ছত্ৰপতি শিৱাজী মহাৰাজক অপমান সিন্দে চৰকাৰৰ। তাৰ বিৰোধিতাৰে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ল’ব মহাৰাষ্ট্ৰ বিকাশ অগধীয়ে। উদ্ধৱ থাকৰেই এক সংবাদমেল সম্বোধন কৰি কয় “ আমি ১৭ ডিচেম্বৰত এক প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ম।জিজামাতা উদ্যানৰ পৰা আজাদ ময়দানলৈকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব।আমাৰ দাবী হ’ব মহাৰাষ্ট্ৰৰ ৰাজ্যপালক অপসাৰণ কৰা আৰু সিন্দে চৰকাৰৰ নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা।”উদ্ধৱ থাকৰেই মহাৰাষ্ট্ৰ -কৰ্ণাটকৰ সীমা সমস্যা সম্পৰ্কতো মহাৰাষ্ট্ৰৰ সিন্দে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।“ কৰ্ণাটকে আমাৰ ভূখণ্ড বিচাৰিছে,গাওঁ বিচাৰিছে আনকি জাঠো বিচাৰিছে৷তেওঁলোকে কি আমাৰ পান্দাৰপুৰ বিথুৱা আদিও আমাৰ পৰা লৈ ল’ব নেকি?আচলতে মহাৰাষ্ট্ৰত চৰকাৰ আছে নে?গুজৰাট নিৰ্বাচনৰ আগে আগে তালৈ কিছুমান ব্যৱসায় স্থানান্তৰিত কৰা হ’ল,ঠিক তেনেদৰে মহাৰাষ্ট্ৰৰ পৰাও কিছু ব্যৱসায় কৰ্ণাটকলৈ হস্তান্তৰ কৰা হ’ব নেকি”- এনেদৰে প্ৰশ্ন কৰে উদ্ধৱ থাকৰেই।”কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ মন্তব্যটো চাওক আৰু তাত বিজেপি চৰকাৰ আছে।সিন্দে মুখ্যমন্ত্ৰী হ’ল কেৱল বিজেপিৰ কাৰণেহে।কিন্তু তেওঁলোকে আমাৰ নেতাক ইতিকিং কৰিছে সেয়ে আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ”-এনেদৰে কয় থাকৰেই।কংগ্ৰেছ নেতা বালাচাহেব থ্ৰটে কয় ” তেওঁলোকে শিৱাজী মহাৰাজক অপমান কৰিছে আৰু মহাৰাষ্ট্ৰ -কৰ্ণাটক সীমা সমস্যাক লৈয়ো তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই,এই চৰকাৰৰ সকলো সদস্যই এই বিষয়ত নীৰৱতা অৱলম্বন কৰিছে।সেয়ে আমি একেলগে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিন্ধান্ত লৈছোঁ।”উল্লেখ্য যে ছত্ৰপতি শিৱাজী মহাৰাজক এজন ‘অল্ড আইকণ’ বুলি সম্বোধন কৰিছিল মহাৰাষ্ট্ৰৰ ৰাজ্যপালে।ঔৰংগবাদৰ ড° বাবাচাহেব আম্বেদকাৰ মাৰাথৱাদা বিশ্ববিদ্যালয়ত বিগত ১৯ নবেম্বৰত অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যপাল কছিয়াৰীয়ে ভাষণ প্ৰসংগত কৈছিল “ যদি তোমালোকক কোনোবাই তোমালোকৰ আদৰ্শ কোন বুলি সোধে,তোমালোকে ইমান ভাবিব নালাগে।তোমালোকে ইয়াতেই বাবা চাহেব আম্বেদকাৰৰ পৰা নীতিন গাডকাৰীলৈকে কেইবাগৰাকীও আদৰ্শ ব্যক্তিক পাবা৷ছত্ৰপতি শিৱাজী মহাৰাজ এতিয়া পুৰণি হ’ল।”
ৰাজ্যপাল গৰাকীৰ এই মন্তব্যত সমগ্ৰ মাৰাঠা জাতি ক্ষুণ্ণ হোৱাৰ লগতে বিৰোধী দল -সংগঠনসমূহো জাঙুৰ খাই উঠিছে।তদুপৰি সীমা সমস্যাক লৈ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ স্থিতিক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰিছে বিৰোধী দলবোৰে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মায়ে কয় যে তেওঁ ইতিমধ্যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক সীমান্ত সমস্যা সম্পৰ্কত ন্যায়ালয়ত যুঁজ দিয়াৰ আহ্বান জনাইছে।“আমি তেওঁলোকক মানে মহাৰাষ্ট্ৰ চৰকাৰৰ লগত যোগাযোগ কৰিছোঁ আৰু জনাইছোঁ যে এই সীমা সমস্যাই আইন শৃংখলা পৰিস্থিতিত ব্যাঘাত জন্মাব।সেয়ে আমি ন্যায়ালয়ৰ জৰিয়তে সমস্যাটোৰ সমাধান কৰা উচিত”- এনেদৰে কয় কৰ্ণাটকৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।