চেতন ভগত , অমিশ ত্ৰিপাঠী , হৰ্ষ ভোগলেৰ দৰে প্ৰখ্যাত লেখকৰ গ্ৰন্থ প্ৰকাশ কৰি অহা প্ৰকাশন প্ৰতিষ্ঠান ‘ৱেষ্টলেণ্ড বুকছ’ বন্ধ কৰিবলৈ ওলাইছে এমাজনে ৷ সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি ৱেষ্টলেণ্ডৰ কৰ্মী , লেখক , এজেন্ট আৰু বিতৰকসকলৰ সৈতে আলোচনামৰ্মে এই সিদ্ধান্ত গ্ৰহন কৰা হৈছে ৷
১৯৬২ চনত আৰম্ভ হৈছিল এই প্ৰকাশন প্ৰতিষ্ঠানটো ৷ নাম আছিল ইষ্ট ওৱেষ্ট বুকছ ৷ ২০১৭ চনত এমাজনে এই প্ৰকাশন প্ৰতিষ্ঠানটোৰ ভাৰতীয় শাখাৰ স্বত্ব ক্ৰয় কৰে ৷ ৱেষ্টলেণ্ডেই প্ৰকাশ কৰিছিল অমিশ ত্ৰিপাঠীৰ ‘শিৱা ত্ৰিল’জী’ৰ দৰে কিতাপ ৷ আজি অমিশ ত্ৰিপাঠেও ৱেষ্টলেণ্ড বন্ধ হোৱা সন্দৰ্ভত নিশ্চয়তা প্ৰদান কৰিছে ৷ ইয়াৰ পাছত ৱেষ্টলেণ্ডে প্ৰকাশ কৰা জনপ্ৰিয় গ্ৰন্থসমূহৰ ভৱিষ্যতক লৈও শংকাৰ সৃষ্টি হৈছে ৷