৱল সেয়াই নহয় অনন্ত আম্বানীক দেৱস্থানম বোৰ্ডৰ সদস্য হিচাপে মনোনীত কৰা হয় ৷ ইয়াৰ পাছতেই সাধু সন্তসকলৰ সন্দেহ ঘণীভূত হৈ পৰে ৷ তেওলোকৰ মনত আশংকা জন্মে যে চৰকাৰে অতি কৌশলেৰে মঠ মন্দিৰসমূহ পৰিচালনাৰ দায়িত্ব আম্বানীৰ হাতত গতাই দিব ৷ ফলত তেওলোকৰ জীৱন জীৱিকা সংকটত পৰিব ৷ যাৰ বাবে সাধু সন্তসকলে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখে ৷ এতিয়া উত্তৰাখণ্ডৰ নিৰ্বাচন চমু চাপি অহাত সন্তসকলে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ৷ অৱশেষত উত্তৰাখণ্ড চৰকাৰে সেও মানিবলৈ বাধ্য হয় আৰু দেৱস্থানম বোৰ্ড বাতিলৰ কথা ঘোষণা কৰে ৷ কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কৃষি আইন বাতিল কৰাৰ পাছত উত্তৰাখণ্ডৰ বিজেপি চৰকাৰেও মঠ মন্দিৰক লৈ গৃহীত কৰা আইন বাতিল কৰিবলৈ বাধ্য হ’ল ৷

#devasthanam_board_actthecrosscurrent
Comments (0)
Add Comment