দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে , কাবুল এৰিলে এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানে ?

তালিবানৰ ৰাজধানী চহৰ দখলৰ পাছত দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷তেও আমেৰিকালৈ ৰাওণা হোৱা বুলি খবৰ ওলাইছে ৷ তাৰ মাজতে কাবুল এৰিলে এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানেও ৷ বিমানখনত আছে ১২৯ গৰাকী যাত্ৰী ৷ দেওবাৰে তালিবানী বাহিনীয়ে কাবুল দখল কৰাৰ পাছতে ভাৰতীয় নাগৰিকক লৈ ৰাজধানী চহৰ এৰাৰ সিদ্ধান্ত লয় ভাৰত চৰকাৰে ৷ বিগত সময়ছোৱাত কাবুল আৰু দিল্লীৰ মাজত সপ্তাহত তিনিবাৰকৈ বিমানসেৱা চলিছিল ৷ কিন্তু তালিবানৰ আগ্ৰাসনৰ পাছত এই বিমান সেৱা এতিয়া অনিশ্চয়তাৰ মাজত সোমাই পৰিছে ৷ দিল্লীৰ পৰা কাবুললৈ যাবলগীয়া এখন চাৰ্টাৰ্ড বিমানৰ উৰণ আজি বাতিল কৰা হয় ৷

ইফালে , আফগানিস্তানত নতুনকৈ ক্ষমতালৈ অহা তালিবানৰ চৰকাৰক মান্যতা দিয়াক লৈ বিবুধিত পৰিছে ভাৰত ৷কাৰণ , তালিবানৰ চৰকাৰক মান্যতা দিবলৈ মুঠেও ইচ্ছুক নহয় ভাৰত ৷ সেইবাবেই আনুষ্ঠানিক স্থিতি প্ৰকাশৰ পূৰ্বে আন দেশসমূহৰ স্থিতিলৈ ভাৰতে অপেক্ষা কৰিছে ৷ কিন্‌তু শেহতীয়াকৈ বিষয়টোক লৈ আমেৰিকা আৰু ব্ৰিটেইনে শেহতীয়াকৈ নীৰৱতা অৱলম্বন কৰাৰ লগতে পাকিস্তান আৰু ৰাছিয়াই তালিবানলৈ সমৰ্থন আগবঢ়াইছে ৷ স্বাভাৱিকতে ভাৰত এনে পৰিস্থিতিত আফগানিস্তানৰ পট পৰিৱৰ্তনক লৈ দোমোজাত পৰিছে ৷

afganistanair indiaasharaf ghanikabultalibanthecrosscurrent
Comments (0)
Add Comment