ইতিহাসবিদ ৰামচন্দ্ৰ গুহৰ বাবে ২০২২ চনটো কিয় গুৰুত্বপূৰ্ণ ?

ভাৰতৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত ২০২২ চনৰ অপৰিসীম গুৰুত্ব আছে ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ২০২২ চন ছেমিফাইনেলৰ বছৰ হিচাপে বিবেচিত হৈছে ৷ একেদৰে সমাজিক প্ৰেক্ষাপটতো এই বছৰটোৰ গুৰুত্ব অনেক ৷ এই সন্দৰ্ভত বিশিষ্ট ইতিহাসবিদ ৰামচন্দ্ৰ গুহৰ এটা বিশেষ নিবন্ধ প্ৰকাশ পাইছে স্ক্ৰ’ল ডট ইনত ৷
স্ক্ৰ’ল ডট ইনত প্ৰকাশ পোৱা প্ৰবন্ধটোত ৰামচন্দ্ৰ গুহই উল্লেখ কৰিছে যে ২০২২ চনটো হ’ব এটা বৰ্ষপূৰ্তিৰ বছৰ ৷ এই বছৰটো অৰবিন্দৰ ১৫০ সংখ্যক জন্মজয়ন্তীৰ বছৰ ৷অসহযোগ আন্দোলনত মহাত্মা গান্ধী গ্ৰেপ্তাৰ হোৱাৰ ১০০ বছৰ পূৰ্ণ হ’ব ২০২২ চনত ৷ ভাৰত ত্যাগ আন্দোলনৰ ৮০ বছৰ আৰু ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰীয়া জয়ন্তী পালন কৰা হ’ব ২০২২ চনতেই ৷ একেদৰে স্বাধীন ভাৰতৰ প্ৰথমটো নিৰ্বাচনৰ ৭০ বছৰীয়ে জয়ন্তীও এই বছৰতে পালন কৰা হ’ব ৷ ভাৰত –চীনৰ যুদ্ধৰো ৬০ বছৰ সম্পূৰ্ণ হ’ল ২০২২ চনত ৷ এই জয়ন্তীসমূহ নিশ্চিতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওৰ চৰকাৰে জাকজমকতাৰে উদযাপন কৰিব ৷কিন্তু এই বৰ্ষপূৰ্তি আৰু জয়ন্তীসমূহৰ উপৰিও আন এটা ঘটনাৰ ২০ বছৰ সম্পূৰ্ণ হ’ব ২০২২ চনতেই ৷ এয়া হৈছে ২০০২ চনৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত গুজৰাটত সংঘটিত ভয়ংকৰ সাম্প্ৰদায়ক সংঘৰ্ষৰ ২০ বছৰ পূৰ্ণ হ’ব অহা ফেব্ৰুৱাৰী মাহত ৷ সন্দেহ কৰা হৈছে যে এই ঘটনাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেলেণ্ডাৰত অনুল্লেখিত হৈ ৰ’ব ৷
নিবন্ধটোত ৰামচন্দ্ৰ গুহই লগতে উল্লেখ কৰে যে ২০০২ চনত গুজৰাটত মুছলমানৰ বিৰুদ্ধে সংঘটিত হিংসা আৰু তাৰ ১৮ বছৰ পূৰ্বে দিল্লীত শিখসকলৰ বিৰুদ্ধে সংঘটিত হিংসাৰ মাজত এক সাদৃশ্য আছে ৷ ১৯৮৪ ত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওৰ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পাছত হাজাৰ অধিক নিৰীহ শিখক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল ৷ এই হত্যাযজ্ঞৰ বিৰুদ্ধে একোয়েই কৰিব পৰা নাছিল সাধাৰণ শিখসকলে ৷একেদৰে ২০০২ চনত সাৱৰমতী এক্সপ্ৰেছত ৫৯ গৰাকী তীৰ্থযাত্ৰী নিহত হোৱাৰ পাছত মুছলমানসকলক যি শাস্তি দিয়া হ’ল , তাক অসহায় ভাৱে চাই ৰোৱাৰ বাহিৰে আন একোৱেই কৰিব নোৱাৰিলে নিৰীহ মুছলমানসকলে ৷ দুয়োটা ঘটনাৰ ক্ষেত্ৰতে শাসক পক্ষ আৰু তেওলোকৰ দ্বাৰা পৰিচালিত প্ৰশাসন নীৰৱ দৰ্শক হৈ ৰৈছিল আৰু হিংসাৰ সম্প্ৰসাৰণ হোৱাত অনুমতি প্ৰদান কৰিছিল ৷ শিখ গণহত্যাৰ সময়ত দিল্লীত প্ৰধানমন্ত্ৰীৰ আসনত আছিল ৰাজীৱ গান্ধী আৰু গুজৰাইৰ সাম্প্ৰদায়িক হিংসাৰ সময়ত মুখ্যমন্ত্ৰীৰ আসনত আছিল নৰেন্দ্ৰ মোদী ৷ কিন্তু এনে হিংসাৰ পাছতো দুয়োজন নেতাই নিৰ্বাচনত বিপুল সফলতা লাভ কৰিছিল ৷ গতিকে সংখ্যালঘুৰ বিৰুদ্ধে সংঘটিত দুয়োটা হিংসাত্মক ঘটনাৰ মাজত নিকট সাদৃশ্য আছে ৷
এই সাদৃশ্যৰ মাজতো দুয়োটা ঘটনাৰ মাজত আছে এক বিশাল পাৰ্থক্য ৷ ১৯৮৪ চনত শিখৰ বিৰুদ্ধে সংঘটিত হিংসাৰ পাছত ১৯৯৯ চনত কংগ্ৰেছ দলৰ সভানেত্ৰীৰ দায়িত্ব লৈছিল ছোনিয়া গান্ধীয়ে ৷ তাৰ পাছতে তেও অমৃতসৰৰ স্বৰ্ণ মন্দিৰলৈ গৈ পূৰ্বৰ ভুলৰ বাবে আনুষ্ঠানিকভাৱে ক্ষমা বিচাৰিছিল ৷তাৰ পাছত ২০০৫ চনত প্ৰধানমন্ত্ৰী মনমোহন সিঙেও শিখ সম্প্ৰদায়ৰ লগতে সমগ্ৰ দেশৰ ওচৰত ১৯৮৪ ৰ ঘটনাৰ বাবে ক্ষমা বিচাৰিছিল ৷ এইদৰে ১৯৮৪ ৰ হিংসাৰ ২০ বছৰ পাছত হ;লেও কংগ্ৰেছ দলে মুকলি ক্ষমা বিচাৰি সম্প্ৰদায়টোৰ মনৰ ক্ষোভ কিছু পৰিমানে হ’লেও শাম কটাবলৈ সক্ষম হৈছিল ৷কিন্তু গুজৰাট হিংসাৰ ২০ বছৰ পাছতো নৰেন্দ্ৰ মোদী নাইবা বিজেপিৰ মনত এই ঘটনাক লৈ কোনো অনুশোচনা , কোনো ক্ষমা বিচৰৰাৰ ভাৱ নাই ৷বৰং মুছমানসকলক ভাৰতীয় সমাজৰ পৰা একাষৰীয়া কৰাৰ কামহে চলি আছে ৷
সেইবাবেই ইতিহাসবিদ ৰামচন্দ্ৰ গুহই তেওৰ প্ৰবন্ধটোৰ শেষত উল্লেখ কৰিছে যে ২০২২ ত বিভিন্ন বাৰ্ষিকী উদযাপন কৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিহাসৰ প্ৰসংগ টানি আনি নিশ্চয় নিজৰ প্ৰচাৰ চলাব বিচাৰিব ৷ একেসময়তে তেওৰ ব্যক্তিগত দৃষ্টিকোনৰ পৰা বছৰটোৰ আটাইতকৈ ডাঙৰ বাৰ্ষিকী ,গুজৰাট গণহত্যাৰ ২০ বছৰ সম্পৰ্কে কোনো মন্তব্য নকৰাৰ সম্ভাৱনাই অধিক ৷

#ramchandra_guha#thecrosscurret
Comments (0)
Add Comment